ETV Bharat / state

কাৰ্বি পাহাৰত লক্ষাধিক ত্ৰিৰংগা প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰীক আদৰাৰ পৰিকল্পনা বিজেপিৰ - Preparation for Modi's meeting

প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু কাৰ্বি ভূমি ৷ প্ৰধানমন্ত্ৰী গৰাকী লৰিনথেপিত উপস্থিত হোৱাৰ লগে লগে লক্ষাধিক ত্ৰিৰংগ পতাকাৰে অভিবাদন জ্ঞাপন কৰাৰ লগতে ইয়াৰ জৰিয়তে এক অভিলেখ ৰচনা কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে (BJP planned to welcome PM Modi by showing one lakh Triranga) ৷

BJP planned to welcome PM Modi by showing one lakh Triranga

author img

By

Published : Apr 27, 2022, 10:24 PM IST

ডিফু, ২৭ এপ্ৰিল : শান্তি আৰু বিকাশৰ বতৰা লৈ বৃহস্পতিবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাওৰাঘাট মহকুমাৰ লৰিনথেপীত বিশাল জনসভাত ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে (PM Modi to visit Karbi Anglong) ৷ এইলৈ ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ যৌথ প্ৰচেষ্টাত লৰিনথেপীৰ ৭০০ বিঘাৰ বৃহৎ কৃষি ভূমিত আটক ধুনীয়া আৰু বৃহৎ পেণ্ডেল আৰু মঞ্চৰ লগতে অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে ৷

প্ৰধানমন্ত্ৰী গৰাকীক আদৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীৰ অহা বাটত বৃহৎ হৰ্ডিং আঁৰি শোভা বৰ্ধন কৰা হৈছে ৷ কেইবা সহস্ৰাধিক যান-বাহন সভালৈ মানুহ আনিবলৈ নিয়েজিত কৰা হৈছে ৷ কাৰ্বি শান্তি চুক্তিৰ জৰিয়তে ছয় বিদ্ৰোহী সংগঠন মূল সূঁতিলৈ ঘূৰি অহাৰ পিছত দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে প্ৰথমবাৰৰ বাবে শান্তিৰ বতৰা লৈ কাৰ্বি আংলঙলৈ অহাৰ বাবে ৰাইজৰ মাজত উৎসুকতা বৃদ্ধি পাইছে ৷

BJP planned to welcome PM Modi by showing one lakh Triranga
প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ সাজু কাৰ্বি ভূমি

প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনক লৈ মুখ্যমন্ত্ৰীৰ লগতে ৰাজ্যৰ মন্ত্ৰীসকলে সঘনাই সভাস্থলী পৰ্যৱেক্ষণ কৰি আহিছে (Preparation for Modi's meeting) ৷

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সঘনাই সমাৰোহস্থলীত উপস্থিত থাকি সমাৰোহৰ তদাৰক কৰি অহা দেখিবলৈ পোৱা গৈছে ৷ ইয়াৰোপৰিও দুই মন্ত্ৰী পীযুষ হাজৰিকা আৰু যোগেন মোহন, অসম বিধান সভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, বিধায়ক সকল ক্ৰমে বিদ্যাছিং ইংলেং, দৰছিং ৰংহাঙ, ৰূপছিং টেৰণ, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সকল উপস্থিত থাকি প্ৰস্তুতিৰ তদাৰক কৰি আহিছে ৷

ইয়াৰোপৰি বিজেপি দলৰ নেতা-কৰ্মী সকল গাঁৱে-ভূঁঞে গৈ ৰাইজক সমাৱেশৰ বাবে আমন্ত্ৰণ জনোৱা বুলি জানিব পৰা গৈছে ৷ তথ্য অনুসৰি বৃহস্পতিবাৰে দিনৰ ১২ বজাত লৰিনথেপিত উপস্থিত হ’বলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এঘণ্টা সময় লৰিনথেপিত কটাই ৰাইজক সম্বোধি ভাষণ প্ৰদান কৰাৰ লগতে কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰিব ৷

কাৰ্বি পাহাৰত লক্ষাধিক ত্ৰিৰংগা প্ৰদৰ্শনেৰে প্ৰধানমন্ত্ৰীক আদৰাৰ পৰিকল্পনা বিজেপিৰ

প্ৰধানমন্ত্ৰী গৰাকীক সমাৰোহস্থলীত আদৰণি জনাবলৈ বিশেষ পৰিকল্পনা হাতত লোৱা হৈছে বুলি জানিব পৰা গৈছে ৷ প্ৰধানমন্ত্ৰী গৰাকী লৰিনথেপিত উপস্থিত হোৱাৰ লগে লগে লক্ষাধিক ত্ৰিৰংগ পতাকাৰে অভিবাদন জ্ঞাপন কৰাৰ লগতে ইয়াৰ জৰিয়তে এক অভিলেখ ৰচনা কৰাৰ বাবে পৰিকল্পনা কৰা হৈছে ৷

ইয়াৰোপৰি, প্ৰধানমন্ত্ৰী গৰাকী উপস্থিত হোৱাৰ লগে লগে পাঁচ মিনট সময়জুৰি "মোদী মোদী’’ ধ্বনিৰে প্ৰধানমন্ত্ৰী গৰাকীক স্বাগতম জনোৱাৰ পৰিকল্পনা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷ আনহাতে প্ৰধানমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ এক বৃহৎ জনগোষ্ঠীয় শিল্পীদল সাজু কৰি তোলা হৈছে ৷ অসমীয়া, কাৰ্বি, টাই আহোম, ডিমাচা, বড়ো, ৰেংমা নাগা আদিবাসীকে ধৰি জিলাখনত বসবাস কৰি থকা সকলো জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দল সমূহে প্ৰধানমন্ত্ৰী গৰাকীক সভাস্থলীলৈ অহাৰ বাটত নিজ নিজ সংস্কৃতি প্ৰদৰ্শনেৰে আদৰণি জনাব ৷

ইতিমধ্যে সমাৱেশ স্থলীত উপস্থিত হোৱা সাংস্কৃতিক দল সমূহে এক উৎসৱমূখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷ আনহাতে বিগত কেইবাদিন ধৰি সমগ্ৰ কাৰ্বি আংলং জিলাৰ লগতে সমাৰোহ থলীৰ চৌদিশে নিশ্ছিদ্ৰ আৰু কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে ৷ প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে বৃহস্পতিবাৰে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে কাৰ্বি আংলং জিলাত ৷

লগতে পঢ়ক : PM Modi to Visit Assam: কঁকালত টঙালি বান্ধি সাজু ডিব্ৰুগড় আৰক্ষী-প্ৰশাসন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.