ডিফু,12 জুনঃ কাৰ্বি আংলং জিলাৰ বিভিন্ন চেক গে'টত চলি অহা বালি কঢ়িওৱা ট্ৰাকত অবৈধ কৰ সংগ্ৰহৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে কাৰ্বি আংলং বালি ছাপ্লাই এছ'চিয়েছন ৷ আজি মাঞ্জাস্থিত কেটল ফাৰ্মত কাৰ্বি আংলং বালি ছাপ্লাই এছ'চিয়েছনে এক সংবাদ মেল আয়োজন কৰি কেতবোৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰে ৷ সন্থাৰ নেতৃবৰ্গই সংবাদ মাধ্যমৰ আগত কৰা অভিযোগ অনুসৰি কাৰ্বি আংলংৰ পৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডলৈ যোৱা বালিৰ ট্ৰাক সমূহৰ পৰা জিলাখনৰ বিভিন্ন চেক গে'টত বৈধ টিপি চালান থকাৰ পিছতো অবৈধ কৰ সংগ্ৰহ কৰি ছাপ্লায়াৰ্ছ সকলক চৰম অস্বস্থিত ৰাখিছে ৷ ছাপ্লায়াৰ সকলে যাত্ৰা পথত সংশ্লিষ্ট বন বিভাগ,আউট পষ্টৰ চেক গেটত এনে অবৈধ কৰৰ বোজা বহন কৰাৰ খৰছ ইমানেই বেছি যে ছাপ্লায়াৰ্ছ সকলে বালিৰ ট্ৰাক ডিমাপুৰলৈ পঠিওৱাৰ পিছত বালিৰ বজাৰ মূল্য সেই পৰিমাণত লাভ নকৰে ৷ নেতৃবৰ্গই অভিযোগ কৰা অনুসৰি কাৰ্বি আংলংৰ যমুনা নদীৰ পৰা সংগ্ৰহ কৰা বালি সমূহ লাংমিলিৰ ফ'ৰেষ্ট গেটৰ পৰা আৰম্ভ কৰি ডিমাপুৰ লাষ্ট গে'টলৈ কৰা যাত্ৰা পথৰ প্ৰতিটো চেকগেট,আউট পষ্টত প্ৰতিখন ট্ৰাকৰ বাবদ ২০০ ৰ পৰা ৩০০ টকা পৰ্যন্ত অবৈধ কৰ পৰিশোধ কৰাৰ ফলত ছাপ্লায়াৰ্ছ সকল বহু লোকচানৰ সন্মুখীন হ'বলগীয়া হৈছে ৷ ইয়াৰোপৰি বিভিন্ন থানাত প্ৰতিখন ট্ৰাকৰ বাবদ মাহিলী ৩০০০ টকাকৈ পৰিশোধ কৰে বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰে সন্থাৰ নেতৃবৰ্গই ৷ যাৰ পৰিপ্ৰেক্ষিতত বালি ছাপ্লায়াৰ্ছ সকলৰ ওপৰত আৰোপিত এনে অবৈধ কৰৰ বিৰুদ্ধে শনিবাৰে পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্টকালীন ভাৱে কাৰ্বি আংলঙৰ পৰা বহিঃ ৰাজ্যলৈ বালিৰ ছাপ্লাই বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি কাৰ্বি আংলং বালি ছাপ্লায়াৰ্ছ এছ'চিয়েছনে সংবাদ মেল যোগে সদৰি কৰিছে ৷ অৱশ্যে সন্থাই বালিৰ স্থানীয় ছাপ্লাই অব্যাহত থাকিব ৷
![All Sand Printing Association against illegal collection of sand](https://etvbharatimages.akamaized.net/etvbharat/prod-images/7591928_picture.jpg)
লগতে পঢ়কঃ পৰিষদীয় নিৰ্বাচনত ওদালগুৰিৰ 10খন আসনতেই দলে জয়লাভ কৰিবঃ বিজেপি