ETV Bharat / state

ডিফুৰ সাংবাদিক কিৰণ বণিকৰ দেহাৱসান - কিৰণ বণিক

কাৰ্বি আংলং জিলাৰ ডিফুৰ এগৰাকী ভিডিঅ' জাৰ্ণেলিষ্ট কিৰণ বণিকৰ মৃত্যুৱে মৰ্মাহত কৰিছে ডিফুৰ সংবাদ মাধ্যমৰ লগত জড়িত লোকসকলক ৷ যকৃতৰ জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লয় কিৰণ বনিকে ৷

a video journalist passes away in diphu
a video journalist passes away in diphu
author img

By

Published : Jun 22, 2020, 5:20 PM IST

ডিফু, 22 জুনঃ এগৰাকী নিষ্ঠাসহকাৰে নিজৰ কৰ্তব্য পালন কৰা ভিডিঅ' জাৰ্ণেলিষ্টৰ অকাল মৃত্যুৱে শোকৰ ছাঁ পেলাইছে, ডিফুৰ সকলো সংবাদকৰ্মীৰ মাজত ৷ ভিডিঅ' জাৰ্ণেলিষ্ট কিৰণ বনিকৰ মৃত্যুৱে মৰ্মাহত কৰিছে সকলোকে ৷ প্ৰতিদিন টাইম নামৰ সংবাদ মাধ্যমত নিজৰ কৰ্মজীৱনৰ পাতনি মেলা ভিডিঅ' জাৰ্ণেলিষ্ট গৰাকী পৰৱৰ্তী সময়ত, আছাম টাইমছ প'ষ্ট নামৰ ডিজিটেল সংবাদ মাধ্যমৰ লগতে, ডি ৱাই ৩৬৫ত সহ-ভিডিঅ' জাৰ্ণেলিষ্ট হিচাপে কৰ্মৰত আছিল ৷ জানিব পৰা মতে যকৃতৰ ৰোগত আক্ৰান্ত হৈছিল কিৰণ বনিক ৷

প্ৰয়াত ভিডিঅ' জাৰ্ণেলিষ্ট কিৰণ বণিক
প্ৰয়াত ভিডিঅ' জাৰ্ণেলিষ্ট কিৰণ বণিক

যকৃতৰ জটিল ৰোগত আক্ৰান্ত হোৱা ভিডিঅ' জাৰ্ণেলিষ্ট গৰাকীক তিনিদিন পূৰ্বে ভৰ্তি কৰোৱা হৈছিল ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ কিন্তু অৱশেষত দেওবাৰে সন্ধিয়া চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ সোমবাৰে তেওঁৰ মৃতদেহ ডিফুৰ ধনশিৰিস্থিত নিজা বাসগৃহ অভিমুখে নিয়াৰ সময়তে, জিলা প্ৰেছ ক্লাৱৰ সদস্য সকলৰ লগতে, জ্যেষ্ঠ সাংবাদিক আৰু স্থানীয় লোকে তেওঁক শেষ শ্ৰদ্ধা নিবেদন কৰে ৷ আনহাতে পত্নী আৰু এটি কণমানি সন্তান থকা তেওঁৰ পৰিয়াললৈয়ো সমবেদনা জ্ঞাপন কৰে ৷

ডিফুৰ ভিডিঅ' জাৰ্ণেলিষ্ট কিৰণ বণিকৰ দেহাৱসান

লগতে পঢ়কঃ ককাক অমৰিশ পুৰীৰ পুৰণি স্মৃতি ৰোমন্থন বৰ্ধন পুৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.