ETV Bharat / state

ডিফুত অসম শৈল্য চিকিৎসক সন্থাৰ শাখা মুকলি - কাৰ্বি আংলং

ডিফু চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অসম শৈল্য চিকিৎসক সন্থাৰ পাৰ্বত্য শাখা সমিতি ৷ অসম শৈল্য চিকিৎসক সন্থাৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পাৰ্বত্য শাখাটো মুকলি কৰা হয় ৷ দূৰণিবটীয়া পাহাৰীয়া জিলাখনৰ ৰোগীৰ শৈল্য চিকিৎসাৰ বাবে কাৰ্বি আংলং আৰু ডিমা হাছাওক সামৰি অসম শৈল্য চিকিৎসাৰ অন্তৰ্গত শাখা সমিতিৰ এই মুকলিয়ে জিলাখনলৈ এক আশাৰ ৰেঙণি আনিছে বুলি মন্তব্য ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য চিকিৎসা বিভাগৰ প্ৰধান দেৱব্ৰত সিনহাৰ ৷

ডিফুত অসম শৈল্য চিকিৎসক সন্থাৰ শাখা মুকলি

author img

By

Published : Mar 7, 2021, 12:47 PM IST

Updated : Sep 23, 2022, 1:44 PM IST

ডিফু,৭ মাৰ্চ: শনিবাৰে ডিফু চিকিৎসা মহাবিদ্যালয়ত আনুষ্ঠানিকভাৱে মুকলি কৰা হয় অসম শৈল্য চিকিৎসক সন্থাৰ পাৰ্বত্য শাখা সমিতি ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ৰ একাডেমিক ব্লকৰ সন্মিলন কক্ষৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম শৈল্য চিকিৎসক সন্থাৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পাৰ্বত্য শাখাটো মুকলি কৰা হয় ৷ এই সন্দৰ্ভত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য চিকিৎসা বিভাগৰ প্ৰধান দেৱব্ৰত সিনহাই কয় যে, দূৰণিবটীয়া পাহাৰীয়া জিলাখনৰ ৰোগীৰ শৈল্য চিকিৎসাৰ বাবে কাৰ্বি আংলং আৰু ডিমা হাছাওক সামৰি অসম শৈল্য চিকিৎসাৰ অন্তৰ্গত শাখা সমিতিৰ এই মুকলিয়ে জিলাখনলৈ এক আশাৰ ৰেঙণি আনিছে ৷ অসম শৈল্য চিকিৎসক সন্থাই পাৰ্বত্য শাখা সমিতিৰ হাতত প্ৰমাণ পত্ৰ হস্তান্তৰ কৰে বুলি জানিবলৈ দিয়ে বিভাগীয় বিষয়াগৰাকীয়ে ৷ এই সম্পূৰ্ণ প্ৰক্ৰিয়াৰ বাবে প্ৰফেছাৰ দেৱব্ৰত সিনহাই তেওঁৰ সহযোগী প্ৰৱক্তা ডাঃ ডেভিড পেগু, সহকাৰী প্ৰবক্তা দেৱব্ৰত দত্ত আৰু সম্পাদক ডাঃ সুৰজিত মাৰাকক কৃতজ্ঞতা জনায় ৷

আনহাতে, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য চিকিৎসা বিভাগৰ সহকাৰী প্ৰৱক্তা ডাঃ দেৱব্ৰত দত্তই কয় যে, ডিফুৰ বাবে ই এক ঐতিহাসিক ক্ষণ ৷ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ চিকিৎসা মহাবিদ্যালয় আৰু ব্যক্তিগত চিকিৎসা মহাবিদ্যালয়ৰ শৈল্য চিকিৎসা বিভাগৰ প্ৰায় ৮২ গৰাকী শৈল্য চিকিৎসকে অনুষ্ঠানটোৰ ডায়বেটিক ফুড, কৰ্কট আদি বিভিন্ন বিষয়ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিছে ৷

ইয়াৰোপৰি উক্ত কাৰ্যসূচীত অসম শৈল্য চিকিৎসক সন্থাৰ সভাপতি লক্ষ্যেশ্বৰ ভূঞা, উপ সভাপতি ৰকেট চন্দ্ৰ ব্ৰহ্ম আৰু সম্পাদক ডাঃ ৰূপ নাৰায়ণ গোস্বামী উপস্থিত থাকি কাৰ্যসূচীৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ ইয়াৰোপৰি, এই অনুষ্ঠানতে সাহিত্য চৰ্চা, চিকিৎসা চৰ্চা আৰু শৈল্য চিকিৎসাৰ সম্বলিত জাৰ্ণেল 'জাছা'ৰো শুভ উন্মোচন কৰা হয় ৷

লগতে পঢ়ক: বিধায়ক অশোক কুমাৰ সিংহীৰ বিৰুদ্ধে প্ৰতিবাদ

Last Updated : Sep 23, 2022, 1:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.