ETV Bharat / state

ডিফুত ৰাজ সাহাৰ্যৰ ভিত্তিত হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ বিতৰণ - কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদ

ডিফুত ৰাজ সাহাৰ্যৰ ভিত্তিত সোমবাৰে হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ বিতৰণ ৷ কৃষকসকলৰ সহায়ত কাৰ্বি আংলঙক অধিক সেউজীয়া কৰাৰ সিদ্ধান্ত গ্ৰহণ সাংসদ হৰেণছিং বে'ৰ ৷ প্ৰতিজন খেতিয়কে ৰাজ সাহাৰ্যৰ ভিত্তিত ট্ৰেক্টৰ, পাৱাৰ টিলাৰৰ বাবে আবেদন কৰিব পাৰে ৷ এই কথা সদৰী কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

ডিফুত ৰাজ সাহাৰ্যৰ ভিত্তিত হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ বিতৰণ

author img

By

Published : May 19, 2020, 12:56 PM IST

ডিফু, 18 মে’: ডিফুৰ কাৰ্বি আংলং সংমণ্ডলৰ কৃষি বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ চৌহদত সোমবাৰে ২০১৯-২০ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ আনুষ্ঠানিক ট্ৰেক্টৰ বিতৰণ অনুষ্ঠানত অনুষ্ঠিত কৰি খেতিয়কসকলৰ বিভিন্ন আত্ম সহায়ক গোটৰ নিৰ্বাচিত ৫৭ গৰাকী হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰসমূহ বিতৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকে সাংসদ হৰেণছিং বে'ৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কৃষি বিভাগৰ কাৰ্যবাহী সদস্য অমৰছিং তিছ' ৷

ডিফুত ৰাজ সাহাৰ্যৰ ভিত্তিত হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ বিতৰণ
ডিফুত ৰাজ সাহাৰ্যৰ ভিত্তিত হিতাধিকাৰীৰ মাজত ট্ৰেক্টৰ বিতৰণ

উল্লেখ্য যে, সোমবাৰে ১০ গৰাকী হিতাধিকাৰীক ট্ৰেক্টৰ বিতৰণ কৰা হয় আৰু বাকীবোৰক পৰ্যায়ক্ৰমে বিতৰণ কৰা হ’ব ৷ ৰাজ সাহাৰ্যযুক্ত ট্ৰেক্টৰৰ বাবে কাৰ্বি আংলঙত ৪২৪ খন ৰাজহ গাঁৱৰ ভিতৰত ১২২ খনে অনুমোদন পোৱাৰ বিপৰীতে পশ্চিম কাৰ্বি আংলঙত ৩২৯ খন গাঁৱৰ ভিতৰত ১০৭ খনে অনুমোদন লাভ কৰা বুলি জিলা কৃষি বিষয়াই জানিবলৈ দিয়ে ৷

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে জানিবলৈ দিয়ে যে, মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ণ যোজনাৰ অন্তৰ্গত আঁচনিৰ জৰিয়তে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ৫ লাখ ৫০ হাজাৰ টকা ৰাজ সাহাৰ্যৰ জৰিয়তে হিতাধিকাৰীক ট্ৰেক্টৰ প্ৰদান কৰাৰ বিপৰীতে ৫০ শতাংশ ৰাজ সাহাৰ্যৰ জৰিয়তে পাৱাৰ টিলাৰ আৰু পাৱাৰ পাম্পো হিতাধিকাৰীক প্ৰদান কৰিব ৷ ইচ্ছুক খেতিয়কে আবেদন কৰিলেই এই সুবিধা লাভ কৰিব বুলি কোৱাৰ লগতে পাৱাৰ টিলাৰ আৰু ট্ৰেক্টৰসমূহ বিভাগীয় কৰ্তৃপক্ষৰ হাতত মজুত থকা বুলিও কয় ৷ লগতে ৰবৰৰ খেতিয়কসকলে ৮০ টকা মূল্যত বিক্ৰী কৰা ৰবৰৰ মূল্যৰ নিম্ন চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰবৰ ছিটসমূহ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে ১৩০ টকা মূল্যত ক্ৰয় কৰি ৰবৰৰ খেতিয়কক সকাহ দিব বুলিও উল্লেখ কৰে তেওঁ ৷

ইফালে কোভিড-19ৰ ক্ষেত্ৰত কাৰ্বি আংলং জিলাক সদায় গ্ৰীণজ'ন হিচাপে থকাৰ কামনা কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কৃষি বিভাগৰ দায়িত্বত থকা কাৰ্যবাহী সদস্য অমৰছিং তিছ'ৱে নিজ ভাষণ প্ৰসংগত কয় যে, কাৰ্বি আংলঙৰ ৯০ শতাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল, সেয়েহে কৃষকসকলক ৰাজসাহাৰ্যৰ জৰিয়তে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি বিতৰণ কৰি জিলাখনক কৃষিৰ ক্ষেত্ৰত অধিক সৱল কৰাৰ উদ্দেশ্যৰে এনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক: ত্ৰিপুৰাৰ পৰা পঞ্জাৱলৈ খোজকাঢ়ি যাত্ৰা দুই শ্ৰমিকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.