ETV Bharat / state

কাৰ্বি আংলঙৰ এএছডিচিৰ নির্বাচনী ইস্তাহাৰ মুকলি - কা'ৰ বিৰোধিতা

কার্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অটনমাছ স্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে নির্বাচনী ইস্তাহাৰ মুকলি কৰিছে । বৃহস্পতিবাৰে বিয়লি দলটোৰ ডিফুস্থিত মুখ্য কার্যালয়ত এক সংবাদমেল আয়োজন কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে নিৰ্বাচনী ইস্তাহাৰখন ৷

কাৰ্বি আংলঙৰ ৰাজনৈতিক দল এএছডিচিৰ নির্বাচনী ইস্তাহাৰ মুকলি

author img

By

Published : Mar 19, 2021, 9:03 AM IST

কাৰ্বি আংলঙ,১৮ মাৰ্চঃ কংগ্ৰেছৰ মহাজোঁটত অন্তভূক্ত হ’ব নোৱাৰি ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ সৈতে মিত্ৰতা কৰা কার্বি আংলঙৰ আঞ্চলিক ৰাজনৈেতিক দল অটনমাছ স্টেট ডিমাণ্ড কমিটি চমুকৈ এএছডিচিয়ে এইবাৰৰ নির্বাচনী ইস্তাহাৰ মুকলি কৰিলে । বৃহস্পতিবাৰে বিয়লি দলটোৰ ডিফুস্থিত মুখ্য কার্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি নিৰ্বাচনী ইস্তাহাৰ খনৰ আনুষ্ঠানিকভাৱে মুকলি কৰে এএছডিচি দলৰ সাধাৰণ সম্পাদক সাণোছিং তেৰাং, ডেনিয়েল টেৰণ আৰু সঞ্জয় কিলিঙে । দলটোৱে সমাগত নিৰ্বাচনত জয়লাভ কৰিবলৈ সক্ষম হ’লে হাতত লবলগীয়া কার্যসূচী সম্পৰ্কে নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰে ৷

কাৰ্বি আংলঙৰ ৰাজনৈতিক দল এএছডিচিৰ নির্বাচনী ইস্তাহাৰ মুকলি

নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰা অনুসৰি, দলটোৱে স্বায়ত্বশাসিত ৰাজ্য গঠন, কা'ৰ বিৰোধিতা, কৃষি আইনৰ বিৰোধিতা, অনুপ্ৰৱেশ ৰোধ, স্বায়ত্বশাসিত পৰিষদৰ ক্ষমতা পুণৰুদ্ধাৰ, পৰিষদে নিজাববীয়াকৈ টেট অনুষ্ঠিত কৰা, পাৰ্বত্য অঞ্চলৰ উগ্ৰপন্থী সমস্যাৰ ৰাজনৈতিক সমাধান, দুর্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি, কাৰ্বি আংলঙৰ মাটি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অন্তর্ভূক্তিৰ বিৰোধিতা, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পঞ্চাশ শতাংশ আসন কাৰ্বি আংলঙৰ শিক্ষার্থীৰ বাবে সংৰক্ষণ, ডিফু চিকিৎসা মহাবিদ্যালয়ক স্বায়ত্বশাসিত পৰিষদৰ অধীনলৈ অনা, নিয়োগ সৃষ্টি, চাকৰিৰ কিনা-বেচা বন্ধ কৰা, অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদক পূর্ণাংগ বিশ্ববিদ্যালয়লৈ ৰূপান্তৰকে ধৰি গুৰুত্বপূর্ণ কর্ম আঁচনিসমূহ ৰূপায়নৰ কথা উল্লেখ কৰে ৷

সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত এএছডিচিৰ সাধাৰণ সম্পাদক ডেনিয়েল টেৰণে কয় যে, জিলাখনৰ বাবে কংগ্ৰেছ বিজেপি দুয়োটা দল সমানে বিপদজনক ৷ মন্ত্ৰী ছুম ৰংহাং বিজেপিৰ মন্ত্ৰীত্বত থাকিও শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰাৰ বিপৰীতে আকৌ কংগ্ৰেছৰ উপ-সভাপতি পদত থাকি বৰ্তমান বিদ্যাছিং ইংলেং বিজেপিৰ প্ৰাৰ্থী হৈছে ৷ ইফালে ৰাইজৰ দল আৰু এজেপিৰ সমৰ্থনপুষ্ট এএছডিচিয়ে ঘৰে ঘৰে প্ৰচাৰ চলাই ভোটাৰ ৰাইজৰ সমাদৰ লাভ কৰাৰ লগতে চাৰিওটা সমষ্টিতে এএছডিচিৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে ৷

লগতেল পঢ়কঃ বকোত মেঘালয়ৰ মাৰণাস্ত্ৰ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.