ETV Bharat / state

Lachit Divas 2022: ৰাজ্যজুৰি উদযাপন লাচিত বৰফুকনৰ জন্ম জয়ন্তী - জাতীয় বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী

শুকুৰবাৰৰ পৰা অসম আৰক্ষীৰ উদ্যোগত অৱুষ্ঠিত হৈছে জাতীয় বীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী উদযাপন (Lachit Divas 2022) ৷ সেই হেতুকে ৰাজ্যজুৰি শুকুৰবাৰে পুৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তত অসম আৰক্ষীৰ উদ্যোগত বাহিৰ কৰা হয় মাৰ্চ পাষ্ট ৷ য’ত অসম আৰক্ষী, CRPF বাহিনীৰ লগতে স্থানীয় ৰাইজেও সদল বলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় (Assam police celebrate Lachit Divas across Assam) ৷

Lachit Divas 2022
ৰাজ্যজুৰি উদযাপন লাচিত বৰফুকনৰ জন্ম জয়ন্তী
author img

By

Published : Nov 18, 2022, 10:30 PM IST

নিউজ ডেস্ক, 18 নৱেম্বৰ : সমাগত লাচিত দিৱস ৷ 24 নৱেম্বৰত ৰাজ্য তথা দেশবাসীয়ে উদযাপন কৰিব জাতীয় বীৰ লাচিত বৰফুকনৰ 400 সংখ্যক জন্ম জয়ন্তী (400th birth anniversary of Lachit Borphukan)। জাতীয় বীৰ যুদ্ধাগৰাকীক শ্ৰদ্ধা জনোৱাৰ উদ্দেশ্যে অসম আৰক্ষীৰ তৰফৰ পৰাও ৰাজ্যজুৰি গ্ৰহণ কৰা হৈছে এক বিশেষ কাৰ্যসূচীৰ ৷

এই কাৰ্যসূচীৰ অংশস্বৰূপে আজিৰে (18 নৱেম্বৰ) পৰা ডিমা হাছাও আৰক্ষীয়ে তিনিদিনীয়াকৈ উদযাপন কৰিবলৈ মন মেলিছে জাতীয় বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী (Lachit Divas celebrate in Dima Hasao) ৷ সেই হেতুকে আজি অৰ্থাৎ শুকুৰবাৰে ডিমা হাছাও জিলা প্ৰশাসনে হাফলং সাংস্কৃতিক ভৱনৰ পৰা এক শোভাযাত্ৰা বাহিৰ কৰে । এই শোভাযাত্ৰা সমগ্ৰ চহৰ পৰিক্ৰমা কৰি আকৌ হাফলং সাংস্কৃতিক ভৱনত অন্ত পৰে ।

আনহাতে, এই শোভাযাত্ৰৰ উপৰিও আজি হাফলঙত ডিমা হাছাও আৰক্ষীৰ উদ্যোগত হাফলং টেক্সিষ্টেণ্ডৰ পৰা মাৰ্চ পাষ্ট উলিওৱা হয় । এই মাৰ্চপাষ্টত অসম আৰক্ষীৰ কমাণ্ড বাহিনী, পঞ্চম অসম বেটেলিয়ান, এপিআৰও অগ্নি নিৰ্বাপক বাহিনী, গৃহৰক্ষী বাহিনী, এনচিচি বয়েজৰ লগতে স্কাউট গাইডৰ বয়েজ আৰু গাৰ্লছৰ দলে অংশগ্ৰহণ কৰে । হাফলং টেক্সি ষ্টেণ্ডৰ পৰা এই মাৰ্চপাষ্ট হাফলং চহৰ পৰিক্ৰমা কৰি উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ টেনিছ খেলপথাৰত অন্ত পৰে ।

ৰাজ্যজুৰি উদযাপন লাচিত বৰফুকনৰ জন্ম জয়ন্তী

ইয়াৰ পিচতে লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ডিমা হাছাও জিলাৰ আৰক্ষী অধীক্ষক ময়ংক কুমাৰ আৰু পঞ্চম অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেণ্ট লামহাও দুংগেলে । উল্লেখ্য যে, বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে শনিবাৰে হাফলং চৰকাৰী উচ্চতৰ বালিকা বিদ্যালয়ত স্কুল আৰু কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব ।

লগতে পঢ়ক : Birth Aniversary of Lachit Borphukan: বিশাল মাৰ্চপাষ্টেৰে লাচিত জন্মজয়ন্তীৰ শুভাৰম্ভ

20 নৱেম্বৰত ডিমা হাছাও আৰক্ষীৰ তৰফৰ পৰা বৃক্ষ ৰোপন কাৰ্যসূচীৰ লগতে স্বচ্ছ অভিযানৰ অধীনত চাফাই অভিযান আৰু হাফলং থানা চৌহদত ৰক্তদান শিবিৰৰ আযোজন কৰা হৈছে । ইয়াৰ উপৰিও 24 নৱেম্বৰত হাফলং পুথিভঁৰাল প্ৰেক্ষাগৃহত ডিমা হাছাও জিলা প্ৰশাসনৰ উদ্যোগত বিভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীৰ কাৰ্যসূচী অন্ত পৰিব ।

কেৱল হাফলঙতে নহয়, লাচিত বৰফুকনৰ 400 বছৰীয়া জন্ম জয়ন্তী উপলক্ষে বৰপেটাতো বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে ৷ শনিবাৰৰ পৰা 24 নৱেম্বৰলৈকে জিলাখনত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে মহাবীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপন কৰা হ’ব ৷ যাৰ অংশস্বৰূপে শনিবাৰ পুৱা বৰপেটা জিলাৰ আৰক্ষী প্ৰশাসনৰ উদ্যোগত মাৰ্চ পাষ্টেৰে লাচিত দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ৷ এই মাৰ্চ পাষ্টৰ শুভাৰম্ভ কৰে বৰপেটা জিলা উপায়ুক্ত আয়ুষ গৰ্গে ৷

বৰপেটাত বাহিৰ কৰা আৰক্ষীৰ মাৰ্চ পাষ্টৰ লগতে গায়ন-বায়ন, বিহুৱা দল আৰু বহু ছাত্ৰ-ছাত্ৰীয়েও এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰে (Lachit Divas celebrate in Barpeta) ৷ বৰপেটা পৌৰ সভাৰ খেলপথাৰৰ পৰা আৰম্ভ হোৱা এই মাৰ্চ পাষ্ট পাচ আলি, মুছলিমপট্টি, নিউ ক’ৰ্ট ৰোড, থানা ৰোড, তৰুণৰাম ফুকন হল পথ হৈ পুৰণি চিকিৎসালয় পথৰ মাজেৰে আগবাঢ়ি গৈ পৌৰসভা ফিল্ডত সামৰণি পৰে ৷

হাফলং,বৰপেটাৰ দৰে লখিমপুৰ, তামুলপুৰ, ৰহা, দেৰগাঁও, হোজাই, হাইলাকান্দি, নলবাৰী, মৰিগাঁও, নগাঁও, বঙাইগাঁৱতো শনিবাৰৰ পৰা আহোমৰ বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তী উদযাপনৰ দিহা কৰিছে ৷ যাৰ উপলক্ষে শনিবাৰে পুৱাই উল্লেখিত আটাইকেইখন জিলাতে অসম আৰক্ষীৰ দ্বাৰা মাৰ্চ পাষ্ট বাহিৰ কৰা হয় (Assam police celebrate Lachit Divas across Assam) ৷

য’ত আৰক্ষী, CRPF বাহিনীৰ লগতে স্থানীয় ৰাইজেও সদল বলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় ৷

লগতে পঢ়ক : Lachit Anniversary celebrated in Sivasagar: লাচিত দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী শিৱসাগৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.