ETV Bharat / state

Bakaliaghat Press Club: বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন - Bakaliaghat Press Club biennial conference

বৰ্ণাঢ্য কাৰ্যসূচীৰে বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি বাৰ্ষিক অধিৱেশন সম্পন্ন (Bakaliaghat Press Club biennial conference) ৷ অধিৱেশনত অংশগ্ৰহণ কৰি সাংবাদিকসকলৰ ব্যক্তিগত আৰু অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত উদ্বিগ্নতা প্ৰকাশ কৰে জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন

author img

By

Published : Mar 10, 2022, 12:16 PM IST

ডিফু, 10 মাৰ্চ : বুধবাৰে দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশনখনি সফলতাৰে সম্পন্ন হয় (Bakaliaghat Press Club biennial conference) ৷ অধিৱেশনখনিৰ কাৰ্যক্ৰমণিকা অনুসৰি পুৱা ৯ বজাত বকলীয়াঘাট প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি ৰাধেশ্যাম গুপ্তাই ৷ শ্বহীদ তৰ্পন কৰে বকলীয়াঘাট প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক সম্বোদৰ বৰাই ৷ বৃক্ষ ৰোপণ কৰে প্ৰতিষ্ঠাপক সম্পাদক ভূৱন চন্দ্ৰ দত্তই ৷

ইয়াৰ পিছত সাধাৰণ সম্পাদক লম্বোদৰ বৰাই আমন্ত্ৰিত অতিথি কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ সাংবাদিকসকলক চিনাকি কৰাই দিয়াৰ লগতে একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ ইয়াৰ পিছত বকলীয়াঘাট প্ৰেছ ক্লাৱৰ সভাপতি ৰাধেশ্যাম গুপ্তাৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাখনৰ উন্মোচন কৰে বিধায়ক বিদ্যাছিং ইংলেঙে ৷

বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশন

ভাষণ প্ৰসংগত বক্তা সঞ্জু বৰাই বৰ্তমান সময়ত সাংবাদিকসকলৰ ব্যক্তিগত আৰু অৰ্থনৈতিক নিৰাপত্তাৰ ওপৰত গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰে ৷ অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ গৈ বহু সাংবাদিক নিধন হ’বলগীয়া হৈছে ৷ অৰ্থনৈতিক অভাৱৰ বাবেই মফচলীয়া আৰ গ্ৰাম্য সাংবাদিক আৰু ক্ষুদ্ৰ কাকতগোষ্ঠীও বহু অভাৱৰ-অনাটনৰ সন্মুখীন হ’ব লগীয়া হয় ৷ আনহাতে, মুখ্য অতিথি হিছাপে পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে ভাষণ প্ৰসংগত কয় যে, মানুহ হৃদয়ৰ পৰা সৃষ্টি হয় ৷ হৃদয়ৰ পৰা সৃষ্টি হোৱা কবিতা অমৰ হয় ৷

ইফালে, সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বকলীয়াঘাট প্ৰেছ ক্লাৱ(Bakaliaghat Press Club)ৰ সাধাৰণ সম্পাদক লম্বোদৰ বৰাই কয় যে, বকলীয়াঘাট প্ৰেছ ক্লাৱৰ দ্বি-বাৰ্ষিক অধিৱেশনৰ পৱিত্ৰ ক্ষণতেই জিলাখনৰ তিনি সুযোগ্য ব্যক্তি ক্ৰমে, ২০২২ বৰ্ষৰ প্ৰথমবাৰৰ বাবে বলোৰাম হাজৰিকা সোঁৱৰণি বঁটা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ, সুভাষ দাস সোঁৱৰণি ইংলেং আতুৰ বঁটা কণ্ঠশিল্পী জয়মতী নাৰ্জাৰী আৰু শংকৰ দত্ত সোঁৱৰণি গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয় নাৰায়ণ বৰুৱাক ৷

লগতে পঢ়ক : বিৰোধীক শূণ্য কৰি নলবাৰী পৌৰসভা দখল বিজেপিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.