ডিফু, 6 জুন: কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে আজি কংগ্ৰেছে মুকলি কৰে দলীয় ইস্তাহাৰ ৷ 8 জুনত অনুষ্ঠিত হ'ব কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন ৷ নিৰ্বাচনৰ পূৰ্বে আজি ডিফুস্থিত জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি জিলা কংগ্ৰেছৰ সভাপতি ছুম' ৰংহাঙে দলীয় ইস্তাহাৰখন প্ৰকাশ কৰে (Congress district president Sumo Ronghang release manifesto) ।
ইস্তাহাৰত কংগ্ৰেছে বহুকেইটা প্ৰতিশ্ৰুতি উল্লেখ কৰে ৷ সীমা সমস্যাৰ সমাধান, ডিফুৰ চিভিল হাস্পতাল পুনৰ কাৰ্য্যক্ষম কৰা, বিশুদ্ধ খোৱা পানীৰ যোগান, গাঁওসমূহত ৰাস্তা নিৰ্মাণ, ক'ল্ড ষ্টৰেজ নিৰ্মাণ, যাতায়তৰ ব্যৱস্থা সুচল কৰা, মেডিকেল আৰু ভেটেনেৰী বিভাগক প্ৰাথমিকতা প্ৰদান কৰা, শিল, বালি, কয়লাৰ লুন্ঠন বন্ধ কৰা, ফুটপাথ আৰু খোৱা পানীৰ ব্যৱস্থা কৰা, পশ্চিম কাৰ্বি আংলং জিলা ভিত্তিত বিভাগীয় কাৰ্যালয় স্থাপন কৰাকে ধৰি বহুকেইটা প্ৰতিশ্ৰুতি দাঙি ধৰা হৈছে ইস্তাহাৰখনত ৷
ইয়াৰোপৰি ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত অনুচ্ছেদ ২৪৪(ক) ৰূপায়ন, ষষ্ঠ অনুসূচীৰ ক্ষমতা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সম্প্ৰসাৰণ আদি সন্দৰ্ভতো কংগ্ৰেছে ইস্তাহাৰত নিজৰ স্থিতি স্পষ্ট কৰে ৷
লগতে পঢ়ক: চাহ খেতি কৰা অসমৰ একমাত্ৰ মহাবিদ্যালয়খন