ETV Bharat / state

ডিফুত পথৰ দাঁতিৰ হাবি-বন পৰিষ্কাৰ কৰিবলৈ ওলাই আহিল মহিলা - ডিফুত পথৰ

জংঘলে আগুৰি ধৰিছে ডিফুৰ বেলতলাৰ গড়কাপ্তানী পথ । হাতে হাতে দা লৈ পথৰ দুয়োকাষ পৰিষ্কাৰ কৰিবলৈ ওলাই আহিল কাকতি ৰংহাঙ গাঁৱৰ মহিলা গাঁওৰক্ষী বাহিনী ।

কাকতি ৰংহাঙ গাঁৱৰ মহিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত চাফাই অভিযান

author img

By

Published : Nov 25, 2020, 7:31 PM IST

ডিফু, ২৫ নৱেম্বৰ: পৰিষ্কাৰ পৰিৱেশ সকলোৰে প্ৰিয়। স্বচ্ছ পথৰে যাত্ৰা কৰাৰ আমেজেই সুকীয়া । এনে এক উদ্দেশ্য আগত ৰাখি বুধবাৰে ডিফুত চাফাই অভিযান চলালে কাকতি ৰংহাঙ গাঁৱৰ মহিলাসকলে । কাকতি ৰংহাঙ গাঁৱৰ বেলতলাৰ পৰা ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথচোৱাৰ দাঁতিৰ হাবি-বন পৰিষ্কাৰ কৰিলে গাঁওখনৰ মহিলা গাঁওৰক্ষী বাহিনীৰ ৩০ গৰাকী মহিলাই ।

কাকতি ৰংহাঙ মহিলা গাঁওৰক্ষী বাহিনীৰ উদ্যোগত চাফাই অভিযান

গাঁওৰক্ষী বাহিনীৰ সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকা ক্ৰমে ডিমি হাঞ্চেপী আৰু ৰূপালী তেৰাংপীৰ নেতৃত্বত মহিলাসকলে চাফাই অভিযান চলায় । প্ৰতি দেওবাৰে চাফাই অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিয়ে সভানেত্ৰী আৰু সাধাৰণ সম্পাদিকাগৰাকীয়ে ।

আজিৰ চাফাই কাৰ্যসূচীত গাঁওৰক্ষী বাহিনীৰ চক্ৰ সংগঠক পৰমানন্দ টেৰণ আৰু কুম চিং টেৰণ উপস্থিত থাকে ৷ দুয়োগৰাকী বিষয়াই গাঁওৰক্ষী বাহিনীৰ এনে কাৰ্যক প্ৰশংসা কৰে ৷

লগতে পঢ়ক:মৰিগাঁৱত প্ৰাক্তন মুখ্য়মন্ত্ৰী তৰুণ গগৈক শ্ৰদ্ধাঞ্জলি অসম জাতীয় পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.