ETV Bharat / state

বকলীয়াঘাটত জ্যেষ্ঠ নাগৰিকৰে বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক

গণবিচ্ছিন্ন হৈ পৰাৰ বাবে ছুম ৰংহাঙক বিজেপিৰ টিকটৰ পৰা বঞ্চিত কৰা হ'ল-সাংসদ হৰেণছিং বে' ৷ সভাত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সাংসদ হৰেণছিং বে' য়ে ৷

bjp-meeting-with-the-senior-citizen-at-bokoliaghat
বকলীয়াঘাটত জ্যেষ্ঠ নাগৰিকৰে বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক
author img

By

Published : Mar 16, 2021, 9:57 PM IST

ডিফু, 16 মার্চ: বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী থকাৰ সময়তে এতিয়া ৰাজ্যজুৰি আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ ৷ সমান্তৰালকৈ দ্বিতীয় পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া 19 নং ডিফু বিধানসভা সমষ্টিটো নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলে ৷

সোমবাৰে সন্ধিয়া বিজেপি দলৰ প্ৰার্থী বিদ্যাছিং ইংলেঙৰ সমর্থনত সমষ্টিটোৰ অন্তৰ্গত বকলীয়াঘাটত উপস্থিত হৈ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয় জিলাখনৰ বিজেপি দলৰ শীর্ষ নেতৃবর্গ ৷ বকলীয়াঘাটৰ নেশ্যনেল ইংলিছ একাডেমীত অনুষ্ঠিত হোৱা উক্ত সভাখনত উপস্থিত থাকে ডিফুৰ সাংসদ হৰেণছিং বে', কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাং, বিজেপি দলৰ ডিফু সমষ্টিৰ প্ৰার্থী বিদ্যাছিং ইংলেং, লাংফেৰ পৰিষদীয় সদস্য ৰামছিং তিমুঙকে ধৰি কেইবাজনো নেতা ৷ সভাৰ অন্তত সাংবাদিকৰে হোৱা বার্তালাপত কাৰ্বি-আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে বকলীয়াঘাটৰ জেষ্ঠ তথা বিশিষ্ট নাগৰিকসকৰ পৰা আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে বকলীয়াঘাটত মিলিত হোৱা বুলি মন্তব্য কৰে ৷

বকলীয়াঘাটত জ্যেষ্ঠ নাগৰিকৰে বিজেপিৰ গুৰুত্বপূৰ্ণ বৈঠক

আনহাতে সাংসদ হৰেণছিং বে' য়ে সাংবাদিকৰে হোৱা বার্তালাপত দলটোৰ পূৰ্বৰ বিধায়ক চুম ৰংহাঙক তীব্ৰ সমালোচনা কৰি বিজেপি দলৰ মজিয়াৰ পৰা বিধানসভা নিৰ্বাচনত বিজয়ী হৈ কেবিনেট মন্ত্ৰীৰ পদ লাভ কৰাৰ পিছতো তেওঁ এলেকাটোৰ উন্নয়নত ব্যর্থ হোৱা বুলি উল্লেখ কৰে ৷

লগতে গণ বিচ্ছিন্ন হৈ পৰাৰ বাবেই দলে তেওঁক টিকটৰ পৰা বঞ্চিত কৰা বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ বিজেপি চৰকাৰৰ শাসনকালত সমাজৰ সকলো শ্ৰেণীৰ ৰাইজে লাভ কৰা সুবিধাসমূহেই দলটোৰ মূল শক্তি বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ যাৰ বাবে ৰাইজৰ আশীৰ্বাদত বিজেপি দলেই ৰাজ্যত পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব বুলি দাবী কৰে সাংসদ হৰেণছিং বে' য়ে ৷

লগতে পঢ়কঃ চিৰাঙত ইউপিপিএলৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক উষ্ম আদৰণি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.