ETV Bharat / state

কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা শুদ্ধ ৰূপত পুনৰ প্ৰকাশৰ দাবী

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন(Karbi Anglong Autonomous Council Election 2022) ৰ প্ৰতি লক্ষ্য ৰাখি শুকুৰবাৰে ডিফুৰ উপায়ুক্তৰ কাৰ্যালয়ত 2022 চনৰ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ চূড়ান্ত তালিকাখন আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হৈছিল ৷ ইয়াৰ পাছতে স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাখন গ্ৰহণযোগ্য নহয় বুলি দাবী কৰি ইয়াক শুদ্ধ ৰূপত পুনৰ প্ৰকাশ কৰিবলৈ দাবী জনায় বিৰোধী আঞ্চলিক দল স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতিয়ে ৷

author img

By

Published : Mar 31, 2022, 3:31 PM IST

asdc-demand-to-republished-of-kaac-final-voter-list
কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা শুদ্ধ ৰূপত পুনৰ প্ৰকাশৰ দাবী

ডিফু, 31 মাৰ্চ : কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ(Karbi Anglong Autonomous Council Election 2022) পূৰ্বে শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰি পৰিষদৰ নিৰ্বাচন সঠিক সময়ত অনুষ্ঠিত কৰিবলৈ দাবী জনায় বিৰোধী আঞ্চলিক দল স্বায়ত্তশাসিত ৰাজ্যিক দাবী সমিতি চমুকৈ এএছডিচিয়ে (Autonomous State Demand Committee) ৷ বুধবাৰে বিয়লি ডিফুস্থিত এএছডিচিৰ কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷

এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাং

এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত কয় যে, সমাগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বাবে প্ৰকাশ পোৱা খছৰা আৰু চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পোৱাৰ সন্দৰ্ভত এটা পঞ্জীয়নভুক্ত ৰাজনৈতিক দল হিচাপে বিভাগীয় কৰ্তৃপক্ষৰ পৰা সৰ্বদলীয় বৈঠকৰ বাবে কোনো পত্ৰ পোৱা নাছিল ৷ আনহাতে পৰিষদীয় নিৰ্বাচন সন্দৰ্ভত ভোটাৰ তালিকাৰ দাবী, আপত্তি আৰু নিষ্পত্তিকৰণৰ দিন-বাৰ সন্দৰ্ভতো একো অৱগত নাছিল দলটোয়ে ৷

তেনে ক্ষেত্ৰত যোৱা ২৫ মাৰ্চত প্ৰকাশ পোৱা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকাখন গ্ৰহণযোগ্য নহয় বুলি দাবী কৰি শুদ্ধ ৰূপত ইয়াক পুনৰ প্ৰকাশ কৰিবলৈ দাবী জনায় এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷

লগতে পঢ়ক : KAAC ৰ নিৰ্বাচনৰ চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.