ETV Bharat / state

অসম আৰক্ষীৰ প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি গাড়ী চুৰিৰ চেষ্টা - Symbol of Assam Police

এইবাৰ আন্তঃৰাজ্যিক গাড়ী চুৰ চক্ৰই ব্যৱহাৰ কৰিছে নতুন কৌশল ! আৰক্ষীৰ চকুত ধূলি দিবলৈ গাড়ী চুৰ চক্ৰই গাড়ীত ব্যৱহাৰ কৰিছে অসম আৰক্ষীৰ প্ৰতীক চিহ্ন ৷

CAR LIFTER USE POLICE LOGO IN STOLEN CAR
অসম আৰক্ষীৰ ল’গ' ব্যৱহাৰ গাড়ী চুৰিৰ চেষ্টা
author img

By

Published : Oct 26, 2021, 10:57 PM IST

কাৰ্বি আংলং, ২৬ অক্টোবৰ : কাৰ্বি আংলং জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথ সমূহক মূল কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আন্তঃৰাজ্যিক গাড়ীচোৰ চক্ৰই চুবুৰীয়া ৰাজ্যলৈ চুৰি বাহনৰ সৰবৰাহ অব্যাহত ৰখাৰ সময়তে কাৰ্বি আংলং জিলা আৰক্ষীয়ে অপৰাধী চক্ৰৰ বিৰুদ্ধে ধাৰাবাহিক ভাৱে অব্যাহত ৰাখিছে অভিযান ৷ আৰক্ষীৰ এই অভিযানৰ সময়ত কেইবাখনো চুৰি বাহন উদ্ধাৰ হোৱাৰ লগতে ভালেসংখ্যক আন্তঃৰাজ্যিক গাড়ীচুৰি চক্ৰৰ লগত জড়িত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । যাৰ বাবে এতিয়া গাড়ী চুৰি চক্ৰইও আৰক্ষীৰ চকুত ধূলি দিয়াৰ বাবে বিভিন্ন কৌশল ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে ।

শেহতীয়াকৈ গাড়ীচুৰি চক্ৰই অসম আৰক্ষীৰ প্ৰতীক চিহ্ন (ল'গ’) ব্যৱহাৰ কৰি গাড়ী চুৰিৰ চেষ্টা কৰাৰ এক বিস্ফোৰক তথ্য পোহৰলৈ আহিছে । বিগত প্ৰায় পাঁচ দিন ধৰি কাৰ্বি আংলং জিলাৰ মাঞ্জা আৰক্ষীয়ে জিলাখনৰ লগতে চুবুৰীয়া ৰাজ্য মণিপুৰত অভিযান চলাই দুই দুর্ধর্ষ গাড়ীচোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে এখন বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰে লাভ কৰা তথ্য অনুসৰি, ২২ অক্টোবৰৰ পুৱা প্ৰায় ১০.৩০ বজাত মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমণি ডেকা তথা উপ-পৰিদর্শক নিলোৎপল দলেৰ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এটা দলে চলোৱা নিয়মীয়া তালাচীৰ সময়ত এ এছ-০১-ইই-৫৫৮৮ নম্বৰৰ এখন কিয়া ছেল্টছ বাহন জব্দ কৰিবলৈ সক্ষম হয় ।

CAR LIFTER USE POLICE LOGO IN STOLEN CAR
অসম আৰক্ষীৰ ল’গ' ব্যৱহাৰ গাড়ী চুৰিৰ চেষ্টা

আৰক্ষীৰ দলটোৱে তালাচীৰ সময়ত বাহনখনৰ তলা ভঙাৰ চিন পোৱাৰ লগতে নথি-পত্ৰৰো খেলিমেলি প্ৰত্যক্ষ কৰে । আৰক্ষীৰ দলটোৱে সকলো পৰীক্ষাৰ অন্তত বাহনখন চুৰি কৰি অনা বুলি আৰক্ষী নিশ্চিত হয় । গাড়ী চুৰি চক্ৰটোৱে আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যে বাহনখনত এন চি আৰ বি আৰু অসম আৰক্ষীৰ প্ৰতীক চিহ্ন (লগ) ব্যৱহাৰ কৰিছিল ৷ বাহনখনৰ চালকজনক আৰক্ষীয়ে লগে লগে আটক কৰি জেৰা কৰাত তেওঁ মনিপুৰ, গুৱাহাটী আদি ঠাইৰ সৈতে থকা সংযোগৰ কথা স্বীকাৰ কৰাৰ লগতে গাড়ীচুৰি চক্ৰৰ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীৰ আগত স্বীকাৰ কৰে ।

ধৃত গাড়ী চোৰটো মণিপুৰৰ ওখ্ৰোল জিলাৰ টেওনেম নিবাসী এল এইচ বিংখাংমী বুলি চিনাক্ত কৰা হৈছে । এই সন্দর্ভত মাঞ্জা আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি ধৃত গাড়ী চোৰটোৰ স্বীকাৰোক্তিৰ ভিত্তিত মণিপুৰত গাড়ীচুৰি চক্ৰৰ বিৰুদ্ধে অভিযান চলায় । মণিপুৰ ওপ্ৰোলত মাঞ্জা আৰক্ষীৰ দলটোৱে অভিযান চলাই ওখ্ৰোল জিলাৰ লুংহাৰ নিবাসী আৰ কে ছিমৰায় ওৰফে ব্ৰাইটন নামৰ এটা দুর্ধৰ্ষ গাড়ীচোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত গাড়ীচোৰ দুটাক ইতিমধ্যে ডিফু চি জে এম আদালতত হাজিৰ কৰোৱাই মাঞ্জা আৰক্ষীয়ে দুদিনৰ জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে । ধৃত দুই গাড়ীচোৰৰ পৰা আন্তঃৰাজ্যিক গাড়ীচুৰি চক্ৰৰ বিৰুদ্ধে আন কেতবোৰ গুৰুত্বপূর্ণ তথ্য লাভ কৰাৰ আশা কৰিছে মাঞ্জা আৰক্ষীয়ে ৷

লগতে পঢ়ক : অবৈধ নিচাযুক্ত দ্ৰব্য বনাম অসম আৰক্ষী: কেতিয়া নিয়ন্ত্ৰণ হ’ব নে অপৰাধ ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.