ETV Bharat / state

BJP Rally : বকলীয়াঘাটত বিজেপিৰ ঐক্য-বিজয় ৰেলী - তুলিৰাম ৰংহাং

বকলীয়াঘাটত বিজেপিৰ ঐক্য, বিজয় আৰু বিকাশ ৰেলী ৷ সহস্ৰাধিক লোকৰ অংশগ্ৰহণ ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকে তুলিৰাম ৰংহাং ৷

BJP Holds Unity Victory and Prosperity Rally
বিজেপিৰ বিশাল ঐক্য, বিজয় আৰু বিকাশ ৰেলী
author img

By ETV Bharat Assamese Team

Published : Oct 14, 2023, 10:22 PM IST

বকলীয়াঘাটত বিজেপিৰ বিকাশ ৰেলী

ডিফু, 14 অক্টোবৰ : বকলীয়াঘাট বাহনি আদৰ্শত বিজেপিৰ বিশাল ঐক্য, বিজয় আৰু বিকাশ ৰেলী ৷ শনিবাৰে পুৱাৰে পৰা লাংফেৰ পৰিষদীয় সমষ্টিৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সহস্ৰাধিক লোকে বিকাশ ৰেলীত অংশগ্ৰহণ কৰে ৷ ইতিমধ্যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে পাহাৰীয়া জিলা খনৰ 26 টা পৰিষদীয় সমষ্টিতে বিজয় আৰু বিকাশ ৰেলী অনুষ্ঠিত কৰি তৃণমূল বিজেপি নেতা-কৰ্মী সকলক আগন্তুক লোকসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিবলৈ সজাগ আৰু সচেতন কৰা পৰিলক্ষিত হৈছে ৷

শনিবাৰে অনুষ্ঠিত হোৱা বিশাল ৰেলীত পূব কাৰ্বি আংলং বিজেপি দলৰ প্ৰভাৰী বিজয় গুপ্তাই অংশগ্ৰহণ কৰি বক্তব্য ৰাখে ৷ গুপ্তাই কয় যে, দিল্লীত নৰেন্দ্ৰ মোদী, অসমত হিমন্ত বিশ্ব শৰ্মা আৰু কাৰ্বি আংলঙত তুলিৰাম ৰংহাঙৰ ত্ৰিপ’ল ইঞ্জিন চৰকাৰৰ অতিকৈ প্ৰয়োজন আছে ৷ কাৰ্বি আংলঙত উন্নয়নৰ জোৱাৰ বৈছে ৷ এই উন্নয়ন কেৱল দক্ষ ৰাজনীতিক তুলিৰাম ৰংহাঙৰ দ্বাৰাহে সম্ভৱ হৈছে বুলি মন্তব্য কৰে তেওঁ ৷

এই অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ হৰেণছিং বে'ই আঞ্চলিক দলৰ নেতা জন ইংতি কাথাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ সমালোচনা কৰাটো সহজ, কিন্তু হাতে-কামে পিছপৰা জিলাখনৰ ৰইজৰ হৈ কাম কৰাটো কঠিন বুলি তেওঁ মন্তব্য কৰে ৷ অনুষ্ঠানত মুখ্য অতিথি হিচাবে উপস্থিত থাকি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয় যে, কাৰ্বি আংলঙত এতিয়া সৰ্বত্ৰে শান্তি আৰু শান্তি ৷ বিগত সময়ত কংগ্ৰেছৰ আমোলত গোষ্ঠী সংঘাতে পাহাৰীয়া জিলাখনৰ অৱস্থা পানীত হাঁহ নছৰা কৰি তুলিছিল ৷ তাহানিৰ সেই পৰিৱেশ আজি বিজেপিৰ আমোলত নাই বুলি কয় তেওঁ ৷

তেওঁ কয় যে, মেডিকেল কলেজ, বি.এড কলেজ, ৰাষ্টা-ঘাট, চিকিৎসাৰ সমস্যা এতিয়া পাহাৰত প্ৰায় কমিবলৈ ধৰিছে ৷ কংগ্ৰেছ- এএছডিছিৰ শাসন কালত পাহাৰৰ জনতাই আন্দোলন নকৰাকৈ একো বস্তু লাভ কৰা নাছিল ৷ বিজেপিৰ আমোলত এতিয়া পাহাৰৰ জনতাই এখন বিধানসভাৰ আসন পাবলৈ সক্ষম হৈছে ৷ ডিফুত মেডিকেল কলেজ, ডংকামোকামত বি.এড কলেজ, নতুন বাট-পথ আন্দোলন নকৰাকৈ কাৰ্বি পাহাৰৰ জনতাই লাভ কৰিবলৈ সক্ষম হৈছে বুলি কয় ৰংহাঙে ৷

উল্লেখ্য যে, শনিবাৰে পুৱাই 18 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বকলীয়াঘাটৰ এৰা গাঁৱৰ পৰা তিককলাংছলৈকে 12.6 কি:মি: পথৰ শুভ উদ্বোধন কৰে তুলিৰাম ৰংহাঙে ৷ ৰজাপথাৰত নিৰ্মাণ হোৱা 10 খন বিচনাযুক্ত চিকিৎসালয়খনৰো শুভ উদ্বোধন কৰে মুখ্য কাৰ্যবাহী গৰাকীয়ে ৷

লগতে পঢ়ক : Shiladitya Dev : বদৰুদ্দিন আজমলক ভূ-মাফিয়া আখ্যা শিলাদিত্য দেৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.