ETV Bharat / state

ডিফুত নিৰলা টিচ'পী সোঁৱৰণি 'বি' ডিভিজন ফুটবল লীগ - গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছন

ডিফুত অনুষ্ঠিত হোৱা নিৰলা টিচ'পী সোঁৱৰণি 'বি' ডিভিজন ফুটবল লীগৰ বুধবাৰে সামৰণি পৰে । চূড়ান্ত খেলত জয় লাভ কৰে ইয়ংগান এফচিয়ে । ডিফুৰ কাছা খেলপথাৰত গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছনৰ উদ্যোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

'বি' ডিভিজন ফুটবল লীগত বিজয়ীৰ খিতাপ অৰ্জন কৰে ইয়ংগান এফচিয়ে

author img

By

Published : Mar 25, 2021, 1:52 PM IST

ডিফু,25 মাৰ্চ: গ্ৰেটাৰ ডিফু স্পৰ্টচ এছ'চিয়েছনৰ উদ্যোগত ডিফুৰ কাছা খেলপথাৰত অনুষ্ঠিত হোৱা নিৰলা টিচ'পী সোঁৱৰণি 'বি' ডিভিজন ফুটবল লীগত বিজয়ীৰ খিতাপ অৰ্জন কৰে ইয়ংগান এফচিয়ে । বুধবাৰে প্ৰতিযোগিতাৰ চূড়ান্ত খেলত লংকিৰি এফচিয়ে ইয়ংগান এফচিৰ হৈ 11 মিনিটত প্ৰথম গ'ল দিয়ে যদিও 18 মিনটত ডিফু এফচিৰ হৈ ছাৰকিৰি টেৰণে এটা গ'ল দি খেলৰ স্ক'ৰ সমান কৰে ৷

'বি' ডিভিজন ফুটবল লীগত বিজয়ীৰ খিতাপ অৰ্জন কৰে ইয়ংগান এফচিয়ে
'বি' ডিভিজন ফুটবল লীগত বিজয়ীৰ খিতাপ অৰ্জন কৰে ইয়ংগান এফচিয়ে

পিছত ইয়ংগান এফচিয়ে ডিফু এফচিক 3-1 গ'লৰ ব্যৱধানত পৰাস্ত কৰে ৷ পুৰস্কাৰ হিচাপে বিজয়ী দলক ট্ৰফী আৰু নগদ ধন প্ৰদান কৰে 'কাছা'ৰ উপ-সভাপতি তথা গৌতম তেৰাঙে । বিজেতা দলক ট্ৰফী প্ৰদান কৰে 'কাছা'ৰ সাধাৰণ সম্পাদক পংকজ টেৰণে ৷ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে ইয়ংগান এফচিৰ বিক্ৰম ফাংচ'কে ৷ শ্ৰেষ্ঠ গ'লৰক্ষকৰ বঁটা লাভ কৰে ইয়ংগান এফচিৰ ৰণবীৰ কাথাৰে ৷

লীগৰ শ্ৰেষ্ঠ স্ক'ৰাৰ হিচাপে ডিফু এফএৰ ছাৰকিৰি টেৰণক পুৰস্কৃত কৰা হয় ৷ শ্ৰেষ্ঠ নিয়মানুৱৰ্তিতাৰ বঁটা লাভ কৰে ৰংফু এফচিয়ে ৷ দ্বিতীয় ছেছনৰ বাবে চূড়ান্ত খেলৰ দল দুটাক 'এ ' ডিভিজনলৈ উন্নীত কৰা হয় ৷ খেলখন পৰিচালনা কৰে আৰৱিনচন কিলিঙে ৷ তেওঁক সহায় কৰে বিজয় ৰংহাং আৰু বিজয় ৰংহাং ৷ চতুৰ্থ ৰেফাৰীৰ দায়িত্ব পালন কৰে হনছিং কিলিঙে ৷

লগতে পঢ়ক:বাজাৰিছড়া থানা ঘেৰাও বিজেপি কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.