ETV Bharat / state

ডিফুত চাব এছ'চিয়েছন বেডমিন্টন প্ৰতিযোগিতাৰ আয়োজন

২৮, ২৯ আৰু ৩০ ডিচেম্বৰত জিলা ভিত্তিত অনুস্থিত হ'ব সদৌ কাৰ্বি আংলং আন্তঃ চাব এছ'চিয়েছন বেডমিণ্টন প্ৰতিযোগিতা ৷ প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰিবলৈ খেলুৱৈ সকলৰ বয়স 11 বছৰৰ পৰা উৰ্ধলৈ নিৰ্ধাৰণ কৰিছে খেল উদযাপন সমিতিয়ে ৷

badminton competition
ডিফুত আয়োজন ছাব এছ'চিয়েছন বেডমিন্টন প্ৰতিযোগিতা
author img

By

Published : Dec 27, 2020, 3:40 PM IST

ডিফু, ২৭ ডিচেম্বৰঃ বেডমিণ্টন খেলুৱৈ সকললৈ আছে এটা সু-খবৰ ৷ ডিচেম্বৰ মাহৰ 28,29 আৰু 30 তাৰিখলৈ অনুষ্ঠিত হ'ব প্ৰয়াত বাছাপী টেৰণপী সোঁৱৰণি চতুৰ্থ সদৌ কাৰ্বি আংলং আন্তঃ চাব এছ'চিয়েছন বেডমিন্টন প্ৰতিযোগিতা ৷

উল্লেখ্য যে, কাৰ্বি আংলং ক্ৰীড়া সন্থাৰ উদ্যোগত ডিফুস্থিত কাছা ষ্টেডিয়ামত সদৌ কাৰ্বি আংলঙত জিলা ভিত্তিত ২৮, ২৯ আৰু ৩০ ডিচেম্বৰত পুৰুষ- মহিলা উভয় শাখাতে বেডমিন্টন প্ৰতিযোগিতাখন অনুষ্ঠিত হ'ব ৷ উক্ত প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰিবলৈ খেলুৱৈ সকলৰ বয়স ১১ বছৰৰ পৰা উৰ্ধলৈকে নিৰ্ধাৰণ কৰিছে আয়োজনক সমিতিয়ে ৷

আনহাতে প্ৰতিযোগিতা খনলৈ বঁটা আগবঢ়াইছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা অসম বেডমিণ্টন সন্থাৰ কাৰ্যকৰী সভাপতি তুলিৰাম ৰংহাঙ আৰু তেওঁৰ সহ ধৰ্মিনী কাছে টেৰণপীয়ে ৷ ইফালে সকলো বেডমিন্টন প্ৰতিযোগী তথা ৰাইজৰ সহায় সহযোগীতা কামনা কৰিছে উদ্যোক্তা সকলে ৷

লগতে পঢ়ক- সৰিয়হৰ হালধীয়াৰে উপচিছে সোৱণশিৰি-ৰঙানদীৰ দুয়োপাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.