ডিফু, ১৫ অক্টোবৰ: বকলীয়াঘাটত সন্মিলিত কাৰ্বি আংলং জিলা ছাত্ৰ সন্থাৰ শতাধিক কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ জিলা পশুপালন বিষয়া দিলীপ মহন্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত সংগঠটোৱে এনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ সংগঠনটোৱে পশুপালন বিভাগত দীৰ্ঘ দিন ধৰি ব্যাপক দুৰ্নীতি সংঘটিত হোৱা বুলি অভিযোগ কৰে ৷ নীতি বিৰুদ্ধভাৱে একেটা পদত ২৫ বছৰ ধৰি কাৰ্যনিৰ্বাহ কৰা বুলি পশুপালন বিষয়া দিলীপ মহন্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে প্ৰতিবাদকাৰীকাৰী সকলে ৷ কাৰ্বি আংলং স্বায়ত্ত্বশাসিত পৰিষদ কৰ্তৃপক্ষই দুৰ্নীতিগ্ৰস্ত বিষয়াক সুৰক্ষা প্ৰদানৰ অভিযোগ উত্থাপন কৰে ৷ সংগঠনটোৰ নেতৃবৰ্গই এই সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।
লগতে পঢ়ক : অগপৰ দূৰ্গখ্যাত পাটাছাৰকুছি সমষ্টিত প্ৰাৰ্থী দিব বিজেপিয়ে