ডিফু, ৭ জানুৱাৰীঃ ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ উদ্যোগত তাৰালাংছ’ত সম্পন্ন হয় পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতা ৷ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনৰ মঙলবাৰে সামৰণি পৰে ৷
ক্ৰীড়া প্ৰতিযোগিতাখনত কাৰ্বিসকলৰ পৰম্পৰাগত খেলসমূহৰ আয়োজন কৰা হয় ৷ ভাৰতীয় সেনাৰ ৰেডহৰ্ণ ডিভিজনৰ চিণ্ডিথ ব্ৰিগেডৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত সহযোগ আগবঢ়ায় কাৰ্বি আৰ্ট এণ্ড কালচাৰেল ছ’চাইটিয়ে ৷
উক্ত প্ৰতিযোগিতাত 6টাকৈ ক্লাৱে অংশগ্ৰহণ কৰে ৷ কাৰ্বি পৰম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰ ইভেণ্টসমূহ হৈছে ক্ৰমে, হাম্বি কেপাথু,কেংডং দাংকে,কাপ,লাংপুম চক্ চন্ আৰু বাথেলি কে আপ আদি ৷
ইয়াৰোপৰি ক্ৰীড়া প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰাক্তন সৈনিক ৰেলীৰ ব্যৱস্থা কৰি বীৰ সৈনিকৰ লগতে বীৰাংগনাসকললৈ সন্মান জ্ঞাপন কৰা হয় ৷ উক্ত অনুষ্ঠানত সেনাবাহিনীৰ তৰফৰ পৰা বিভিন্ন ষ্ট’ল আদি স্থাপন কৰা হয় ৷
লগতে সেনা আৰু জিলা হাস্পতালৰ চিকিৎসকসকলৰ সহযোগত এক স্বাস্থ্য শিবিৰো অনুষ্ঠিত কৰা হয় ৷ জিলা উপায়ুক্ত মুকুল কুমাৰ শইকীয়াই বিজয়ী আৰু বিজেতাসকললৈ পুৰষ্কাৰ হিচাপে ট্ৰফী, পদক, নগদ ধন প্ৰদান কৰে ৷
ইয়াৰোপৰি উপস্থিত বীৰংগনা আৰু যুদ্ধক্ষেত্ৰত বিকলাংগ হোৱা সৈনিকসকলক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ সেনাৰ তৰফৰ পৰা জানিবলৈ দিয়া অনুসৰি,কাৰ্বি পৰাম্পৰাগত ক্ৰীড়া প্ৰতিযোগিতাৰ লক্ষ্য হৈছে কাৰ্বি পৰাম্পৰাগত লোক কৃষ্টি-সংস্কৃতিক লোক সমাজত প্ৰতিষ্ঠা কৰাৰ লগতে সেনাৰ সৈতে ৰাইজৰ সমন্বয় গঢ়ি তোলা ৷ সেনাৰ এই উদ্যোগক সচেতন মহলে উচ্চ প্ৰশংসা কৰিছে ৷