ETV Bharat / state

ডিফুত 'কাৰ্বি নিংকান কিমি' উদযাপন - লংকি তিমুঙ

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কাৰ্বি সকলৰ শুভ নৱবৰ্ষ 'নিংকান কিমি' শনিবাৰে বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ কাউঞ্চিল কলনীত উদযাপন কৰা হয় ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে এযোৰ কপৌ চৰাই উৰাই কাৰ্বি শুভ নৱবৰ্ষ 'নিংকান কিমি'ৰ শুভাৰম্ভণী কৰে ৷

celebration karbi new year ningkan kimi at diphu
ডিফুত 'কাৰ্বি নিংকান কিমি' উদযাপন
author img

By

Published : Feb 1, 2020, 7:02 PM IST

ডিফু, ২ ফেব্ৰুৱাৰী : প্ৰতিবছৰৰ দৰে চলিত বৰ্ষতো কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত উদযাপন কৰা হ'ল কাৰ্বি সকলৰ শুভ নৱবৰ্ষ 'নিংকান কিমি' ৷ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে এযোৰ কপৌ চৰাই উৰাই কাৰ্বি শুভ নৱবৰ্ষ 'নিংকান কিমি'ৰ শুভাৰম্ভণী কৰে ৷ কাৰ্বি সমাজত থাংথাং মাহ হৈছে বছৰৰ আৰম্ভণি আৰু নতুন বছৰৰ আদৰণি । কাৰ্বিসকলে জাতীয় জীৱনত ফেব্ৰুৱাৰী মাহটোক বছৰৰ প্ৰথম মাহ বুলি গণ্য কৰি আহিছে ৷

ডিফুত 'কাৰ্বি নিংকান কিমি' উদযাপন

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ দাসে সমগ্ৰ কাৰ্বি আংলংবাসী ৰাইজক শুভ নৱবৰ্ষৰ প্ৰাক্ক্ষণত হিয়াভৰা আৰু শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ মাজত ভাতৃত্ব আৰু সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ বাবে কামনা কৰে ৷ অনুষ্ঠানটো বিভিন্ন জনগোষ্ঠীৰ পৰাম্পৰাগত নৃত্য-গীত প্ৰদৰ্শন কৰা হয় ৷

আৰু পঢ়ক : ডিফুত বাছাপী টেৰণপী সোঁৱৰণি বেডমিণ্টন চেম্পিয়ণশ্বীপৰ শুভাৰম্ভ

Intro:ডিফুত শান্তিৰ কপৌ উৰাই 'কাৰবি নিংকান কিমি' (নৱবৰ্ষ) উদযাপন ৷
------------------------------------------------------------------------ডিফু, ২ ফেব্ৰুৱাৰী:- প্ৰতিবছৰৰ দৰে এই বছৰো কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত কাৰবি সকলৰ শুভ নৱবৰ্ষ 'নিংকান কিমি' আজি বৰ্ণাঢ্য কাৰ্যসূচীৰে ডিফুৰ কাউঞ্চিল কলনিত উদযাপন কৰা হয় ৷ এই উদ্দেশ্যে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ অধ্যক্ষ লংকি তিমুঙে শান্তিৰ এযোৰ কপৌ চৰাই উৰাই কাৰবি শুভ নৱ বৰ্ষ 'নিংকান কিমি'ৰ শুভাৰম্ভ কৰে ৷ আনহাতে কাৰ্যক্ৰমণিকা অনুসৰি পুৱাৰ ভাগত সৰ্ব ধৰ্ম প্ৰাৰ্থানাৰ পিছত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে বিভিন্ন ছাত্ৰ-ছাত্ৰীৰ মাজত কুইজ প্ৰতিযোগিতা খন উদ্ধোধন কৰে ডিফু মিউনিচিপালটি ব'ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ'য়ে ৷ইয়াৰ পিছত বিভিন্ন জনগোষ্ঠীৰ পৰাম্পৰাগত নৃত্যই উপস্থিত দৰ্শক সকলক আপ্লুত কৰে ৷ উল্লেখ যোগ্য কাৰ্বি শব্দ 'থাংথাং' অৰ্থাৎ ফেব্ৰুৱাৰী মাহ। কাৰ্বি সমাজত এই থাংথাং মাহ হৈছে বছৰৰ আৰম্ভণি আৰু নতুন বছৰৰ আদৰণি। কাৰ্বিসকলে জাতীয় জীৱনত ফেব্ৰুৱাৰী মাহটোক বছৰৰ প্ৰথম মাহ বুলি গণ্য কৰি আহিছে। কাৰ্বি জনগোষ্ঠী মূলতঃ কৃষিজীৱি। ইয়াৰ কৃষিকৰ্ম জুমতলী কেন্দ্ৰিক। কৃষিজীৱি কাৰ্বিসকলে সচৰাচৰ জুম পদ্ধতিৰে খেতি কৰে। এই জুমখেতিৰ বাবে ঠাই নিৰ্বাচন কৰা মাহ হৈছে 'থাংথাং' অৰ্থাৎ ফেব্ৰুৱাৰী মাহ । কাৰ্বি জনজীৱনত এই 'থাংথাং' মাহৰ তাৎপৰ্য আছে। কৃষিজীৱি কাৰ্বিসকলে জুম প্ৰথাৰে এডোখৰ মাটিত কেইবছৰমান খেতি কৰাৰ পিছত মাটিৰ উৰ্বৰতা হ্ৰাস পাই অহাৰ ফলস্বৰূপে খেতিৰ বাবে নতুন মাটিৰ সন্ধানত অন্য ঠাইলৈ যাবলগীয়া হয়। কাৰ্বি লোক পৰম্পৰাত ইয়াক 'থাং থাং ৰিত লাং' অৰ্থাৎ জুমখেতিৰ বাবে মাটি নিৰ্বাচনৰ মাহ 'থাংথাং'( ফেব্ৰুৱাৰী) বুলি বিশ্বাস কৰা হয়।
সাংবাদিকৰে সৈতে হোৱা বৰ্তালাপত কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰধান সচিব সঞ্জীৱ দাসে সাংবাদিকৰ আগত সমগ্ৰ কাৰবি আংলংবাসী ৰাইজক শুভ নৱবৰ্ষৰ প্ৰাকক্ষণত হিয়া ভৰা আৰু শুভেশ্চা জ্ঞাপন কৰাৰ লগতে শুভ নৱবৰ্ষ'নিংকান কিমিৰ মাজতে পাহাৰীয়া জিলাখনৰ জনসাধাৰণৰ মাজত ভাতৃত্ব আৰু সমন্বয়ৰ এনাজৰীডাল সুদৃঢ় হোৱাৰ বাবে কামনা কৰে ৷

ছাইদুল ইছলাম, ডিফু ৷৷Body:****Conclusion:*****
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.