ETV Bharat / state

বোকাজানত কুখ্যাত মহিলা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ

author img

By

Published : Apr 4, 2022, 7:40 PM IST

অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ বোকাজানত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান (Operation against drugs smugglers by Bokajan police) ৷ জব্দ হেৰʼইন, বিলাসী বাহন, নগদ ধন ৷ কুখ্যাত মহিলা ড্ৰাগছ মাফিয়াসহ কেইবাজনো গ্ৰেপ্তাৰ ৷

ESFE
EFE

ডিফু, 4 এপ্ৰিল : ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষী-প্ৰশাসনৰ অভিযান অব্যাহত থকাৰ সময়তে (Assam Nagaland border area)সোমবাৰে পুনৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ বোকাজানত অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ হেৰʼইন ৷ ইয়াৰ লগতে দুই সহযোগীসহ এগৰাকী কুখ্যাত মহিলা ড্ৰাগছ মাফিয়াক কৰায়ত্ত কৰিবলৈ সক্ষম হয় (Bokajan police seized huge amount of Drugs)বোকাজান আৰক্ষী ।

বোকাজানত কুখ্যাত মহিলা ড্ৰাগছ মাফিয়াক গ্ৰেপ্তাৰ

স্মৰ্তব্য যে, বিগত 12 জানুৱাৰীত আৰক্ষীয়ে খটখটীৰ কুখ্যাত ড্ৰাগছ মাফিয়া বাবা হাজৰিকাক গ্ৰেপ্তাৰ কৰাৰ লগতে ড্ৰাগছ মাফিয়াটোৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ হেৰʼইন তথা কেইবাখনো বিলাসী বাহন জব্দ কৰিবলৈ সক্ষম হৈছিল । উক্ত ঘটনাৰ পম খেদি ড্ৰাগছ সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰখাৰ সময়তে ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ মূল নায়িকা এল এইচ ৰাণীৰাও নামৰ মহিলা ড্ৰাগছ মাফিয়াগৰাকীৰ তথ্য লাভ কৰে ।

Bokajan police seized huge amount of Drugs

এই তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ দলে মহিলাগৰাকীৰ গতি বিধিৰ ওপৰত নজৰ ৰাখি অৱশেষত সোমবাৰে বৰলেংৰী নামৰ ঠাইত অভিযান চলাই দুই সহযোগীসহ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ অন্যতম মূল নায়িকা তথা মণিপুৰৰ সেনাপতি জিলাৰ এল এইচ ৰাণীৰাও (45)ক আটক কৰিবলৈ সক্ষম হয় । অভিযানকাৰী আৰক্ষীৰ দলটোৱে মহিলাগৰাকীৰ পৰা 33 টা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত 401 গ্ৰাম হেৰʼইন জব্দ কৰিবলৈ সক্ষম হয় ।

জব্দকৃত হেৰʼইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য কমেও তিনি কোটি টকা বুলি অনুমান কৰা হৈছে । ইফালে ধৃত আন দুই সহযোগী ক্ৰমে, মহিলাগৰাকীৰ স্বামী তথা মণিপুৰৰ পুৰুলয় কিংবা খুনৌৰ আৰ এন সুৰিন্দৰ (52) আৰু বৰলেংৰী নিবাসী পিফখʼ মাও (42) বুলি চিনাক্ত কৰা হৈছে ।

অভিযানকাৰী দলটোৱে ইয়াৰ উপৰিও এএছ-01-এটি-6020 নম্বৰৰ এখন স্কৰপিঅʼ, এছ-01-ডি কিউ-5657 নম্বৰৰ এখন ছুজুকী এছ ক্ৰছ, এন এল-07-এফ-4411 নম্বৰৰ এখন অটোৰিক্সা, 3,58,000 নগদ ধন, গহনা আৰু আন কেতবোৰ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক : Biswanath police encounter: আৰক্ষীৰ গুলীত আহত শিশু ধৰ্ষণকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.