ডিফু,8 মাৰ্চ: ৰাজ্যৰ নিৰ্বাচনী গৰম বতাহৰ মাজতে সোমবাৰে বোকাজানৰ চিলনিজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ট্ৰাক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাও দাওকৈ জ্বলি উঠে এখন ট্ৰাক আৰু এখন স্কুটি ৷ সংঘৰ্ষত নিমিষতে অগ্নিদগ্ধ হৈ নিহত হয় 2 জন স্কুটি আৰোহী ৷
![accident-at-bokajan-2-died](https://etvbharatimages.akamaized.net/etvbharat/prod-images/10925369_3x2_image.jpg)
প্ৰাপ্ত খবৰ অনুসৰি, বোকাজান অভিমুখে তীব্ৰ বেগত আহি আছিল চিমেণ্ট ভৰ্তি ট্ৰাকখন ৷ তেনে সময়তে বিপৰীত দিশৰ পৰা অহা এখন স্কুটিৰে মুখামুখি সংঘৰ্ষ হয় ট্ৰাক খনৰ ৷ জ্বলি উঠা ট্ৰাকখনৰ নম্বৰ AS-01-LC-2466 ৷ আনহাতে স্কুটি আৰোহী দুজনৰ পৰিচয় এতিয়ালৈকে পৰিচয় জানিব পৰা হোৱা নাই ৷ ঘটনাস্থলীত উপস্থিত হৈ সৰুপথাৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনীয়ে নিৰ্বাপিত কৰে জুই ৷
লগতে পঢ়কঃ ৯ দিনত ২.৭২ কোটি নগদ ধন আৰু ১.৫৮ কোটি টকাৰ সুৰা জব্দ