ETV Bharat / state

চুৰি গাড়ীসহ আৰক্ষীৰ জালত দুই গাড়ী চোৰ - কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি

উল্লেখযোগ্য যে, দেওবাৰে মাঞ্জা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই শিলচৰৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা এখন ছুইফ্ট VIX বাহন জব্দ কৰে ৷ বাহন খনত অহা দুই আৰোহীয়ে বাহনখন শিলচৰৰ এজন লোকৰ বুলি দাবী কৰে ৷

Car thief arrested by Diphu police during lock down
চুৰি গাড়ীসহ আৰক্ষীৰ জালত দুই গাড়ী চোৰ
author img

By

Published : May 11, 2020, 10:18 PM IST

ডিফু, ১১ মে : লক্​ ডাউনৰ দৰে কঠোৰ নিৰ্দেশনাকো বুঢ়া আঙুলি দেখুৱাই প্ৰদৰ্শন কৰি একাংশ দুষ্ট চক্ৰই অব্যাহত ৰাখিছে নিজৰ কু-কাৰ্য ৷ দেওবাৰে কাৰ্বি আংলং জিলাৰ মাঞ্জা থানাৰ আৰক্ষীয়ে এক নিৰ্ভৰযোগ্য সূত্ৰৰ পম খেদি কৌশলগতভাৱে এখন চুৰি গাড়ী সহ দুই গভাইত চোৰক আটক কৰে ৷

লগতে পঢ়ক: নিয়ম উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নিৰ্দেশ কাৰ্বি আংলঙৰ অতিৰিক্ত উপায়ুক্তৰ !

উল্লেখযোগ্য যে, মাঞ্জা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকাৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই শিলচৰৰ পৰা ডিমাপুৰ অভিমুখে আহি থকা এখন ছুইফ্ট VIX বাহন জব্দ কৰে ৷ বাহনখনত অহা দুই আৰোহীয়ে বাহনখন শিলচৰৰ এজন লোকৰ বুলি দাবী কৰে ৷ কিন্তু আৰক্ষীয়ে তদন্ত চলাই উক্ত পঞ্জীয়ন নম্বৰৰ গাড়ীখন অন্য এজন লোকৰ বুলি নিশ্চিত হয় ৷ লগতে বাহনখনৰ নথি-পত্ৰ আৰু নম্বৰ প্লেটো ভুৱা বুলি অৱগত হোৱাৰ পাছত মাঞ্জা আৰক্ষীয়ে লগে লগে দুয়োটা গাড়ীচোৰক সোমবাৰে গ্ৰেপ্তাৰ কৰে ৷

গাড়ী চোৰ দুটা ক্ৰমে হাইলাকান্দি জিলাৰ লালা থানাৰ অন্তৰ্গত ৰাজেশ্বৰপুৰ সপ্তম খণ্ডৰ বাবু সিংহৰ পুত্ৰ গৌতম সিংহ আৰু অষ্টম খণ্ডৰ মেৰা সিংহৰ পুত্ৰ বিনয় সিংহ বুলি অৱগত কৰে আৰক্ষীয়ে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.