ETV Bharat / state

ডিফুত অৰুণোদয় মাহৰ শুভ উদ্বোধন - অসম চৰকাৰৰ অভিলাষী আঁচনি ‘অৰুণোদয় মাহ

শনিবাৰে ডিফুত অৰুণোদয় মাহৰ শুভ উদ্বোধন কৰা হয় (Aronodoi month inouguration in Karbi Anglong) ৷ ডিফুত অসম চৰকাৰৰ এই আঁচনিৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷

Aronodoi month inouguration in Karbi Anglong
ডিফুত অৰুণোদয় মাহৰ শুভ উদ্বোধন
author img

By

Published : Aug 20, 2022, 10:25 PM IST

ডিফু, ২০ আগষ্ট : শনিবাৰে কাৰ্বি আংলঙ জিলাৰ বাবে ডিফু ফাৰ্মাৰ্চ গ্ৰ'থ চেণ্টাৰৰ প্ৰেক্ষাগৃহত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানতে অসম চৰকাৰৰ অভিলাষী আঁচনি ‘‘অৰুণোদয় মাহ’’ৰ উদ্বোধন কৰা হয় (Aronodoi month inouguration in Karbi Anglong) ৷ ডিফুত অসম চৰকাৰৰ এই আঁচনিৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷

আনকি এই আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালে যাতে সুবিধা লাভ কৰে সেই সন্দৰ্ভত শুৰুত্ব আৰোপ কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, কাৰ্বি আংলঙ জিলাত মুঠ 46,500 গৰাকী হিতাধিকাৰী আছে ৷

ডিফুত অৰুণোদয় মাহৰ শুভ উদ্বোধন

কাৰ্বি আংলং জিলা উপায়ুক্ত দিবাকৰ নাথে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত জাতীয় সংগীতেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ শুভাৰম্ভ হয় ৷ ইয়াৰে 83 গৰাকী হিতাধিকাৰীৰ চৰকাৰী চাকৰি থকাৰ বাবে চৰকাৰৰ নিৰ্দেশ অনুসৰি স্ব-ইচ্ছাই অৰুণোদয় আঁচনি ত্যাগ কৰে ৷ সেয়ে এই আঁচনিখন ত্যাগ কৰা কেইবাগৰাকী ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷

লগতে পঢ়ক : নলবাৰীত বান সাহায্য প্ৰদানৰ লগতে অৰুণোদয় মাহৰ শুভাৰম্ভণি মন্ত্ৰী নন্দিতা গাৰ্লোচাৰ

আনহাত, অৰুণোদয় মাহ উদযাপন কৰিবলৈ এইবাৰ ঘৰে ঘৰে বিভিন্ন বিদ্যালয় তথা কলেজৰ ছাত্ৰ-ছাত্ৰীক অৰুণোদয় আঁচনিৰ পুনৰীক্ষণৰ বাবে প্ৰেৰণ কৰা হ’ব ৷ সেয়ে এই সন্দৰ্ভত সম্পূৰ্ণ প্ৰক্ৰিয়া তদাৰক কৰিবলৈ 53 গৰাকী ছুপপাৰ ভাইজাৰ আৰু দুজনকৈ সদস্যৰে গঠিত 126 টা ছাত্ৰ-ছাত্ৰীৰ দল গঠণ কৰা হৈছে ৷ সংবাদ মাধ্যমৰ জৰিয়তে এই কথা সদৰী কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷

উল্লেখ্য যে, শনিবাৰে ডিফুত আয়োজিত উক্ত সভাত উপস্থিত থাকে বিধায়ক বিদ্যাছিং ইংলেং, বিধায়ক দৰছিং ৰংহাং, অসম চৰকাৰ অতিৰিক্ত সচিব পল্লৱী ফুকন, কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কেইবাগৰাকী ইএম, এমএচি আৰু জিলা প্ৰশাসনৰ কেইবাগৰাকী শীৰ্ষ বিষয়া তথা কৰ্মী ৷

লগতে পঢ়ক : শোণিতপুৰত অৰুণোদয় মাহৰ শুভাৰম্ভণি মন্ত্ৰী অজন্তা নেওগৰ, বান ক্ষতিগ্ৰস্তক সাহায্য প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.