ডিফু, ২১ আগষ্ট : অসমৰ বিধানসভা সমষ্টিৰ পুনৰ গঠনৰ বিষয়ক কেন্দ্ৰ কৰি ৰাজ্যজুৰি ক্ষোভ-অসন্তুষ্টি অব্যাহত থকাৰ সময়তে এইবাৰ সমষ্টি পুনৰ গঠনৰ চূড়ান্ত তালিকাক লৈ অসন্তুষ্টি ব্যক্ত কৰিছে পাহাৰীয়া জিলাৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে। সোমবাৰে এক সংবাদমেল সম্বোধন কৰি দলটোৰ সাধাৰণ সম্পাদক জৎচন বে’ই কয় যে, সমষ্টি পুনৰ গঠনৰ খচৰা প্ৰকাশ হোৱাৰ পিছত এই সন্দৰ্ভত দল সংগঠনৰ মতামত বিচৰা হৈছিল যদিও চূড়ান্ত তালিকা প্ৰকাশৰ ক্ষেত্ৰত এনে মতামতক গুৰুত্ব প্ৰদান কৰা নহ’ল ৷
আনহাতে, বে’ই কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাত সমষ্টিৰ পুনৰ গঠনৰ বাবে নতুনকৈ সীমা নিৰ্ধাৰণ কৰাৰ বাবে কেন্দ্ৰীয় নিৰ্বাচন আয়োগ আৰু অসম চৰকাৰক আহ্বান জনায়। ইয়াৰ বাবে ডিফুত এখন সৰ্বদলীয় সভাৰ আয়োজন কৰাৰ বাবেও দাবী জনায় আঞ্চলিক দলটোৱে।
লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ অন্তৰ্গত কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সমষ্টিসমূহৰ পুনৰ গঠনৰ সন্দৰ্ভত সংবাদমেলযোগে কেতবোৰ দাবী উত্থাপন কৰে এএছডিচি দলে। দাবী সমূহৰ অনুসৰি, বোকাজান বিধানসভা সমষ্টিৰ ডলামৰা, বাগৰি আদি এলেকা নতুনকৈ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰা হৈছে যদিও উক্ত এলেকাসমূহ পুনৰ বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰি ৰখাৰ বাবে দলটোৱে দাবী জনায়। কেৱল ৰংখাং উন্নয়ন খণ্ড এলেকাক সামৰি ৰংখাং বিধানসভা সমষ্টিটো নতুনকৈ গঠন কৰা হৈছে যদিও চ’ছেং উন্নয়ন খণ্ড এলেকাকো ৰংখাং বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় দলটোৱে।
ইয়াৰ উপৰিও নগাঁও জিলাৰে সংলগ্ন হৈ থকা নৱগঠিত আমৰি বিধানসভা সমষ্টিৰ একাংশ এলেকা হোজাই বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰা বুলি অভিযোগ কৰে দলটোৱে। ১৯৭৫ চনৰ ৩ ছেপ্টেম্বৰত উক্ত অঞ্চলটো নগাঁও জিলাৰ তদানীন্তন কাৰ্বি আংলং তথা বৰ্তমানৰ পশ্চিম কাৰ্বি আংলং জিলালৈ হস্তান্তৰ কৰাৰ হৈছিল ৷ যোৱা ৪৪ বছৰে এই এলেকাটো বৈঠালাংছ’ এলেকাৰ অন্তৰ্ভুক্ত হৈ আছিল । সেয়েহে, হোজাই বিধানসভা সমষ্টিৰ বৰপথাৰ গাঁও পঞ্চায়ত এলেকাত বৰ্তমান উল্লেখ থকা এলেকাটো বাতিল কৰাৰ বাবে দলটোৱে দাবী জনায়।
লগতে পঢ়ক: Massive Erosion at Dibrugarh: কলী আই থানলৈ ভাবুকি, ব্ৰহ্মপুত্ৰত বিলীন শ শ কৃষিভূমি