ডিফু,13 নৱেম্বৰঃ জে আই কথাৰে দলৰ সৈতে সমন্বয় ৰক্ষা কৰি নচলে ! সোমবাৰে ডিফুত এখন সংবাদমেল সম্বোধন কৰি এই অভিযোগ এপি এইছ এলচিৰ সাধাৰণ সম্পাদক জ'না তেৰাঙৰ ৷
পাহাৰৰ ৰাজনীতিত নতুনকৈ ভুমুকি মৰা আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্ছ কনফাৰেঞ্চ চমুকৈ এপিএইছএলচি ৷ সোমবাৰে দলটোৰ ভিতৰচোৱাত চলিছে তীব্ৰ বিসম্বাদ ৷ সোমবাৰে সাধাৰণ সম্পাদক জ'না তেৰাঙৰ অভিযোগ নস্যাৎ কৰি মঙলবাৰে ডিফু প্ৰেছ ক্লাৱত সমগ্ৰ বিষয়টোক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে দলটোৰ সভাপতি জে আই কাথাৰে ৷ সংবাদমেলযোগে জ'না তেৰাঙক পলায়নকাৰী আখ্যা দিয়ে সভাপতি জে আই কাথাৰে ৷ দলটোৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচৰা বিৰোধী নেতাসকলে দলটোৰ একাংশ সদস্যক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰি অহা বুলিও সংবাদমেল যোগে গুৰুতৰ অভিযোগ উত্থাপন কৰে জে আই কাথাৰে ৷