ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত আৰম্ভ হ'ল নেকি কৰ’ণাৰ গণ সংক্ৰমণ - gmn nurse

ৰাজ্যত দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কৰ’ণা আক্ৰান্তৰ সংখ্যা । সমান্তৰালকৈ ডিমা হাচাও জিলাটো বাঢ়িছে কৰ’ণা আক্ৰান্তৰ সংখ্যা । এনে পৰিস্থিতিৰ পৰিপেক্ষিতত ডিমা হাচাও জিলাত শনিবাৰৰ পৰা দুসপ্তাহ জোৰা লক্ ডাউন ঘোষণা কৰাৰ সময়তে আন এখন পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙতো গণ সংক্ৰমণৰ আশংকা অধিক ঘনীভূত হৈছে ।

covid community spread in karbi anglong
পশ্চিম কাৰ্বি আংলঙত আৰম্ভ হ'ল নেকি ক'ৰণাৰ গণ সংক্ৰমণ
author img

By

Published : Jul 5, 2020, 12:35 AM IST

ডিফু, ৪ জুলাই: ৰাজ্যখনত কৰ’ণা আক্ৰান্তৰ সংখ্যা দৈনিক উদ্বেগজনকভাৱে বৃদ্ধি পাইছে । সমান্তৰালকৈ ডিমা হাচাও জিলাটো বাঢ়িছে কৰ’ণা আক্ৰান্তৰ সংখ্যা । এনে পৰিস্থিতিৰ পৰিপেক্ষিতত ডিমা হাচাও জিলাত শনিবাৰৰ পৰা দুসপ্তাহ জোৰা লক্ ডাউন ঘোষণা কৰাৰ সময়তে আন এখন পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙতো গণ সংক্ৰমণৰ আশংকা অধিক ঘনীভূত হৈছে ।

ইতিমধ্যে জিলাখনৰ খেৰণি এলেকাত দুগৰাকীকৈ স্বাস্থ্যকৰ্মী কৰ’ণাত আক্ৰান্ত হৈ চিকিৎসাধীন হ'ব লগা হৈছে । ইয়াৰে জিলাখনৰ মেনমিজি এলেকাৰ শিলডুবিৰ ৰিংকু সিং (২৪) নামৰ এগৰাকী জি এন এম নাৰ্ছ আৰু আনগৰাকী খেৰণিৰ দিখ্ৰেঙৰ আশা কৰ্মী অঞ্জলী তিমুংপী (৩২) । ক'ভিড-১৯ পজিটিভ বুলি চিনাক্ত হোৱা ৰিংকু সিং নামৰ নাৰ্ছগৰাকী মাইলু স্বাস্থ্যকেন্দ্ৰত কৰ্মৰত হৈ আছিল । আনগৰাকী ক'ভিড -১৯ পজিটিভ পোৱা আশা কৰ্মী অঞ্জলী তিমুংপী খেৰণি মডেল হাস্পতালত কৰ্মৰত হৈ আছিল । দুয়োগৰাকী স্বাস্থ্যকৰ্মীৰ দেহত ক'ভিড -১৯ পজিটিভৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছতে শুকুৰবাৰে দুয়োকে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ক'ভিড ৱাৰ্ডত ভৰ্তি কৰোৱা হয় ।

উল্লেখযোগ্য যে তিনিমাহ পূৰ্বে মুম্বাইৰ পৰা খেৰণিৰ নৱাই বিলস্থিত নিজ বাসগৃহলৈ অহা মুন্না চৌহান নামৰ যুবকজন কৰ’ণাত আক্ৰান্ত হৈছিল । ইয়াৰ পাছতে খেৰণিৰ মাইলু এলেকাৰে কোনো ভ্ৰমণ বৃত্তান্ত নোহোৱা দুজন লোকো কৰ’ণাত আক্ৰান্ত হৈছিল । এই লৈ সমগ্ৰ এলেকাটোৰ জনসাৰণৰ মাজত ইতিমধ্যে আতংকই বিৰাজ কৰি আছে ।

লক্ষণীয় যে, শুকুৰবাৰে কৰ’ণাত আক্ৰান্ত হোৱা স্বাস্থ্য কৰ্মী দুগৰাকী বিগত সময়ছোৱাত কোনো ভ্ৰমণ বৃত্তান্ত নথকাৰ লগতে কোনো কৰ’ণা আক্ৰান্ত ৰোগীৰ সংস্পৰ্শলৈকো অহা নাছিল । তেনেস্থলত দুটা সুকীয়া স্থানত কৰ্মৰত স্বাস্থ্য কৰ্মী দুগৰাকীৰ দেহলৈ অন্য কোনো অজ্ঞাত উৎসৰ পৰা কৰ’ণাৰ ভাইৰাছ সংক্ৰমণ হোৱাৰ আশংকা কৰা হৈছে । এনে পৰিস্থিতিত জিলাখনত আগন্তুক দিনত কৰ’ণাৰ সংক্ৰমণে জটিল ৰূপ ধাৰণ কৰাৰো সন্দেহ কৰিছে সচেতন মহলে ।

লগতে চাওক-আৰক্ষীৰ জালত ড্ৰাগছ সহ মহিলা সৰবৰাহকাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.