ETV Bharat / state

ধনশিৰিত ভোটাধিকাৰৰ বাবে প্ৰশাসনৰ বিশেষ পদক্ষেপ

author img

By

Published : Dec 7, 2020, 12:40 PM IST

ধনশিৰিত প্ৰশাসনৰ উদ্যোগত ভােটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনৰীক্ষণ শিৱিৰ অনুষ্ঠিত হয় ৷ প্রাপ্তবয়স্ক নাগৰিকসকলে যাতে ভােটদান প্রক্রিয়াত অংশগ্রহণ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানৰ আয়োজন কৰে প্ৰশাসনে ৷

AS_10035_DIPHU_7/12/2020_ SPL CAMPAIGN ON SUMMESRY REVISION_VIS
ধনশিৰিত ভোটাধিকাৰৰ বাবে প্ৰশাসনৰ বিশেষ পদক্ষেপ

ডিফু, 7 ডিচেম্বৰঃ ৰাজ্যৰ বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে কোনাে প্রাপ্তবয়স্ক নাগৰিকে যাতে ভােটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বঞ্চিত হ'বলগীয়া নহয়, তাৰ প্রতি লক্ষ্য ৰাখি কাৰ্বি আংলং জিলা প্রশাসনৰ উদ্যোগত দেওবাৰে দিনজোৰা কার্যসূচীৰে অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকা ধনশিৰিত এখন ভােটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত পুনৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হয়। উক্ত শিবিৰত ২০২১ চনৰ পহিলা জানুৱাৰীৰ ভিতৰত ১৮ বছৰ বয়সত ভৰি দিয়া সকলো নাগৰিকৰ নাম ভােটাৰ তালিকাত অন্তর্ভুক্ত কৰাৰ বাবে এই শিবিৰ আয়ােজন কৰা হয়।

ধনশিৰি এম ই স্কুলত দিনজোৰা কার্যসূচীৰে অনুষ্ঠিত হােৱা শিবিৰটোত অংশগ্রহণ কৰি কাৰ্বি আংলং জিলা উপায়ুক্ত চন্দ্রধ্বজ সিনহাই যােৱা ২৬ আৰু ২৭ নবেম্বৰৰ লগতে ৫ আৰু ৬ ডিচেম্বৰতো এই সজাগতা শিবিৰ অনুষ্ঠিত কৰা হৈছে বুলি জানিবলৈ দিয়ে। লগতে জিলা নির্বাচনী বিষয়া জিন্টু বৰাই সজাগতা শিবিৰটোত অংশগ্রহণ কৰি গণতন্ত্রক শক্তিশালী কৰি তােলাৰ বাবে সকলােকে ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আগুৱাই আহিবলৈ আহ্বান জনায়।

আনহাতে, মাউন্ট এভাৰেষ্ট বিজয়ী খৰছিং তেৰাঙে শিবিৰটোত অংশগ্রহণ কৰি এতিয়ালৈকে যিসকল নাগৰিকৰ নাম ভােটাৰ তালিকাত অন্তর্ভুক্ত হােৱা নাই সেইসকল নাগৰিকক ভােটাৰ তালিকাত নামসমূহ অন্তর্ভুক্ত কৰোৱাৰ বাবে আহ্বান জনায়। উক্ত অনুষ্ঠানত বহু সংখ্যক চৰকাৰী গাঁওবুঢ়া, বি এল অ'কে ধৰি বহু গন্য-মান্য লােকেও অংশগ্রহণ কৰে।

লগতে পঢ়ক-গোৱালপাৰাত ৰাইজৰ দলৰ সাধাৰণ সভা অনুষ্ঠিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.