ডিফু, ২২ জানুৱাৰী : সমগ্র ৰাজ্যৰ লগতে শুকুৰবাৰে পাহাৰীয়া জিলা কার্বি আংলঙতাে ‘কা’ বাতিল, ইআইএ-২০২० প্রত্যাহাৰ, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ আৰু অসমৰ জলন্ত বিদেশী নাগৰিকৰ সমস্যা সমাধানৰ দাবীত পুনৰ সৰৱ হৈ উঠিল সদৌ অসম ছাত্র সন্থা ৷ আছুৰ কার্বি আংলং জিলা সমিতিৰ শতাধিক প্রতিবাদকাৰীয়ে ডিফুৰ ছেমছনছিং ইংতি মেমৰিয়েল পার্কৰ সন্মুখত হাতে হাতে জোঁৰ লৈ ডিফু চহৰৰ মাজেৰে সমদল উলিয়াবলৈ সমবেত হয় ।
উক্ত সময়ত প্রতিবাদথলীত ডিফু আৰক্ষী উপস্থিত হৈ প্রতিবাদকাৰী সকলক সমদল উলিওৱাত বাধা আৰোপ কৰে ৷ প্রতিবাদকাৰীসকলে নিজৰ স্থিতিত অটল হৈ সমদল উলিয়াবলৈ চেষ্টা কৰোঁতে আৰক্ষীয়ে প্রতিবাদকাৰীসকলক আটক কৰি ডিফু থানালৈ লৈ যায় ৷ প্রতিবাদকাবীসকলে বিজেপি চৰকাৰ গ’ বেক, নৰেন্দ্র মােদী হায় হায়, বাংলাদেশী গ’ বেক, ‘কা’ বাতিল কৰক আদি ধ্বনিৰে পৰিবেশ উত্তাল কৰি তােলে ।
লগতে পঢ়ক : তেজপুৰত আছুৰ জোৰ সমদলত অঘটন