ডিফু,২৯ ডিচেম্বৰ: কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ কার্যকৰী কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি চলি আছে তীব্ৰ আন্দোলন ৷ বিতৰ্কিত এই আইন কেইখন বাতিল কৰাৰ দাবীত কাৰ্বি আংলঙৰ সদৰ চহৰ ডিফুত চিপিআই (এমএল) দলে পালন কৰে ধৰ্ণা কাৰ্যসূচী ৷ দলটোৰ বহুসংখ্যক নেতা-কর্মীয়ে মঙলবাৰে ডিফুৰ চেমচনছিং ইংতি স্মৃতি উদ্যানত দলীয় পতাকা লৈ বিভিন্ন শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ উক্ত প্ৰতিবাদী কার্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা ৰবি কুমাৰ ফাংছয়ে কৃষি আইন কেইখনক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ চৰকাৰে কৃষক সংগঠনসমূহক বাৰে বাৰে আলোচনালৈ আমন্ত্ৰণ জনোৱাৰ পিছতো আইনকেইখন বাতিল কৰিবলৈ মান্তি নোহোৱা কাৰ্যক কঠোৰভাৱে সমালোচনা কৰে ফাংছয়ে ৷
আনহাতে, কৃষক সংগঠন আৰু চৰকাৰৰ মাজত আলোচনা ব্যর্থ হলে পৰৱৰ্তী সময়ত চিপিআই (এমএল) ৰ লগতে ডিফুৰ অন্যান্য দলসমূহে গ্ৰহণ কৰিব জংগী আন্দোলনৰ কাৰ্যসূচী ৷
লগতে চাওকঃ শিৱসাগৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে