ETV Bharat / state

ডিফু-ধনশিৰি পথ হত্যাকাণ্ডৰ ভুক্তভোগীৰ ঘৰত উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা - Diphu murder case

ডিফু-ধনশিৰি পথ হত্যাকাণ্ডৰ ভুক্তভোগীৰ বাসগৃহত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা ৷ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা প্ৰকাশ কৰে উপায়ুক্ত গৰাকীয়ে ৷ ভুক্তভোগীৰ পৰিয়ালক যাৱতীয় আইনী প্ৰক্ৰিয়া স্বচ্ছতাৰে আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি উপায়ুক্তৰ ৷

DC VISIT DIPHU-DHANSIRI PATH MURDER CASE VICTIM HOUSE
ডিফু-ধনশিৰি পথ হত্যাকাণ্ডৰ ভুক্তভোগী ঘৰত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা
author img

By

Published : May 16, 2021, 8:32 PM IST

ডিফু, ১৭ মে : শণিবাৰে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী ডিফু-ধনশিৰি পথত দুৰ্বৃত্তৰ নিৰ্বিচাৰ গুলীচালনাত মৃত্যু হোৱা নিৰিহ যুৱক দেৱজিত সিন্হাৰ ঘৰত দেওবাৰে উপস্থিত হয় কাৰ্বি আংলঙৰ উপায়ুক্ত চন্দ্ৰধ্বজ সিন্হা ৷

ডিফু-ধনশিৰি পথ হত্যাকাণ্ডৰ ভুক্তভোগী ঘৰত জিলা উপায়ুক্ত চন্দ্ৰধ্বজ সিনহা

উপায়ুক্ত গৰাকীয়ে শীতলাবাড়ীৰ ৰে’ল আলিৰ ওচৰত থকা মৃত দেৱজিৎ সিনহাৰ বাসগৃহত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ এই সময়চোৱাত উপায়ুক্ত গৰাকীৰ সৈতে সদৌ অসম বঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি অংকিত পালো উপস্থিত থাকে ৷

জিলা উপায়ুক্ত গৰাকীয়ে এই সন্দৰ্ভত যাৱতীয় আইনী প্ৰক্ৰিয়া স্বচ্ছতাৰে আগবঢ়াই নিয়াৰ লগতে জিলা প্ৰশাসনেও সহযোগিতা আগবঢ়ােৱাৰ আশ্বাস দিয়ে বুলি সাংবাদিকক জানিবলৈ দিয়ে অংকিত পালে ৷

লগতে পঢ়ক:মাধৱদেৱ বিশ্ববিদ্যালয়ত উপস্থিত হৈ কি ক’লে শিক্ষামন্ত্ৰীয়ে?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.