ডিফু, 14 জুলাই : ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ সময়তে মঙলবাৰে অখিল গগৈ সহ আন কৃষক নেতাৰ মুক্তিৰ দাবীত এজেৱাই চিপিয়ে কাৰ্বি আংলঙৰ হাওৰাঘাটত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 'কা' বিৰোধী আন্দোলনৰ সময়ত গ্ৰেপ্তাৰ হৈ কাৰাৰুদ্ধ হৈ থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইবাগৰাকী শীৰ্ষনেতা শেহতীয়াকৈ কাৰাগাৰৰ ভিতৰত কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ লগতে গুৰুতৰভাৱে অসুস্থ হৈ থকাৰ পিচতে কৃষক নেতা কেইগৰাকীৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ শুভাকাংক্ষী সকল ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষক নেতা কেইগৰাকীৰ মুক্তিৰ দাবীত বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে ৷ সেই মৰ্মে মঙলবাৰে কাৰ্বি আংলং জিলাৰ হাওৰাঘাটত সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হাওৰাঘাট আঞ্চলিক সমিতিয়ে নেতা কেইগৰাকীক কাৰামুক্ত কৰিবলৈ গণ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰিছে ৷
পুৱাৰ ভাগত এজেৱাইচিপিৰ আঞ্চলিক সভাপতি,সম্পাদকদ্বয় ক্ৰমে,অমিত বসুমতাৰী আৰু প্ৰাঞ্জল ৰংচেহনৰ নেতৃত্বত আন সদস্য সকলে গণ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি নেতা কেইগৰাকীক বিনা চৰ্তত মুক্তিৰ দাবী কৰে ৷
আনহাতে, প্ৰতিবাদকাৰী সকলে বৰ্তমান অসমৰ শাসকীয় চৰকাৰখনে বৃটিছতকৈ অধিক দমন নীতি অৱলম্বন কৰা বুলি অভিযোগ কৰে ৷ কৃষক নেতা কেইগৰাকীক শীঘ্ৰে বিনা চৰ্তত মুক্তি নিদিলে পৰৱৰ্তী পৰ্যায়ত জংগী আন্দোলনৰ পন্থা লোৱাৰ হুংকাৰ প্ৰদান কৰে ৷ প্ৰতিবাদকাৰী সকলে হাতে হাতে প্লে' কাৰ্ড, বেনাৰ,ফেষ্টুন আদি লৈ' বিজেপি চৰকাৰ হুচিয়াৰ,কৃষক নেতাক মুক্তি দিয়ক,অখিল গগৈক মুক্তি দিয়ক,ৰাজনৈতিক ষড়যন্ত্ৰ বন্ধ কৰক,জয় আই অসম'আদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷
লগতে পঢ়ক : অখিল গগৈৰ মুক্তিৰ দাবীৰে লখিমপুৰত মানৱ শৃংখল