ETV Bharat / state

Diphu Summer Camp: ডিফুত স্বপ্নলোকৰ নৱম বৰ্ষপুৰ্তি উদযাপন - ডিফুত স্বপ্নলোকৰ নৱম বৰ্ষপুৰ্তি উদযাপন

ডিফু চৰকাৰী বালিকা মহাবিদ্যালয়ত গ্ৰীষ্মকালীন শিৱিৰ সম্পন্ন । কবিতা আবৃত্তি,নৃত্য-গীত ,ছবি অঁকা, সাধু কোৱা আদি প্ৰতিযোগিতাত অংশ গ্ৰহণ অৰ্ধশতাধিকৰ ।

Summer Camp in Diphu
ডিফু চৰকাৰী বালিকা মহাবিদ্যালয়
author img

By

Published : Jul 22, 2023, 3:14 PM IST

ডিফু চৰকাৰী বালিকা মহাবিদ্যালয়

ডিফু, ২২ জুলাই: জীৱনৰ সোণোৱালী সময়তে দৃষ্টিহীন হোৱা ডিফুৰ জীয়ৰী নিবেদিতা ঘোষে বুকুত অযুত সপোন আৰু অফুৰন্ত আশা লৈ সমাজৰ সুবিধা বঞ্চিত, দৰিদ্ৰ নিষ্পেষিত শিশু তথা মানুহৰ বাবে জন্ম দিছিল স্বপ্নলোক নামৰ এক স্বেচ্ছাসেৱী সংগঠন ৷ চাওঁতে চাওঁতে এই স্বপ্নলোক নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অহা ২৩ জুলাইত নৱম বৰ্ষপূৰ্তি সম্পূৰ্ণ কৰিব ৷ এই উপলক্ষে যোৱা ১৫ জুলাইৰ পৰা ডিফু চৰকাৰী বালিকা মহাবিদ্যালয়ত স্বপ্নলোকৰ স্বত্বাধিকাৰী নিবেদিতা ঘোষৰ তত্বাৱধনাত গ্ৰীষ্মকালীন শিৱিৰৰ আয়োজন কৰা হয় ।

এই শিৱিৰত বিভিন্ন বিদ্যালয়ৰ ষাঠিৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে কবিতা আবৃত্তি,নৃত্য-গীত ,ছবি অঁকা, সাধু কোৱা আদি প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি পাৰদৰ্শিতা দেখুৱায় ৷ আনহাতে, কালি পুৱাৰে পৰা ডিফু বালিকা মহাবিদ্যালয় প্ৰাংগনত গ্ৰীষ্মকালীন শিৱিৰত অংশ গ্ৰহণ কৰা কণ কণ শিশু সকলৰ কলৰৱৰ মাজত এক অন্তৰংগ মত-বিনিময় অনুষ্ঠানত উপস্থিত থাকে ডিফুৰ কেইবাগৰাকীমান বিশিষ্ট ব্যক্তি ৷

সাহিত্যিক তথা সমাজকৰ্মী ৰঞ্জিত কুমাৰ সেন, শিক্ষাবিদ শুধাংশু ৰঞ্জন দেৱ, দেৱেন কাকতি, ডিফু কলা কেন্দ্ৰৰ সম্পাদক দিলীপ দাস, শিক্ষাবিদ সত্য প্ৰদীপ বৰদলৈ, ডিফু কলা কেন্দ্ৰৰ সভাপতি মুকুল চন্দ্ৰ বৰুৱা, জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰুৱা, সমাজকৰ্মী মাণিক ভাৱেল, সাৱিত্ৰী সুৰ,কণ্ঠশিল্পী শশীকলা হাঞ্চেপী আৰু কুইন হাজৰিকা আৰু জ্যেষ্ঠ ব্যক্তিসকলে শিশু সকলৰ সৈতে হোৱা অন্তৰংগ মত-বিনিময় পৰ্বত নিজৰ জীৱনৰ অভিজ্ঞতাবোৰ উল্লেখ কৰাৰ লগতে শিক্ষা, সমাজ,পৰিৱেশ সচেতনতা, নৈতিকতা আৰু আধুনিকতা সন্দৰ্ভত মনোজ্ঞ ভাষণ প্ৰদান কৰে ৷

কণ্ঠ শিল্পীদ্বয় শশীকলা হাঞ্চেপী আৰু কুইন হাজৰিকাই গীত পৰিৱেশন কৰি আমেজ দিয়াৰ লগতে মত-বিনিময়ৰ মাজে মাজে কণ কণ শিশু সকলেও কবিতা আবৃত্তি, নৃত্য-গীত পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে ৷ এই সন্দৰ্ভত স্বপ্নলোকৰ স্বত্বাধিকাৰী নিবেদিতা ঘোষে কয় ,"স্বপ্নলোক সমাজৰ সুবিধা বঞ্চিত শিশু আৰু মানুহৰ বাবে প্ৰতিষ্ঠিত এক বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন ৷ সম্পূৰ্ণ বিনামূলীয়াকৈ শিশুসকলক গ্ৰীষ্মকালীন শিৱিৰত বিভিন্ন বিষয়ত প্ৰশিক্ষণ প্ৰদান কৰা হৈছে ।" এই কাৰ্যত বিভিন্নজনে সহায়-সহযোগিতা আগবঢ়াইছে বুলি কয় নিবেদিতাই ৷

কালি অনুষ্ঠিত জ্যেষ্ঠসকলৰ সৈতে হোৱা মত-বিনিময়ৰ জৰিয়তে এক সেঁতু গঢ়ি জ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু শিশু সকলৰ অদম্য হেপাহৰ এক সুন্দৰ আৰু সুস্থ সমাজ গঢ় দিয়াৰ চেষ্টা কৰা হৈছে ৷ অহা ২৩ জুলাই ডিফু ক্লাৱত'সংস্কৃতি সমন্বয়'ক থীম হিচাপে লৈ সাংস্কৃতিক সন্ধিৰে নৱম বৰ্ষপূৰ্তিৰ সফল সামৰণি পৰিব বুলি কয় নিবেদিতা ঘোষে ৷

লগতে পঢ়ক:Delhi Flood Update: দিল্লীত বিপদসীমাৰ তললৈ যমুনা নদীৰ জলস্তৰ; এতিয়াও পানীৰ তলত বহু অঞ্চল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.