ডিফু, ২৩ এপ্ৰিলঃ কাৰ্বি আংলং জিলাৰ নাবালিকা কিশোৰী চুমিলা ৰংহাংপীৰ মৰিগাঁও জিলাৰ ৰহাত অগ্নিদগ্ধ অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে কাৰ্বি আংলঙত ৷ ৰহাৰ প্ৰকাশ বৰঠাকুৰ নামৰ লোকজনৰ চৌহদত উদ্ধাৰ হৈছিল চুমিলা ৰংহাংপীৰ মৃতদেহ ৷
এই ঘটনাই ক্ষোভৰ জোৱাৰ তুলিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙত। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে সংগঠনটোৰ বোকাজানস্থিত জিলা কাৰ্যালয় প্ৰাংগনত নিহত কিশোৰীগৰাকীৰ প্ৰতিচ্ছবিত সন্মুখত বন্তি প্ৰজ্জ্বলন কৰি শ্ৰদ্ধাঞ্জলি জনায় । অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি জিতু ফুকনে নাবালিকা গৰাকীক এনেদৰে নৃশংসভাৱে জ্বলাই হত্যা কৰা ঘটনাৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ৷
চুমিলা ৰংহাংপীৰ হত্যাৰ লগত জড়িত দোষীক ফাঁচী দিয়াৰ লগতে চুমিলা ৰংহাংপীৰ পৰিয়ালক উচিত ক্ষতি পূৰণৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কাৰ্বি আংলং জিলা সমিতিয়ে ।
লগতে পঢ়ক: অনিশ্চয়তাৰ মাজত ONGC ৰ তিনি বিষয়া-কৰ্মচাৰীৰ পৰিয়ালবৰ্গ