ETV Bharat / state

ডিফু চহৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ চহৰৰ পুৰস্কাৰ ভাৰত চৰকাৰৰ - ভাৰত চৰকাৰ

ভাৰত চৰকাৰৰ হাউছিং আৰু নগৰ মন্ত্রণালয়ে পঞ্চাশ হাজাৰৰ পৰা এক লাখ জনসংখ্যা থকা উত্তৰ-পূর্বাঞ্চলৰ ডিফু পৌৰ নিগমক, শ্ৰেষ্ঠ দ্ৰুত অগ্ৰগতিৰ চহৰ আৰু নাগৰিক ভোটত শ্ৰেষ্ঠ চহৰৰ পাব্লিক ফিডব্যেক পুৰস্কাৰ প্রদান কৰিছে ।

best pubic feed back award to diphu city
ভাৰত চৰকাৰৰ পৰা ডিফু চহৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ট চহৰৰ পুৰস্কাৰ
author img

By

Published : Aug 21, 2020, 4:35 PM IST

Updated : Aug 21, 2020, 7:09 PM IST

ডিফু, ২০ আগষ্টঃ শুকুৰবাৰে ভাৰত চৰকাৰৰ আৱাসিক আৰু নগৰ বিষয়ক মন্ত্রণালয়ে 50 হাজাৰৰ পৰা 1 লাখ জন সংখ্যাৰ বিভাগত উত্তৰ-পূর্বাঞ্চলৰ ডিফু পৌৰ নিগমক শ্ৰেষ্ঠ দ্ৰুত অগ্ৰগতিৰ চহৰ আৰু নাগৰিক ভোটত শ্ৰেষ্ঠ চহৰৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰে ।

ভাৰত চৰকাৰৰ পৰা পূৰ্বতেও চহৰখনে লাভ কৰি থৈছে স্বচ্ছ চহৰৰ প্ৰমান পত্ৰ ৷ এইবাৰো নহ'ল ব্যতিক্ৰম ৷ শুকুৰবাৰে চহৰখনে লাভ কৰিছে আন এক গৌৰৱ ৷ ভাৰত চৰকাৰৰ হাউছিং আৰু নগৰ বিষয়ক মন্ত্রণালয়ে 50 হাজাৰৰ পৰা 1 লাখ জনসংখ্যাৰ বিভাগত উত্তৰ-পূর্বাঞ্চলৰ ডিফু পৌৰ নিগমক শ্ৰেষ্ঠ দ্ৰুত অগ্ৰগতিৰ চহৰৰ লগতে নাগৰিক ভোটত শ্ৰেষ্ঠ চহৰৰ পাব্লিক ফিডব্যেক পুৰস্কাৰ প্রদান কৰিছে ।

ডিফু চহৰলৈ উত্তৰ পূৰ্বাঞ্চলৰ শ্ৰেষ্ঠ চহৰৰ পুৰস্কাৰ ভাৰত চৰকাৰৰ

অসমৰ তিনি পাৰ্বত্য জিলাৰ অন্যতম কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফু হ'ল জিলা খনৰ ব্যৱসায়, বাণিজ্য আৰু স্বাস্থ্যখণ্ডৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ চহৰখনৰ চাফ-চিকুণতাৰ লগতে পৰিচালনাৰ দায়িত্ব লৈ আহিছিল ডিফু নগৰ সমতিয়ে ৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত নগৰ সমিতি সমূহৰ হৈ যোৱা নিৰ্বাচনত ৰাহ ক্ৰ'ৰ নেতৃত্বত বিজেপি দল জয়ী হৈ নতুন অধিসূচনাৰে পূৰ্বৰ তিনিবছৰ কাৰ্যকালৰ পৰিৱৰ্তে ৫ বছৰীয়া কাৰ্যকাল বৃদ্ধি কৰি ডিফু নগৰ সমিতিৰ নাম সলনি কৰি "ডিফু পৌৰ নিগম' নামেৰে নামাকৰণ কৰে ৷

ইয়াৰোপৰি কাৰ্বি আংলঙৰ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বলিষ্ঠ নেতৃত্বত চহৰখনৰ বাট পথৰ নিৰ্মাণ আৰু মেৰামতি আদিকে কৰি ডিফু চহৰৰ সৌন্দৰ্য বৰ্ধন, মেডিকেল কলেজৰ স্থাপন, অত্যাধুনিক ৰূপত ডিফু কাছা ষ্টেডিয়াম, ডিফু চহৰৰ নিচেই কাষত আৰ্ট আৰু ক্ৰাফ্ট চেণ্টাৰ নিৰ্মান পৰা আৰম্ভ কৰি জিলাখনৰ উত্থানত আদিৰে পৰা সৰ্বস্ব ত্যাগ কৰা লগতে, কাৰ্বি জাতিৰ ধ্বজা বহনকাৰী পূৰ্ব পূৰুষ আৰু জননায়ক সকলৰ প্ৰতিমূৰ্তি চহৰখনৰ প্ৰতিটো কোণত স্থাপন কৰি চহৰখনক এক স্বৰ্গ পুৰীলৈ ৰূপান্তৰ কৰাৰ অহৰহ চেষ্টা অব্যাহত ৰাখিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু ডিফু পৌৰ নিগমে ৷ পাৰ্বত্য জিলাখনৰ সৰু-বৰ পাহাৰৰ মাজে মাজে বৈ গৈছে বহু মনোৰম নিজৰা ৷ এই নিজৰা সমূহে যুগে যুগে পৰ্যটকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে ৷ ২০১৯ চনত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত ৫০০০০-১০০০০০ জনসংখ্যা থকা উত্তৰ-পূবৰ নগৰ সমূহৰ ভিতৰত ডিফু নগৰে প্ৰথম স্থান লাভ কৰি দিল্লীৰ বিজ্ঞান ভৱনত পুৰস্কৃত হৈছিল ৷ ডিফু চহৰলৈ অহা এই গৌৰৱত উৎফুল্লিত হৈ পৰিছে ডিফুবাসী ৷

উল্লেখ্য যে, তিনিবাৰকৈ একেৰাহে চিইএমৰ আসন অলংকৃত কৰা তুলিৰাম ৰংহাঙে বাট পথকে আদি কৰি সকলো দিশতে আৰু কাৰ্বি পিপলছ হলৰ উন্নয়নত এক বিশাল অনুপ্ৰেৰণা যোগাইছে ৷ ডিফুত বিশ্বমানৰ কাছা ষ্টেডিয়াম, বজাৰ কমপ্লেক্সৰ আপগ্রেশ্যন, ডিফু নদীৰ সৌন্দর্য্যবৰ্ধন ইত্যাদি ক্ষেত্ৰটো অধ্যক্ষ গৰাকীয়ে তুলিৰাম ৰংহাঙক ধন্যবাদ জনায় ৷ এই পুৰস্কাৰৰ বাবে সকলো কৃতিত্ব কাৰ্বি-আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰঙহাঙক দিছে ডিফু পৌৰ নিগমৰ অধ্যক্ষ ৰাহ ক্ৰই ৷

লগতে পঢ়ক- হালোৱাটিঙৰ শৈক্ষিক দিশৰ উন্নয়নৰ সৈতে জড়িত দুই ব্যক্তিক সম্বৰ্ধনা

Last Updated : Aug 21, 2020, 7:09 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.