ETV Bharat / state

ডিফুত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

author img

By

Published : Mar 13, 2021, 7:15 AM IST

ডিফুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্টুপীয়াকৈ উদযাপন কৰা হয় ৷ প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জিতু ফুকনৰ লগতে কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা লাইছেন ইংলেং আৰু ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি ধিৰাজ ডিফুছাৰ লগতে আন বহু গণ্য-মান্য লোক উপস্থিত থাকে ৷

ডিফুত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ডিফু, 13 মাৰ্চ: শুকুৰবাৰে ডিফু কলা কেন্দ্ৰত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱসটি অনুষ্টুপীয়াকৈ পালন কৰা হয় ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত আৰু ডিফু আঞ্চলিকৰ সহযোগত পালন কৰা হয় দিৱসটি ৷ শুকুৰবাৰে পুৱাৰ ভাগত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন কৰে পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে আৰু শ্বহীদ তৰ্পন কৰে সাধাৰণ সম্পাদক অপূৰ্ব দাসে ৷ ইয়াৰোপৰি বৃক্ষ ৰোপণ কৰে কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা লাইছেন ইংলেঙে ৷ বিয়লি অনুষ্ঠিত হোৱা মুকলি সভাত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি জিতু ফুকন ৷ সভাপতি গৰাকীয়ে সভাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জন্ম লগ্নৰে পৰা পূৰ্ণ স্বায়ত্ত শাসন, দ্বি-নাগৰিকত্ব, ইনাৰ লাইন পাৰ্মিট আদিৰ বাবে কাম কৰি আছে বুলি মন্তব্য কৰে৷ প্ৰতিটো চৰকাৰে অসমৰ জলন্ত সমস্যা সমূহক লৈ ব্যৰ্থতা প্ৰদৰ্শন কৰি আহিছে ৷ অসম চুক্তিৰ ৬ নং দফা আৰু এনআৰচিৰক লৈও সভাপতি গৰাকীয়ে অসন্তুস্তি প্ৰকাশ কৰে ৷ ইফালে, ইনাৰ লাইন পাৰ্মিটৰ প্ৰৱৰ্তন কৰাৰ ফলত নাগালেণ্ড আৰু মেঘালয়ত খিলঞ্জীয়া লোকৰ দপদপণি বৃদ্ধি হৈছে আৰু অসমত খিলঞ্জীয়া সকলৰ অস্থিত্ব সংকটত বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে ৷

মুকলি সভাৰ ভাষণ প্ৰসংগত সভাপতি জিতু ফুকনে কয় যে, এজন জনজাতীয় বা খিলঞ্জীয়াৰ নিৰ্বাচিত ব্যক্তিৰ তলত জীৱন নিৰ্বাহ কৰাটো তেওঁ পচন্দ কৰে যদিও বহিৰাগতৰ তলতীয়া হৈ থকাটো পছন্দ নকৰে আৰু এইয়া জাতীয়তাবাদ বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ এই প্ৰতিষ্ঠা দিৱসত কাৰ্বি ছাত্ৰ সন্থাৰ উপদেষ্টা লাইছেন ইংলেং আৰু ডিমাছা ছাত্ৰ সন্থাৰ সভাপতি ধিৰাজ ডিফুছাৰ লগতে ডিফু আঞ্চলিক সমিতিৰ নেতা আৰু সদস্য সকলো উপস্থিত থাকে ৷

অন্য এক খবৰৰ বাবে: কংগ্ৰেছৰ চাকৰি গেৰাণ্টিত 70 হাজাৰ নিৱনুৱাৰ পঞ্জীয়ন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.