ETV Bharat / state

Bi Cycle Rally: কাৰ্বি আংলঙৰ পৰ্যটন ক্ষেত্ৰ প্ৰসাৰৰ লক্ষ্যৰে চাইক্লিষ্টৰ দল - চাইক্লিষ্টৰ দল

এঘাৰজনীয়া এটা চাইক্লিষ্টৰ দল বৃহস্পতিবাৰে উপস্থিত হয় ডিফুত (Bi Cycle Rally) ৷ কাৰ্বি আংলঙৰ পৰ্যটন ক্ষেত্ৰসমূহ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে গুৱাহাটীৰ পৰা যাত্ৰা আৰম্ভ কৰি আজি দলটো উপস্থিত হয় ডিফুত ৷

Cyclists group arrived in Diphu to promote tourism sector of Karbi Anglong
গুৱাহাটীৰ এটা চাইক্লিষ্টৰ দল উপস্থিত ডিফুত
author img

By

Published : Dec 28, 2022, 9:22 PM IST

গুৱাহাটীৰ এটা চাইক্লিষ্টৰ দল উপস্থিত ডিফুত

ডিফু, ২৮ ডিচেম্বৰ: পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ পৰ্যটন ক্ষেত্ৰৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বৃহস্পতিবাৰে গুৱাহাটী পৰা এঘাৰজনীয়া এক চাইক্লিষ্টৰ দল ডিফুত উপস্থিত হয় (Bi Cycle Rally)। কাৰ্বি আংলং জিলাৰ প্ৰাক্তন উপায়ুক্ত তথা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙৰ ব্যক্তিগত উপদেষ্টা মুকুল গগৈ আৰু কাৰ্বি আংলঙৰ পৰ্যটন বিভাগে চাইক্লিষ্ট দলটোক পাহাৰীয়া জিলা সদৰ চহৰ ডিফুত উষ্ম আদৰণি জনায় (Cycle Rally Lumding to Diphu) ।

চাইক্লিষ্ট দলটোৰ নেতৃত্বত থকা গুৱাহাটীৰ সত্তৰ উর্ধৰ লাচিত কুমাৰ ডেকা নামৰ চাইক্লিষ্ট গৰাকীয়ে সাংবাদিকৰ আগত মন্তব্য কৰি কয়, "কাৰ্বি আংলঙৰ নৈসৰ্গিক প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ এখন ঠাই (Ride for Responsible Tourism) ৷ সেয়েহে কাৰ্বি আংলঙৰ বিতোপন আৰু মনোমোহা পৰ্যটন ক্ষেত্ৰসমূহ প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ উদ্দেশ্যে দ্বায়িত্বশীল পৰ্যটক হিচাপে এঘাৰজনীয়া চাইক্লিষ্ট দলটো ডিফুত উপস্থিত হৈ গৌৰৱ অনুভৱ কৰিছো ।"

চাইক্লিষ্টৰ দলটোৱে গুৱাহাটীৰ পৰা প্ৰথমে ৰে’লযোগে লামডিঙত উপস্থিত হয় (Cyclists group arrived in Diphu) ৷ তাৰ পিছত চাইকেলেৰে ডিফু লামডিং পথেৰে ডিফুত উপস্থিত হোৱা বুলি জানিবলৈ দিয়ে লাচিত কুমাৰ ডেকাই । তেওঁ লগতে কয় যে চাইকেলেৰে যাত্ৰাকালত পাহাৰীয়া জিলাখনৰ প্ৰাকৃতিক দৃশ্য আৰু আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰৰ উপভোগ কৰিব পাৰিছো । জিলাখনৰ পৰ্যটন ক্ষেত্ৰত পৰ্যটকসকলৰ সংখ্যা বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ পৰ্যটন ক্ষেত্ৰসমূহতো প্ৰাকৃতিক পৰিবৰ্তন অহাৰ লগতে সেইসমূহো বিভিন্ন উৎসৰ জৰিয়তে প্ৰদূষিত হৈ আহিছে ।

প্ৰদূষণ প্ৰতিৰোধ কৰা প্ৰতিজন নাগৰিকৰ দায়িত্ব বুলি সচেতন ৰাইজৰ মাজলৈ বাৰ্তা বহন কৰাই দলটোৰ উদ্দেশ্য আৰু লক্ষ্য বুলি উল্লেখ কৰিলে চাইক্লিষ্টগৰাকীয়ে । চাইকেলেৰে ডিফুলৈ অহাৰ কাৰণ দৰ্শাই চাইক্লিষ্টগৰাকীয়ে লগতে কয় যে, চাইকেল চলালে গোলকীয় উষ্ণতাক নিয়ন্ত্ৰণ কৰিব পাৰি । লগতে শব্দ, ধোঁৱা আদি প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি । গোলকীয় উষ্ণতা প্ৰতিৰোধ কৰি প্ৰতিগৰাকী দায়িত্বশীল ব্যক্তিয়ে ধৰণীখনৰ ভাৰসাম্য অক্ষুণ্ণ ৰাখিব লাগিব । ইয়াৰোপৰি চাইকেল চলালে ইন্ধন ৰাহি হোৱাৰ লগতে শৰীৰ নিৰোগী হয় । চাইকেল চলালে মধুমেহ ৰোগকো সহজতে নিৰাময় কৰিব পাৰে বুলি কয় চাইক্লিষ্ট গৰাকীয়ে ।

ইয়াৰোপৰিও ডিফুৰ কাছা খেলপথাৰ আৰু ষ্টেডিয়াম দৰ্শন কৰিও অভিভূত হৈ পৰে চাইক্লিষ্ট কেইগৰাকী । চাইক্লিষ্টৰ দলটোত পুৰুষ মহিলা উভয়েই আছে । দলটো জিলাখনত শিলনিৰ পৰ্যটনথলীৰ লগতে আন পৰ্যটন ক্ষেত্ৰতো যাব বুলি জানিবলৈ দিয়ে । চাইক্লিষ্ট দলটোৰ পৰা অনুপ্ৰাণিত হৈ নৱ প্ৰজন্মই পৰ্যটন ক্ষেত্ৰক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিব বুলিও তেওঁ মন্তব্য প্ৰকাশ কৰে ।

উল্লেখযোগ্য যে, পাৰ্বত্য জিলাখনৰ পৰ্যটনস্থলীসমূহলৈ নিতৌ দেশ-বিদেশৰ পৰ্যটক আহে । পৰ্যটনথলীসমূহৰ ভিতৰত শিলনী, লংভকো, কাংথিলংচ, ভেলৌঘট আদি উল্লেখযোগ্য । কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা জিলাখনৰ পৰ্যটন ক্ষেত্ৰ উন্নয়ন আৰু বিকাশৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰি আহিছে । নয়নাভিৰাম প্ৰাকৃতিক মনোৰম সৌন্দৰ্যৰে ভৰপূৰ পাৰ্বত্য জিলাখনত থকা পৰ্যটনথলীসমূহৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে স্থানীয় এন জি অ আৰু ব্যক্তিয়ে নিজৰ নিজৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: Assam Book Fair 2022: চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত কাইলৈৰ পৰা অসম গ্ৰন্থমেলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.