ETV Bharat / state

Constituency Delimitation 2023: ১৮ টা বিধানসভা সমষ্টি আৰু তিনিটা লোকসভা সমষ্টি গঠনৰ দাবী এএছডিচিৰ - ১৮ টা বিধানসভা সমষ্টি

নিৰ্বাচন আয়োগৰ দলক সাক্ষাৎ পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ বিভিন্ন ৰাজনৈতিক দলৰ ৷ এএছডিচিয়ে তিনিখন পাহাৰীয়া জিলাৰ বৰ্তমানৰ ৫ টা বিধানসভা সমষ্টি আৰু ১ টা লোকসভা সমষ্টিৰ বিপৰীতে ১৮ টা বিধানসভা সমষ্টি আৰু তিনিটা লোকসভা সমষ্টি গঠনৰ দাবী উত্থাপন কৰে ৷

ASDC press meet on meeting ECI
১৮ টা বিধানসভা সমষ্টি আৰু তিনিটা লোকসভা সমষ্টি গঠনৰ দাবী এএছডিচিৰ
author img

By

Published : Jul 20, 2023, 7:41 PM IST

১৮ টা বিধানসভা সমষ্টি আৰু তিনিটা লোকসভা সমষ্টি গঠনৰ দাবী এএছডিচিৰ

ডিফু, ২০ জুলাই: বিগত 20 জুনত অসমত সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পাচতেই যোৱা 19 জুলাইত তিনিদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছে নিৰ্বাচন আয়োগৰ এটি পূৰ্ণাংগ দল ৷ 19 তাৰিখ অৰ্থাৎ বুধবাৰে ষষ্ঠ অনুসূচীৰ তিনিখন পাহাৰীয়া জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ বিভিন্ন ৰাজনৈতিক দলে সাক্ষাৎ কৰে নিৰ্বাচন আয়োগৰ দলটোক ৷

উল্লেখ্য যে, প্ৰস্তাৱিত খচৰাত পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছু বিধানসভা সমষ্টি ভাগ কৰি এটা বিধানসভা সমষ্টি নতুনকৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ ৰাখে এএছডিচিয়ে ৷ নিৰ্বাচন আয়োগৰ শুনানি কালত উপস্থিত থকা আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে তিনিখন পাহাৰীয়া জিলাৰ বৰ্তমানৰ ৫ টা বিধানসভা সমষ্টি আৰু ১ টা লোকসভা সমষ্টিৰ বিপৰীতে ১৮ টা বিধানসভা সমষ্টি আৰু তিনিটা লোকসভা সমষ্টি গঠনৰ দাবী উত্থাপন কৰে ৷ পাহাৰীয়া জনসাধাৰণৰ বিধানসভা আৰু লোকসভাৰ প্ৰতিনিধিত্ব বৃদ্ধিৰ বাবে এই দাবী উত্থাপন কৰা বুলি এএছডিচি দলৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে বৃহস্পতিবাৰে ডিফুত অনুষ্ঠিত এক সংবাদমেলযোগে প্ৰকাশ কৰে ৷

নিৰ্বাচন আয়োগক এখন ৫ দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা প্ৰকাশ কৰি কয় তেৰাঙে কয় যে, বৈঠালাংছু বিধানসভাৰ বৰ্তমানৰ ১৮ টা ভোটগ্ৰহণ কেন্দ্ৰক ১৯৭৫ চনতে নগাঁৱৰ পৰা বিলুপ্ত কৰি বৈঠালাংছু বিধানসভাত সন্নিৱিষ্ট কৰা হৈছিল ৷ এতিয়া উক্ত কেন্দ্ৰকেইটাক পুনৰ নগাওঁ জিলাৰ বিভিন্ন বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰি এই বিবাদ মীমাংসা কৰাৰ দাবী উত্থাপন কৰে দলটোৱে ৷

ইয়াৰ লগতে পাৰ্বত্য জিলাৰ বিধানসভা সমষ্টিসমূহ পৰিষদীয় সমষ্টিৰ আধাৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰিবলৈ দাবী উত্থাপন কৰে এএছডিচিয়ে ৷ কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ সীমামূৰীয়া জিলাৰ আন্তঃজিলা আৰু আন্তঃৰাজ্যিক সীমান্তৰ ভোটাৰ এলেকা স্থায়ী ভাৱে নিৰ্ধাৰণ কৰাৰো দাবী উত্থাপন কৰে দলটোৱে ৷

দলটোৱে লগতে উল্লেখ কৰে যে, খচৰা সংশোধন কৰিব পৰা দাবীসমূহৰ লগতে ৰাজনৈতিকভাৱে এই দাবীসমূহ সমাধান কৰাৰ বাবে স্মাৰক পত্ৰৰ প্ৰতিলিপি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰীলৈও প্ৰেৰণ কৰা বুলি তেৰাঙে সংবাদমেলত ব্যক্ত কৰে ৷

লগতে পঢ়ক: Milk Price Hike in Guwahati : মূল্যবৃদ্ধিৰ মাধমাৰ, মহানগৰীত মহঙা হ’ল গাখীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.