ডিফু, 3 জুলাই : কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ সমীপৱৰ্তী বৃহত্তৰ মাটিপুং আৰু হৰিলালবস্তিৰ ৰাইজক বৃহৎ সকাহ প্ৰদান কৰি শুকুৰবাৰৰ পৰা মুকলি হ'ল ষ্টেট বেঙ্ক অৱ ইণ্ডিয়াৰ ডিফু শাখাৰ গ্ৰাহক সেৱা কেন্দ্ৰ ৷ ডিফুৰ হৰিলালবস্তি,মাটিপুং আৰু শিৱবাৰী পথৰ সংযোগস্থল মাটিপুং তিনিআলিত বদৰুল বৰভূঁঞাৰ তত্বাৱধানত চলিব এছবিআইৰ গ্ৰাহক সেৱা কেন্দ্ৰটো ৷
শুকুৰবাৰে পুৱাৰ ভাগত ফিটা কাটি কেন্দ্ৰটোৰ শুভ উদ্ধোধনী কৰে এছবিআই ডিফু মুখ্য শাখাৰ শাখা প্ৰৱন্ধক ৰাহুল ডি শইকীয়াই ৷ গ্ৰাহক সেৱা কেন্দ্ৰটি মুকলি কৰাৰ পাচতে শইকীয়াই কয় যে, ডিফু চহৰৰ দৰে এখন ব্যস্ততম চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী এলেকাৰ বৃহৎ সংখ্যক গ্ৰাহকৰ বোজা চহৰখনত থকা দুই এছবিআই শাখাই বহন কৰাত অসুবিধা হয় ৷ সেয়ে এলেকাটোত এইখনকলৈ দুখন চিএছপি স্থাপন কৰা হৈছে ৷ এই চিএছপিৰ সহায়ত এলেকাটোৰ ৰাইজে সৰু-সুৰা লেন-দেনৰ বাবে একাউণ্ট খোলাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ জলপানীৰ বাবে চৰকাৰৰ তৰফৰ পৰা অহা ধনৰ বাবেও একাউণ্ট খুলিব পাৰিব ৷ লগতে চিএছপি সমূহত জীৱনবীমা আৰু বিভিন্ন সা-সুবিধা লাভ কৰিব পাৰিব ৷
সমাজৰ সকলো স্তৰৰ মানুহৰ মাজত বেংক সেৱা উপলব্ধ কৰোৱাই চিএছপিৰ মূল লক্ষ্য বুলি কয় প্ৰৱন্ধকজনে ৷ উদ্ধোধনী অনুষ্ঠানত ডিফু মছজিদ কমিটিৰ সাধাৰণ সম্পাদক তথা সমাজ সেৱক মজাহাৰুল ইছলাম,সমাজ সেৱক তথা শিক্ষকদ্বয় নিতাই দাস,অতুল কলিতা,সমাজ সেৱক মফজিল আলী বৰভূঁঞা আৰু কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ্চ কনষ্ট্ৰাকছন ৱৰ্কাৰ্ছ ইউনিয়নৰ সাধাৰণ সম্পাদক আচমত আলী উপস্থিত থাকে ৷
লগতে পঢ়ক : কৰিমগঞ্জত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যুৱকৰ মৃতদেহ উদ্ধাৰ