ETV Bharat / state

Culinary Arts Training Institute: ডিফুৰ ধৰমনালাত ৰন্ধন কলা প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি - ডিফুৰ ধৰমনালা

ডিফুৰ ধৰমনালাত মুকলি ৰন্ধন কলা প্ৰশিক্ষণৰ প্ৰতিষ্ঠান ৷ ডিফুৰ ধৰমনালাৰ সকলোৰে পৰিচিত যুৱক গুৰ্মিট সিঙে নিজা বাসভৱনতে স্থানীয় যুৱক-যুৱতীসকলৰ সহায়ক হোৱাকৈ মুকলি কৰিছে ৰন্ধনকলাৰ এক প্ৰতিষ্ঠান (Culinary Arts Training Institute at Diphu) ৷

Culinary Arts Training Institute at Diphu
ডিফুৰ ধৰমনালাত মুকলি ৰন্ধন কলা প্ৰশিক্ষণ প্ৰতিষ্ঠান
author img

By

Published : May 20, 2023, 9:24 PM IST

ৰন্ধন কলা প্ৰশিক্ষণ প্ৰতিষ্ঠান মুকলি

ডিফু, 20 মে': কাৰ্বি-আংলং জিলাত নিবনুৱা যুৱক-যুৱতী সকলক সংস্থাপনৰ উদ্দেশ্যে তুলিৰাম ৰংহাঙ নেতৃত্বাধীন কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদে বিভিন্ন পদক্ষেপ লৈ থকাৰ সময়তে ডিফুৰ ধৰমনালাৰ এগৰাকী উদীয়মান যুৱকে দক্ষতা বিকাশৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ বাবে হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ ৷ ডিফুৰ ধৰমনালাৰ সকলোৰে পৰিচিত যুৱক গুৰ্মিট সিঙে গুৱাহাটীৰ পৰা দক্ষতা বিকাশ প্ৰতিষ্ঠানত ৰন্ধন কলাৰ বিষয়ত মাষ্টাৰ চেফ অমিতাভ দত্তৰ তত্বাৱধনাত ডিপ্লমালৈ ধৰমনালাৰ নিজা বাসভৱনতে স্থানীয় যুৱক-যুৱতীসকলৰ সহায়ক হোৱাকৈ মুকলি কৰিছে ৰন্ধনকলাৰ এক প্ৰতিষ্ঠান (Culinary Arts Training Institute at Diphu) ৷

গুৱাহাটীৰ মাষ্টাৰ চেফ অমিতাভ দত্তৰ উপস্থিতিত অমিতাভ দত্ত আৰু গুৰ্মিট সিঙৰ সহ ধৰ্মিনীদ্বয় ক্ৰমে শৰ্মিষ্ঠা দত্ত আৰু মনমিত কৌৰে ফিটা কাটি প্ৰতিষ্ঠানখনৰ শুভ উদ্ধোধন কৰে ৷ প্ৰতিষ্ঠানখনৰ কৰ্তৃপক্ষই কেনেদৰে প্ৰতিষ্ঠানখনত যুৱক-যুৱতীসকলক ৰন্ধনকলাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰিব তাৰ ওপৰতো এক ব্যৱহাৰিক দিশ প্ৰদৰ্শন কৰে (Culinary Arts Training Institute Inaugurate) ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মাষ্টাৰ চেফ অমিতাভ দত্তই কয় যে, তেওঁৰ ছাত্ৰ গুৰ্মিট সিঙে ডিফুত নিবনুৱা যুৱক-যুৱতীসকলৰ দক্ষতা বিকাশৰ বাবে ধনৰ অপচয় নকৰাকৈ ডিফুতে ৰন্ধন কলাৰ ওপৰত জ্ঞান আহৰণ কৰিবলৈ প্ৰতিষ্ঠান মুকলি কৰাত তেওঁ গৌৰাৱান্বিত ৷ 6 মহীয়া এডভান্স পাঠ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে ৰন্ধনকলা সন্দৰ্ভত ডিপ্লমা লাভ কৰি স্বনিৰ্ভৰশীল হৈ বিভিন্ন পঞ্চ তাৰাকাযুক্ত হোটেল , ৰেষ্টুৰেণ্ট আদিত সংস্থাপন লাভ কৰি নিশ্চিতভাৱে কেৰিয়াৰ গঢ়ি তুলিব পাৰিব বুলি তেওঁ কয় ৷ লগতে এই প্ৰতিষ্ঠানত দেশ-বিদেশৰ বিভিন্ন ৰন্ধন কৌশল প্ৰশিক্ষাৰ্থীসকলে আয়ত্ব কৰিব পাৰিব বুলি কয় মাষ্টাৰ চেফ অমিতাভ দত্তই (Culinary Arts Training Institute) ৷

আনহাতে ডিফুৰ 'অনলি চেফ' শীৰ্ষক ৰন্ধনকলাৰ প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী গুৰ্মিট সিঙে সাংবাদিকৰ আগত নিজৰ মত ব্যক্ত কৰি কয় যে, তেওঁ নিজে ৰন্ধন কলাৰ ওপৰত লাভ কৰা অভিজ্ঞতা আৰু অনুভৱখিনি সমল হিচাবে লৈ ডিফুৰ নিবনুৱা যুৱক-যুৱতীসকলৰ হিতাৰ্থে ডিফুত এই প্ৰতিষ্ঠান মুকলি কৰিছে ৷ কম ব্যয়তে এই প্ৰতিষ্ঠানখনত স্থানীয় যুৱক-যুৱতীসকলে ৰন্ধনকলাৰ জ্ঞান আহৰণ কৰি দক্ষতা বিকাশৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ কয় ৷

লগতে পঢ়ক: State BJPs executive meeting:কলাক্ষেত্রত আৰম্ভ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.