ETV Bharat / state

ডিফুত লক্ ডাউন পৰিস্থিতিৰ বুজ ল'লে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে !

ডিফুত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙ ৷ কৰ'ণাৰ বিৰুদ্ধে আৰক্ষীয়ে দ্বিগুণ উৎসাহেৰে যুঁজিব বুলি মন্তব্য অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীৰ ৷

ADGP GP SINGH VISIT DIPHU TO OBSERVE SITUATION

author img

By

Published : Mar 31, 2020, 9:35 PM IST

ডিফু,৩১ মাৰ্চ : মাৰাত্মক কৰ'ণাৰ ভাইৰাছৰ বিৰুদ্ধে অসমৰ তিনিওখন পাৰ্বত্য জিলাই কেনেধৰণৰ প্ৰস্তুতি গ্ৰহণ কৰিছে তাৰ বুজ ল'বলৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিফু ভ্ৰমণ কৰি যোৱাৰ পিচতে অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙেও মঙলবাৰে ডিফু পৰিদৰ্শন কৰে ৷ মঙলবাৰে দুপৰীয়া অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে পোনে পোনে কাৰ্বি আংলং আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰৱেশ কৰে ৷ অসম আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে মধ্য সংমণ্ডলৰ ডি আই জি, কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰী, হামৰেণৰ আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ, ডিমা হাছাওৰ আৰক্ষী অধীক্ষক বীৰ বিক্ৰম গগৈ আৰু জিলা আৰক্ষীৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া সৈতে এক আলোচনাত মিলিত হয় ৷ আলোচনাৰ শেহত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে সাংবাদিকৰ আগত কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আহ্বান জনোৱা লক্ ডাউনৰ মাজতে কৰ'ণা ভাইৰাছৰ সৈতে সমুখৰ পৰা যুঁজ দিয়া অসম আৰক্ষীক অধিক উৎসাহ দিবৰ নিমিত্তে তেওঁ এই ভ্ৰমণ কৰিছে ৷

ডিফুত অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙ

অসম আৰক্ষীয়ে কৰ'ণা ভাইৰাছৰ সন্ত্ৰাস নকমালৈকে অবিৰাম কাম কৰি যাব বুলি মন্তব্য কৰি আৰক্ষীয়ে দ্বিগুণ উৎসাহেৰে কাম কৰি যাব বুলিও কয় সঞ্চালক গৰাকীয়ে ৷ অসমৰ ৯০ শতাংশ লোকে লক্ ডাউনলৈ সমৰ্থন জনাইছে যদিও ১০ শতাংশই সমৰ্থন জনোৱা নাই ৷ সেই সকলক সমাজৰ লোক আৰু আৰক্ষীয়ে লক্ ডাউন মানিবলৈ সমান্তৰাল ভাবে হেঁচা প্ৰয়োগ কৰি আহিছে বুলি মন্তব্য কৰে ৷ আৰক্ষীৰ ধৰ্ম অনুসৰি ৰাষ্ট্ৰীয় সংকটৰ সময়ত মানৱ সেৱা কৰাৰ লগতে ঠায়ে ঠায়ে দুখীয়া-দৰিদ্ৰ লোকক আৰক্ষীৰ তৰফৰ পৰা যোগান ধৰা খাদ্য সামগ্ৰী আৰু নৈতিক সহায়ৰ বাবে প্ৰসংশা কৰে ৷ আনহাতে, অসম আৰক্ষীৰ শীৰ্ষ বিষয়া গৰাকীয়ে ডিফুত আৰক্ষী প্ৰশাসনৰ সৈতে পৰ্যালোচনা সভা অনুষ্ঠিত কৰাৰ পাচত তিনি পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত কৰ'ণাৰ বিৰুদ্ধে যুঁজিবলৈ আৰক্ষীৰ ৰণ নীতি কি হ'ব সেয়া লক্ষণীয় হৈ পৰিছে ৷

লগতে পঢ়ক : তবলিগ-ই-জামাতত অংশগ্ৰহণকাৰীয়ে বৃদ্ধি কৰিছে কৰ'ণাৰ আতংক !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.