ETV Bharat / state

বীৰাপ্পানৰ মৃত্য়ু: অস্তিত্বৰ সংকটত নেকি কুকি সশস্ত্ৰ সংগ্ৰাম ? - উগ্ৰপন্থী সংগঠন

যোৱা 11 জুলাইত আভ্যন্তৰীণ সংঘাতৰ পৰিণতিত কুকি উগ্ৰপন্থী সংগঠন মুখ্য সেনাধক্ষ্য(commander in chief) মানগীন খলহৌ ওৰফে বীৰাপ্পানে(Veerappan) সতীৰ্থৰ গুলীত প্ৰাণ দিবলগীয়া হয় ৷ শীৰ্ষনেতা গৰাকীৰ অবৰ্তমানত এতিয়া আভ্যন্তৰীণ সংঘাতৰ বাবেই অস্তিত্বৰ সংকটত ইউপিআৰএফ(UPRF) ৷

after-chief-veerappans-death-kuki-militant-group-uprf-is-going-through-identity-crisis
Veerappanৰ অবৰ্তমানত অস্তিত্বৰ সংকটত কুকি সশস্ত্ৰ সংগ্ৰাম
author img

By

Published : Jul 13, 2021, 7:23 PM IST

Updated : Jul 14, 2021, 6:27 AM IST

ডিফু, ১৩ জুলাই : কাৰ্বি আংলঙত ছয়টাকৈ অস্ত্ৰবিৰতিত থকা উগ্ৰপন্থী সংগঠনৰ চৰকাৰৰ সৈতে প্ৰস্তাৱিত শান্তিচুক্তি(peace accord) প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত আছে ৷ এনে সময়তে জিলা দুখনত তৎপৰ হৈ থকা কুকি সশস্ত্ৰ উগ্ৰপন্থী সংগঠন পুনৰবাৰ চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে ৷ পাৰ্বত্য জিলা কাৰ্বি আংলঙত থকা কুকি সকলৰ ৰাজনৈতিক অধিকাৰৰ বাবে গঠন হোৱা ইউনাইটেড পিপুলছ ৰিভ’ল্যুশ্যনাৰী ফ্ৰণ্ট(UPRF) চমুকৈ ইউপিআৰএফৰ স্বয়ম্ভূ সেনাধ্যক্ষ মানগীন খলহৌ ওৰফে বীৰাপ্পান ১১ জুলাইৰ পুৱাৰ ভাগত সশস্ত্ৰ সংগঠনটোৰ সতীৰ্থ সকলৰ সৈতে হোৱা প্ৰচণ্ড গুলীয়াগুলীত নিহত হয় ৷

কাৰ্বি আংলঙৰ সিংহাসন পাহাৰত আত্মগোপন কৰি সশস্ত্ৰ তৎপৰতা অব্যাহত ৰখা কুকি বিদ্ৰোহী সংগঠনটোৰ মাজত সৃষ্টি হোৱা আভ্যন্তৰীণ সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছে । সংগঠনটোৰ নিজৰ মাজতে সৃষ্টি হোৱা সংঘাতৰ পৰিণতিত সংগঠনটোৰে শীৰ্ষতম নেতা তথা ইউপিআৰএফৰ মুখ্য সেনাধক্ষ্য(commander in chief) মানগীন খলহৌ ওৰফে বীৰাপ্পানে(Veerappan) সতীৰ্থৰ গুলীত প্ৰাণ দিবলগীয়া হয় ৷ এই ঘটনাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হোৱাৰ লগতে সংগঠনটোৰ অস্তিত্বৰ প্ৰতি প্ৰশ্নবোধক আহি পৰিছে ৷

উল্লেখযোগ্য যে, যোৱা ১১ জুলাইত পাহাৰীয়া জিলাখনৰ বোকাজান থানাৰ অন্তৰ্গত টকৌলাংছ’ৰ সমীপৱৰ্তী খেমপিবুং নামৰ অতিকে দুৰ্গম পাহাৰীয়া অঞ্চলত সংগঠনটোৰ কেডাৰসকলৰ মাজতে প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় । পুৱতি নিশা সংঘটিত হোৱা এই তুমুল সংঘৰ্ষৰ ঘটনাত ইউ পি আৰ এফৰ সেনাধক্ষ্যগৰাকীৰ সংঘৰ্ষস্থলীতে নিহত হোৱাৰ বাতৰি পোৱা গৈছিল ।

জানিব পৰা মতে, জিলাখনৰ ডিলাই থানাৰ অন্তৰ্গত টিয়াংনম গাঁৱৰ নিবাসী উগ্ৰপন্থী নেতাগৰাকী পূৰ্বে উগ্ৰপন্থী সংগঠন ইউকেডিএ(UKDA)ৰ সৈতেও জড়িত আছিল। পৰৱৰ্তী পৰ্যায়ত ইউপিআৰএফত যোগদান কৰা বীৰাপ্পানে বিগত বৰ্ষত সংগঠনটোৰ শীৰ্ষনেতা মাৰ্টিন গুইটে এই সংঘৰ্ষত নিহত হোৱাৰ পিছতে অন্য কেডাৰসকলৰ সৈতে অস্ত্ৰ সম্বৰণ কৰে । ইফালে, অস্ত্ৰ সম্বৰণৰ জৰিয়তে মূলসুঁতিলৈ ওভতি অহাৰ পিছতে পুনৰ আন কেইবাজনো কেডাৰ লগত লৈ অস্ত্ৰসহ আত্মগোপন কৰে ।

তেতিয়াৰে পৰা, পাহাৰীয়া এলেকাটোত সশস্ত্ৰ তৎপৰতা অব্যাহত ৰখাৰ লগতে সাংগঠনিক তৎপৰতাও অব্যাহত ৰখা নেতাগৰাকী সংগঠনটোৰ শীৰ্ষতম নেতা আছিল বুলি জানিব পৰা গৈছে । কিছুদিন পূৰ্বে দাবী কৰা ধন নিবলৈ যোৱা অৱস্থাত আৰক্ষীৰে হোৱা সংঘৰ্ষত ইউপিআৰএফৰ দুজন কেডাৰ নিহত হোৱাৰ লগতে সংঘৰ্ষস্থলীৰ পৰা আৰক্ষীয়ে দুটা একে ৫৬(AK56) ৰাইফলো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ মাজতে, সংগঠনটোৰ মাজত সৃষ্টি হোৱা আভ্যন্তৰীণ কন্দলৰ লগতে সংঘৰ্ষত সংগঠনটোৰ শীৰ্ষতম নেতাগৰাকী নিহত হোৱাৰ ঘটনা তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে ।

অৱশ্যে কি পৰিস্থিতিত এনে এক ঘটনাৰ সূত্ৰপাত হ’ল সেই সম্পৰ্কে কোনো তথ্য জানিব পৰা হোৱা নাই । আনহাতে, বিভিন্ন উগ্ৰপন্থী সংগঠনৰ লগতে ইউপিআৰএফৰ প্ৰতিটো কাৰ্যকলাপ প্ৰতিহত কৰি আহিছে জিলা আৰক্ষীয়ে ৷ তাৰ মাজতে কুকি উগ্ৰপন্থী সংগঠনটোৰ আভ্যন্তৰীণ সংঘাতৰ পিছত এতিয়া সংগঠনটোৰ গতি-বিধি তথা ভৱিষ্যত লক্ষণীয় হ’ব ৷

লগতে পঢ়ক : সতীৰ্থৰ গুলীত প্ৰাণ হেৰুৱালে কাৰ্বি আংলঙৰ Veerappan এ

Last Updated : Jul 14, 2021, 6:27 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.