ডিফু, 28 জুলাই : অসম-মিজোৰাম সীমা সংঘাতৰ (Assam-Mizoram Border Conflict) পিছতেই এইবাৰ কাৰ্বি আংলং জিলা (Karbi Anglong District)ৰ সীমান্তত থকা অসম- নাগালেণ্ড (Assam-Nagaland Border) আৰু অসম-মেঘালয়ৰ সীমাক (Assa-Meghalaya Border) লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নেতৃত্বই ৷ অসমৰ সীমামূৰীয়া ৰাজ্য মিজোৰামৰ সৈতে সংঘটিত হোৱা সীমা সংঘাতৰ পৰিণতিত সোমবাৰে মিজো আৰক্ষীৰ গুলিত 5 গৰাকী অসম আৰক্ষী (Assam Police)ৰ লোক নিহত হয় ৷
উক্ত ঘটনাটোৰ বাবে দেশজুৰি উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হৈছে ৷ তেনে সময়তে কাৰ্বি আংলং জিলাৰ গাতে লাগি থকা নাগালেণ্ড আৰু মেঘালয়ৰ সীমান্তকলৈও সতৰ্ক হ'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarme)ক আহ্বান জনাইছে অসম প্ৰদেশ কংগ্ৰেছ (Assam State Congress Committee)ৰ মুখপাত্ৰ ডাঃ মংবে' ৰংপিয়ে ৷ মঙলবাৰে ডিফুত এক সংবাদমেল (Press meet) সম্বোধন কৰি কংগ্ৰেছ নেতা গৰাকীয়ে কয় যে, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখন নাগালেণ্ড আৰু মেঘালয়ৰ সৈতে সংলগ্ন হৈ আছে ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আগন্তুক দিনত যাতে কোনো কাৰণতে এই জিলা দুখনৰ সীমান্ত এলেকাত মিজোৰাম সদৃশ পৰিস্থিতিৰ সূচনা নহয় তাৰ বাবে শীঘ্ৰেই মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷
লগতে পঢ়ক-মিজোৰাম সীমান্তত শ্বহীদ নাজমূল হকৰ বাসগৃহত শোকাকুল পৰিৱেশ
অসম-মিজোৰাম সীমান্তত হোৱা সংঘৰ্ষৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে ডাঃ ৰংপিয়ে ৷ মিজোৰামতো বৰ্তমান বিজেপি চৰকাৰ চলি আছে ৷ তাৰোপৰি মিজোৰামৰ মুখ্যমন্ত্ৰীগৰাকী এজন নেডাৰ (NEDA)ৰ সদস্য ৷
একে দলৰে চৰকাৰ থকাৰ লগতে নেডাৰ অন্তৰ্ভূক্ত চৰকাৰ দুয়োখনৰ ৰাজ্যৰ মাজত হোৱা এনে বৰ্বৰ আক্ৰমনৰ ঘটনাত গভীৰ আশ্বৰ্য প্ৰকাশ কৰে কংগ্ৰেছ দলে ৷ তাৰোপৰি উক্ত ঘটনাটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈও মুখ্যমন্ত্ৰীক দাবী জনাইছে কংগ্ৰেছ দলে ৷ এই ঘটনাত জড়িত দোষীয়ে যাতে কঠোৰ শাস্তি পায় তাৰবাবেও উপযুক্ত পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে কংগ্ৰেছে ৷ মিজো আৰক্ষীৰ গুলিত নিহত আৰক্ষী জোৱান সকললৈ শ্ৰদ্ধাঞ্জলী জনোৱাৰ লগতে শোক-সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে ৷
লগতে পঢ়ক-প্ৰয়োজনত প্ৰাণ দিব, কিন্তু ভূমি নিদিয়ে : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা