ETV Bharat / state

22ৰ পৰা 24 ডিচেম্বৰলৈ ডিফুত আৰ্টিষ্ট গীল্ডৰ প্ৰদর্শনী

author img

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 8:45 PM IST

Art exhibition of Guwahati Artists Guild: গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ 46 সংখ্যক প্ৰদর্শনী 22 ৰ পৰা 24 ডিচেম্বৰলৈ ডিফুৰ ৰাংছিনা ভৱনত অনুষ্ঠিত হ'ব ৷ ডিফুৰ ৰাংছিনা ভৱনত আৰ্টিষ্ট গীল্ডৰ সংবাদমেল ৷

Art Exhibition of Guwahati Artists Guild at Diphu
আৰ্টিষ্ট গীল্ডৰ সংবাদমেল
ডিফুৰ ৰাংছিনা ভৱনত আৰ্টিষ্ট গীল্ডৰ প্ৰদর্শনীৰ আয়োজন

ডিফু, 21 ডিচেম্বৰ : গৌৰৱোজ্জ্বল 48 বছৰ গৰকা গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ 46 সংখ্যক প্ৰদর্শনী এইবাৰ 22 ৰ পৰা 24 ডিচেম্বৰলৈ ডিফুৰ ৰাংছিনা ভৱনত অনুষ্ঠিত হ'ব ৷ গুৱাহাটী আৰ্টিষ্ট গীল্ডে শিল্পকলাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে অসমৰ বিভিন্ন প্ৰান্তত স্থানীয় আমন্ত্ৰিত শিল্পীৰ শিল্পকর্ম সন্নিৱিষ্ট কৰি এনে প্ৰদর্শনী অনুষ্ঠিত কৰি আহিছে ৷ আজি ডিফুৰ ৰাংছিনা ভৱনত এক সংবাদমেলত আৰ্টিষ্ট গীল্ডৰ বিষয়ববীয়াই এই কথা জানিবলৈ দিয়ে ৷

সংবাদমেলত প্ৰদর্শনীত গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ 34 গৰাকী সদস্য শিল্পীৰ লগতে কাৰ্বি আংলং জিলাৰ 8 গৰাকী চিত্ৰ শিল্পীয়ে অংশগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে বিষয়ববীয়া সকলে ৷ প্ৰদর্শনীত শ্ৰদ্ধা তর্পণ শাখাত পৃথিৱীৰ পৰা মেলানি মগা 7 গৰাকী খ্যাতিমান শিল্পীৰ শিল্পকর্ম সন্নিবিষ্ট কৰা হৈছে ৷ কাৰ্বি আংলং জিলাৰ সৃষ্টিশীল ক্ষেত্ৰখনত কর্মৰত সতেন্দ্ৰ তেৰাং, দেবেন তিমুং, লিতা 'নার্ড বে, অঙ্কু তেৰাংপী, ছেৰছং তেৰাং লংকিৰি, ৰংপি লিন্দকপ', সুবীৰ পাল আৰু ৰমেন ইংতিৰ শিল্পকর্ম প্ৰদৰ্শিত হ'ব বুলি জানিব পৰা গৈছে ৷

সংবাদমেলত উদ্যোক্তা সকলে জানিবলৈ দিয়ে যে, এই প্ৰদর্শনীৰ লগত সংগতি ৰাখি 23 ডিচেম্ববত কলা বিষয়ক এক মুকলি আলোচনাও অনুষ্ঠিত হ'ব ৷ 46 সংখ্যক বাৰ্ষিক কলা প্ৰদর্শনীখন সদ্যপ্ৰয়াত বিশিষ্ট সংগীত শিল্পী, লোক-কলাৰ গৱেষক, লেখক তথা গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ জন্মলগ্নৰে পৰা জড়িত সন্মানীয় আজীৱন সদস্য বীৰেন্দ্ৰ নাথ দত্তৰ পৱিত্ৰ স্মৃতিত উচৰ্গা কৰা হৈছে ৷ 22 ডিচেম্বৰৰ বিয়লি 4 বজাত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা প্ৰতিথযশা সাহিত্যিক ৰংবং তেৰাং মুখ্য অতিথিৰূপে উপস্থিত থাকিব ৷ সভাৰ উদ্বোধন কৰিব কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ৷

এই উদ্বোধনী সভাত জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকেও অংশগ্ৰহণ কৰিব বুলিও সংবাদমেলত জানিবলৈ দিয়ে উদ্যোক্তা সকলে ৷ দিনৰ 11 বজাৰ পৰা সন্ধিয়া 7 বজালৈ এই প্ৰদর্শনীৰ দ্বাৰ মুকলি থাকিব ৷ উল্লেখ্য যে ডিফুত অনুষ্ঠিত এই প্ৰদর্শনী গুৱাহাটী আৰ্টিষ্ট গীল্ড গেলেৰীত 26 জানুৱাৰীৰ পৰা 31 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব বুলিও আয়োজক সকলে সংবাদমেলত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : অসমত আৰু এখন নতুন ক্ৰিকেট ষ্টেডিয়াম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.