ETV Bharat / state

কাৰ্বি আংলঙত বিজেপিৰ অশ্বমেধৰ ঘোঁৰা বান্ধিব কংগ্ৰেছে : সভাপতি ভূপেন বৰা - বনজ সম্পদৰ অবাধ লুণ্ঠন

বিজেপিৰ অশ্বমেধৰ ঘোঁৰা বান্ধিবলৈ সাঁজু হৈছে কংগ্ৰেছ (congress to stop bjp in karbianglang ) ৷ কাৰ্বি আংলঙত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ তাৎপৰ্যপূৰ্ণ বক্তব্য ৷

congress-to-stop-bjp-in-karbianglang-demands-apcc-president
কাৰ্বি আংলঙত বিজেপিৰ অশ্বমেধৰ ঘোঁৰা বান্ধিব কংগ্ৰেছে : সভাপতি ভূপেন বৰা
author img

By

Published : Mar 22, 2022, 8:54 PM IST

ডিফু, ২২ মাৰ্চ : কাৰ্বি আংলঙত বিজেপিৰ অশ্বমেধৰ ঘোঁৰাক বান্ধিব জিলা কংগ্ৰেছে ৷ এই তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাৰ (APCC president Bhupen Borah) ৷ আজি ডিফুত জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহণ কৰাৰ পিছত আয়োজন কৰা এক সংবাদমেলত ভূপেন বৰাই কয়, বিজেপিৰ শাসনকালত পাৰ্বত্য জিলাখনত শিল, বালি, আদি খনিজ সম্পদৰ লগতে বনজ সম্পদতো যি দৰে অবাধ লুণ্ঠন চলিছে ইয়াৰ বিৰুদ্ধে কংগ্ৰেছে অনাগত দিনত বৃহৎ গণ আন্দোলন গঢ়ি তুলিব ৷

কাৰ্বি আংলঙত বিজেপিৰ অশ্বমেধৰ ঘোঁৰা বান্ধিব কংগ্ৰেছে : সভাপতি ভূপেন বৰা

লগতে দীৰ্ঘ দিনৰ পৰাই কেৱল লুণ্ঠনৰ স্বাৰ্থতে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মানৰ কাম ব্যাহত হৈ আছে বুলি অভিযোগ কৰে ৷ তিনি পাৰ্বত্য জিলাত কংগ্ৰেছৰ সাংগঠনিক কাম-কাজ চলাই নিবৰ বাবে তিনিখন পাৰ্বত্য জিলাৰ সভাপতি সকলক লগত লৈ খৰছিং ইংতিক অধ্যক্ষ আৰু নিৰ্মল লাংথাছাক আহ্বায়ক হিচাপে লৈ এখনি সমন্বৰক্ষী সমিতি গঠন কৰি সদস্য ভৰ্তিৰ লগতে নিৰ্বাচনী তৎপৰতাৰ বাবে কাম কৰি যাব বুলি কয় ৷

ৰাজ্য সভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰিপুন বৰাৰ সমৰ্থনত ভূপেন বৰাই কয় যে ৪৩ গৰাকী বিধায়কে ৰিপুণ বৰাৰ লগত থাকি মনোনয়ন পত্ৰত স্বাক্ষৰ কৰি মনোনয়ন দাখিল কৰাৰ পিছত কোনো সন্দেহ থাকিব নোৱাৰে ৷ ৰিপুণ বৰাৰ সৈতে ৪৩ গৰাকী বিধায়ক থকাৰ পিছত বিজেপি হতাশগ্ৰস্থতাত ভুগিছে ৷ আনহাতে আজিৰ জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত উপস্থিত থকাৰ পিছত দলীয় কৰ্মকৰ্তাৰ ভাষণ শুনি বিজেপিৰ সাতবছৰীয়া অশ্বমেধৰ ঘোঁৰা বান্ধিব পাৰিব বুলি আশা ব্যক্ত কৰে সভাপতি গৰাকীয়ে ৷

লগতে পঢ়ক : ১২৫ বছৰীয়া যোগগুৰুৱে গ্ৰহণ কৰিলে পদ্মশ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.