ETV Bharat / state

বােকাজানৰ কার্যবাহী দণ্ডাধীশ আহংবাম বেমথৈ চানুৰ মৃত্যু - Assam administrative service

প্রাপ্ত তথ্য অনুসৰি বিষয়াগৰাকীৰ বৃক্ক আৰু যকৃত সম্পূর্ণৰূপে বিকল হৈ পৰাৰ ফলতে উদ্যমী চৰকাৰী বিষয়াগৰাকীয়ে অকাল মৃত্যুক সাৱটি লবলগীয়া হয়। জানিব পৰা মতে দুদিন পূর্বে চানুৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি হােৱাৰ পিছতে তেওঁক ততালিকে ডিমাপুৰৰ নিক্ছ হাস্পতালত ভর্তি কৰোৱা হৈছিল।

Bukajan's acting judge Ahangbam Bemthai Chanu died

author img

By

Published : Dec 15, 2020, 9:18 PM IST

ডিফু, ১৫ ডিচেম্বৰঃ অসম প্রশাসনিক সেৱাৰ বিষয়া তথা কার্বি আংলং জিলাৰ বােকাজান মহকুমাৰ কার্যবাহী দণ্ডাধীশ আহংবাম বেমথৈ চানুৰ মঙলবাৰে ডিমাপুৰত চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় । অসম প্রশাসনিক সেৱাৰ যুৱ বিষয়াগৰাকীৰ অপ্রত্যাশিত তথা আকস্মিক মৃত্যুৰ বাতৰিয়ে সমগ্র বােকাজান মহকুমাৰ লগতে কার্বি আংলং জিলাতে গভীৰ শােকৰ ছাঁ পেলাইছে ।

প্রাপ্ত তথ্য অনুসৰি বিষয়াগৰাকীৰ বৃক্ক আৰু যকৃত সম্পূর্ণৰূপে বিকল হৈ পৰাৰ ফলতে উদ্যমী চৰকাৰী বিষয়াগৰাকীয়ে অকাল মৃত্যুক সাৱটি লবলগীয়া হয় । জানিব পৰা মতে দুদিন পূর্বে চানুৰ স্বাস্থ্যৰ গুৰুতৰ অৱনতি হােৱাৰ পিছতে তেওঁক ততালিকে ডিমাপুৰৰ নিক্ছ হাস্পতালত ভর্তি কৰোৱা হৈছিল । ইয়াৰ পিছতাে বিষয়াগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাৰ পৰিপ্রেক্ষিতত এয়াৰ এম্বুলেঞ্চৰ জৰিয়তে উন্নত চিকিৎসাৰ বাবে চেন্নাইলৈ নিয়াৰ সিদ্ধান্ত লােৱা হয় যদিও ইয়াৰ পূর্বেই বিষয়াগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ।

উল্লেখযােগ্য যে,অসম অসামৰিক সেৱাৰ পৰীক্ষাত ২০১৫ চনত ৫৯ সংখ্যক স্থান লাভ কৰা প্রতিভাসম্পন্ন চৰকাৰী বিষয়াগৰাকীয়ে বিগত সময়ছােৱাত বােকাজান মহকুমাত অতিশয় নিষ্ঠা আৰু দক্ষতাৰে নিজ দায়িত্ব পালন কৰি আহিছিল । এগৰাকী অসামৰিক সেৱাৰ বিষয়া হিচাপে হাঁহিমুখীয়া তথা কর্ম দক্ষতাৰে সকলােৰে হৃদয় জয় কৰিবলৈ সক্ষম হােৱা আহংবাম বেমথৈ চানুৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে শােকস্তব্ধ কৰি তােলে সমগ্র বােকাজান এলেকা ।

লগতে চাওকঃ শিৱসাগৰত আটাছুৰ বিশাল প্ৰতিবাদী বাইক ৰেলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.