ডিফু, ৬ আগষ্ট : সদৌ অসম আদিবাসী ছাত্র সন্থাৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে সংগঠনটোৰ কেইবাটাও দাবীৰ সমর্থনত ৰাজ্যৰ মুখ্যমন্ত্রীলে এখনি স্মাৰকপত্র প্রেৰণ কৰা হয় । সংগঠনটোৰ কার্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্রমে সুনীল ডুংড়ং আৰু ৰাকেশ কুজুৰ স্বাক্ষৰিত স্মাৰকপত্ৰখনত অসমত বসবাস কৰি থকা আদিবাসীসকলক ২০২০ চনৰ ভিতৰতে জনজাতিৰ মর্যাদা প্রদান কৰাৰ দাবী জনায় ৷
![Adivasi student union submit memorendum to cm](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8323657_850_8323657_1596734233589.png)
ইয়াৰ লগতে চাহ মজদুৰৰ দৈনিক মজুৰি সর্বনিম্ন ৩৫০ টকালৈ বৃদ্ধি কৰা, অসমৰ আদিবাসীসকলক ভূমি পট্টা প্রদান কৰা আৰু আদিবাসীসকলৰ বাবে অসমত উপগ্রহীয় পৰিষদ স্থাপন কৰাৰ দাবী জনােৱা হয়। কার্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে প্রেৰণ কৰা স্মাৰক পত্রখনত ২০১৬ চনৰ নির্বাচনী প্রচাৰৰ সময়ত শাসকীয় দলটোৱে আদিবাসীসকলক জনজাতীয় মর্যাদা প্রদানৰ যি প্রতিশ্রুতি প্রদান কৰিছিল সেই প্রতিশ্রুতি পূৰণ কৰা নহ’ল বুলি উল্লেখ কৰা হয় ।
![Adivasi student union submit memorendum to cm](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8323657_411_8323657_1596734269254.png)
লগতে পঢ়ক : ঠেলামৰা কাণ্ড সন্দৰ্ভত উচতনি মূলক মন্তব্য বিধায়ক অশোক সিংঘালৰ