ETV Bharat / state

APLA cadres surrendered: শান্তি বিচাৰি অস্ত্ৰ পৰিহাৰ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডাসহ 39 আপলা কেডাৰৰ - APLA cadres surrendered

কাৰ্বি আংলং জিলাৰ বোকাজানত অস্ত্ৰ সম্বৰণ 39 গৰাকী বিদ্ৰোহী সদস্যৰ ৷ APLA নামৰ সংগঠনটোৰ মুখ্য সেনাধ্যক্ষৰ লগতে 38 গৰাকী বিদ্ৰোহীয়ে অসম ৰাইফলচ আৰু আৰক্ষীৰ সমুখত নিজৰ অস্ত্ৰ সম্বৰণ কৰে (APLA militants lay down arms) ৷

APLA cadres surrendered
APLA militants lay down arms
author img

By

Published : Jun 2, 2023, 8:33 PM IST

Updated : Jun 2, 2023, 8:45 PM IST

বোকাজানত অস্ত্ৰ সম্বৰণ 39 গৰাকী বিদ্ৰোহী সদস্যৰ

ডিফু, ২ জুন: বন্দুকৰ পথ এৰি শান্তিৰ পথলৈ বাট বুলিলে উত্তৰ-পূবৰ আন এটা বিদ্ৰোহী সংগঠনৰ কেইবাগৰাকীও সদস্যই ৷ আদিবাসী পিপʼলছ লিবাৰেশ্যন আৰ্মী চমুকৈ APLAৰ ৩৯ গৰাকী সদস্যই শুকুৰবাৰে আনুষ্ঠানিকভাৱে আত্মসমৰ্পণ কৰে । এই উদ্দেশ্যে বোকাজান থানা চৌহদত আয়োজিত এক অস্ত্ৰ সম্বৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় (APLA militants lay down arms before Assam Rifles) ৷

APLA militants lay down arms
আপলা কেডাৰৰ অস্ত্ৰ সম্বৰণ

উক্ত অনুষ্ঠানত সংগঠনটোৰ স্বয়ম্ভূ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডাৰ নেতৃত্বত ৩৯ জন আপলা সদস্যই ৩১ টা বিভিন্ন ধৰণৰ মাৰণাস্ত্ৰ আৰু বুজন পৰিমাণৰ গুলি-বাৰুদ প্ৰশাসনৰ ওচৰত জমা দিয়ে । অসম আৰক্ষীৰ চেন্ট্ৰেল ৰেঞ্জৰ মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জীয়ে মূলসুঁতিলৈ ওভতি অহা বিদ্ৰোহী সদস্যসকলক গামোচা পিন্ধাই আদৰণি জনায় (APLA militants surrendered)।

APLA militants lay down arms
39 গৰাকী আপলা কেডাৰৰ আত্মসমৰ্পন

লগতে পঢ়ক: Militancy in NE: পূৰ্বোত্তৰৰ উগ্ৰপন্থী সংগঠনক মূলসুঁতিলৈ অহাৰ আহ্বান গৃহমন্ত্ৰী অমিত শ্বাহৰ

বিদ্ৰোহী সংগঠনটোৱে শুকুৰবাৰে প্ৰশাসনৰ হাতত জমা দিয়া অস্ত্ৰ-শস্ত্ৰসমূহৰ ভিতৰত আছে তিনিটা AK ৫৬ ৰাইফল, ৬টা ৭.৬৫ পিষ্টল, ১৩ টা পইন্ট ২২ পিষ্টল, এছ বি বি এল বন্দুক চাৰিটা, পইন্ট ২২ ৰাইফল ফিক্সড বাট এটা, পইন্ট ২২ ৰাইফল ফল্ডেড বাট এটা, পইন্ট ২২ ৰাইফল এটা, পইন্ট থ্ৰী নট থ্ৰী ৰাইফল এটা, পইন্ট ২২ ছেমি অটোমেটিক এটা, পইন্ট ২২ মিঃমিঃৰ গুলী ১১৪ টা, ৭.৬২ মিঃমিঃৰ গুলী ১২২ টা, ৭.৬৫ মিঃমিঃৰ গুলী ৩১ টা, কাৰ্টুজ ১১ টা, ৩৬ গ্ৰেণেড এটা আৰু এটা চাইনিজ গ্ৰেণেড (Militancy in Assam) ।

APLA militants lay down arms
আপলা সদস্যৰ অস্ত্ৰ ত্যাগ

অস্ত্ৰসম্বৰণ অনুষ্ঠানটোত কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া, ২০ নং চি আৰ পি এফৰ কমাণ্ডেন্ট স্বৰ্ণ সিং আদি উপস্থিত থাকে । আনহাতে, আপলাৰ স্বয়ম্ভূ মুখ্য সেনাধ্যক্ষ চাহিল মুণ্ডাই এতিয়াও সংগঠনটোৰ প্ৰায় দুকুৰি সদস্য আত্মসমৰ্পণ প্ৰক্ৰিয়াৰ পৰা বাহিৰত থকা বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে (APLA rebels surrendered) ।

স্মৰ্তব্য যে, যোৱা জানুৱাৰী মাহতে অস্ত্ৰত্যাগৰ ইচ্ছা প্ৰকাশ কৰিছিল চাহিল মুণ্ডাই ৷ এই সন্দৰ্ভত সবিশেষ বৰ্ণনা কৰি সংবাদ মাধ্যমলৈ এক ভিডিঅ’ বাৰ্তাও প্ৰেৰণ কৰিছিল মুখ্য সেনাধ্যক্ষগৰাকীয়ে ৷ অৱশেষত প্ৰায় ছমাহৰ অন্তত বিদ্ৰোহৰ পন্থা ত্যাগ কৰি শান্তিৰ পথলৈ আহিল APLA ৰ মুখ্য সেনাধ্যক্ষৰ লগতে 38 গৰাকী সদস্য ৷ বাকী জংঘলত থকা সদস্যসকলো ওলাই আহে নে, নতুনকৈ সংগ্ৰাম আৰম্ভ কৰে, সেয়া অৱশ্যেই লক্ষণীয় হ’ব (APLA militant in Assam) ৷

লগতে পঢ়ক: APLA Ready to Surrender: শান্তিৰ সংজ্ঞা বিচাৰি অস্ত্ৰ ত্যাগৰ প্ৰস্তুতি নিষিদ্ধ ঘোষিত সংগঠন আপলাৰ

উল্লেখ্য যে, এসময়ত বহুকেইটা বিদ্ৰোহী সংগঠনেৰে ভৰি থকা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় সংখ্যক সংগঠনেই বৰ্তমান অস্ত্ৰ ত্য়াগ কৰি মূলসূঁতিলৈ উভতি আহিছে ৷ অতি শেহতীয়াভাৱে যোৱা 27 এপ্ৰিলত কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত অসম চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল ডিমাছা নেচনেল লিবাৰেশ্যন আৰ্মী চমুকৈ DNLA এ ৷ তাৰ পাচতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দাবী কৰিছিল যে অসমৰ পৰা জনগোষ্ঠীয় বিদ্ৰোহ সম্পূৰ্ণৰূপে অন্ত পৰিছে ৷ কিন্তু বৰ্তমানেও ওলমি ৰৈছে আলফা-চৰকাৰৰ আলোচনাৰ প্ৰসংগ (Rebel group in Assam) ৷

Last Updated : Jun 2, 2023, 8:45 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.