ETV Bharat / state

Treaty of Yandabo: অসম সন্মিলিত মহাসংঘই পালন কৰিলে ‘খিলঞ্জীয়াৰ ক'লা দিৱস‘

author img

By

Published : Feb 24, 2022, 10:47 PM IST

196 বছৰ সম্পূৰ্ণ হ’ল ইয়াণ্ডাবু সন্ধিৰ(Treaty of Yandabo) ৷ সেই উপলক্ষে বৃহস্পতিবাৰে অসম সন্মিলিত মহাসংঘৰ উদ্যোগত কাৰ্বি আংলঙৰ মাঞ্জাত পালন কৰা হ’ল ‘খিলঞ্জীয়াৰ ক'লা দিৱস‘ ৷ অনুষ্ঠিত সভাৰ জৰিয়তে খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ অসমত কাৰ্যকৰী কৰিবলৈ দাবী জনোৱা হয় ৷

Treaty of Yandabo
অসম সন্মিলিত মহাসংঘই পালন কৰিলে ‘খিলঞ্জীয়াৰ ক'লা দিৱস‘

ডিফু, ২৪ ফেব্ৰুৱাৰী: ১৯৬ বছৰ পূৰ্বে ২৪ ফেব্ৰুৱাৰীত ম্যানমাৰৰ ইৰাৱতী নদীৰ পাৰত ইয়াণ্ডাবু নামে ঠাইত সম্পাদিত হৈছিল ইয়াণ্ডাবু সন্ধি (Treaty of Yandabo)। ইয়াণ্ডাবু সন্ধিৰ পিছতেই বৃটিছে অবৈধভাবে অসম দেশ দখল কৰিছিল । অসম দেশে স্বাধীনতা হেৰুৱাৰ ১৯৬ বছৰ পূৰ্ণ হোৱা উপলক্ষে বৃহস্পতিবাৰে অসম সন্মিলিত মহাসংঘ(Asom Sanmilita Mahasangha)ই কাৰ্বি আংলং জিলাৰ মাঞ্জাত কুকী নেচনেল এচেম্বলীৰ উদ্যোগত কুকী, ডিমাছা, কাৰ্বি, ৰেংমা জনগোষ্ঠীৰ সহযোগত "খিলঞ্জীয়াৰ ক'লা দিৱস" পালন কৰে (Black day observed in Karbi Anglong)।

কুকী নেশ্যনেল এচেম্বলীৰ সভাপতি টংথাং টৌথাঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি হিচাপে দিয়া ভাষণত এ এছ বি চিৰ সভাপতি চন্দ্ৰকান্ত টেৰাঙে কয় যে, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত একতা নথকাৰ বাবেই খিলঞ্জীয়াসকলে অধিকাৰ প্ৰতিষ্ঠা কৰিব পৰা নাই । খিলঞ্জীয়াসকলক দৃঢ়তাৰে ঐক্যৰ দিশত কাম কৰিবলৈ তেও অনুৰোধ জনায় । সভাত মুখ্য বক্তাৰূপে দিয়া ভাষণত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ইয়াণ্ডাবু সন্ধিৰ ২ নং অনুচ্ছেদৰ কথা উল্লেখ কৰি ইয়াণ্ডাবু সন্ধি সম্পাদিত হোৱাৰ দিনাই অসম, কাছাৰ আৰু জয়ন্তীয়া দেশে স্বাধীনতা ঘূৰাই পাইছিল বুলি উল্লেখ কৰি বৃটিছে অবৈধভাবে অসম দেশ দখল কৰিছিল বুলি কয় । ইয়াণ্ডাবু সন্ধিৰ পিছতেই বৃটিছে নিজৰ স্বাৰ্থত আৰম্ভ কৰা বিদেশীৰ প্ৰৱজন সম্পৰ্কে পূৰ্বপুৰুষে কোনো আলোচনা নকৰাটো এটা দুৰ্ভাগ্যজনক ঘটনাৰূপে অভিহিত কৰে ।

সভাত বিশেষ অতিথিৰূপে হিলছ ট্ৰাইবেল লীগৰ সভাপতি ছয়চিং ৰংপী আৰু আমন্ত্ৰিত অতিথিৰূপে ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ ডিফুছা, কাৰ্বি ছাত্ৰ সংগঠনৰ সভাপতি ছেমচন টেৰণ আৰু কুকী নেশ্যনেল এচেম্বলীৰ উপদেষ্টা ৰেভাৰেণ্ড এছ চিংছন আদিয়ে খিলঞ্জীয়াৰ ঐক্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে অসম সন্মিলিত মহাসংঘক হাতে-কামে সহযোগিতা কৰিবলৈ অনুৰোধ জনায় ।

পুৱা ক'লা পতাকা উত্তোলন কৰে মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে আৰু ক'লা বেজ পৰিধান কৰা কাৰ্যসূচী পৰিচালনা কৰে মহাসংঘৰ মহা সচিব পূৰ্ণানন্দ ৰাভাই । সভাই ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদ অসমত কাৰ্যকৰী কৰিবলৈ দাবী জনোৱাৰ আৰু দেশৰ সংবিধান অনুসৰি ১৯৫১ ভিত্তি বছৰৰ ভিত্তিত বিদেশী সমস্যাৰ সমাধান কৰিবলৈও দাবী জনায় ৷

লগতে পঢ়ক: KMSS protest meeting in Sachal: থলুৱাক প্ৰদান কৰক ভূমি পট্টা: কৃষক মুক্তি সংগ্ৰাম সমিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.