ETV Bharat / state

Meeting of All Opposition Parties : ডিফুত ১৫ টা ৰাজনৈতিক দল, সামাজিক সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক

পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমা বিবাদকে ধৰি দুয়োখন জিলাৰ চাৰিটা জ্বলন্ত সমস্যাৰ ওপৰত ডিফুত ১৫টা ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক ৷ বিজেপি নেতৃত্বাধীন পৰিষদ আৰু অসম চৰকাৰে গ্ৰহণ কৰা চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা ৷

Meeting of All Opposition Parties
গুৰুত্বপূৰ্ণ বৈঠক
author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:51 PM IST

১৫টা ৰাজনৈতিক দল আৰু সামাজিক সংগঠনৰ গুৰুত্বপূৰ্ণ বৈঠক

ডিফু, ১৬ ছেপ্তেম্বৰ : পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমা বিবাদকে ধৰি দুয়োখন জিলাৰ চাৰিটা জ্বলন্ত সমস্যাৰ ওপৰত শনিবাৰে ডিফুত ১৫টা ৰাজনৈতিক দল আৰু সামাজিক সংগঠন এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ ডিফুস্থিত গাঁওবুঢ়া সন্থাৰ কাৰ্যালয়ত আঞ্চলিক ৰাজনৈতিক দল এএছডিছি, কংগ্ৰেছ, চিপিআই, (এমএল), আম আদমী পাৰ্টি, কাৰ্বি ছাত্ৰ সন্থাকে ধৰি ১৫ টা ৰাজনৈতিক দল-সংগঠনে বিজেপি নেতৃত্বাধীন পৰিষদ আৰু অসম চৰকাৰে গ্ৰহণ কৰা চাৰিটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷

আলোচনাৰ অন্তত প্ৰাক্তন মন্ত্ৰী হলিৰাম তেৰাঙে সভাৰ সিদ্ধান্তসমূহ ৰাজহুৱা কৰি কয় যে কাৰ্বি আংলং জিলা গঠনৰ সময়তো সীমাকলৈ কোনো বিবাদ নাছিল আৰু মেঘালয় ৰাজ্য গঠন হোৱাৰ সময়তো সীমাক‌ লৈ কাৰ্বি আংলঙৰ লগত কোনো বিবাদ নাছিল ৷ সীমান্তত বসবাস কৰা বিভিন্ন সম্প্ৰদায়ৰ মাজত বিশেষকৈ মেঘালয়বাসী আৰু কাৰ্বি আংলংবাসীৰ মাজত সৰু-সুৰা বিবাদ হয় যদিও সেয়া সীমা বিবাদ নহয় ৷ ইয়াক কেন্দ্ৰ কৰি অসম চৰকাৰে মন্ত্ৰী আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সদস্যক লৈ সীমা বিবাদ নিষ্পত্তিৰ বাবে সমিতি গঠন কৰি দিয়ে ৷

এই সিদ্ধান্তৰ আমি তীব্ৰ বিৰোধিতা কৰাৰ লগতে এই সমিতি ভাগ কৰাৰ লগতে ১৯৫১ চনৰ চাৰ্ভে অৱ ইণ্ডিয়াৰ ৰিপ'ৰ্ট অনুসৰি সীমান্ত বাহাল ৰখাৰ দাবী কৰে ৷ লগতে বোকাজান মহকুমাৰ অধীনৰ পৰিষদৰ বৰজান পৰিষদীয় সমষ্টিৰ অধীনৰ ১৮ হেজাৰ বিঘা ভূমিত বহুৱাবলৈ লোৱা‌ এহেজাৰ মেগাৱাট বিদ্যুৎ উৎপাদনক্ষম সৌৰশক্তি প্ৰকল্পৰো দল- সংগঠনসমূহে তীব্ৰ বিৰোধিতা কৰে ৷ আজিৰ আলোচনাত এইয়া কৃষি আৰু বসবাসৰ বাবে ব্যৱহৃত ভূমি আখ্যা দি‌ ইয়াৰ স্থানীয় কাৰ্বি লোকে গাঁও পাতি বাস কৰি আছে বুলি উল্লেখ কৰি এনে প্ৰকল্পই স্থানীয় জনসাধাৰণৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব বুলি সভাত সিদ্ধান্ত গ্ৰহণ কৰি‌ এই প্ৰকল্প স্থাপন হ'লে খিলঞ্জীয়া বহুলোক গৃহহীন হ'ব বুলি ইয়াৰ বিৰোধিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

আনহাতে, পশ্চিম কাৰ্বি আংলং জিলাত আন এটা বিধানসভা সমষ্টি গঠন হোৱাক আদৰণি জনোৱাৰ লগতে পৰিষদৰ দুৱাৰ আমলা সমষ্টিৰ ১৮ টা ভোট গ্ৰহণ কেন্দ্ৰ, বহা বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতা কৰি অতি শীঘ্ৰে এই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী কৰে ৷ ইফালে পৰিষদে জিলাখনৰ মাটিৰ খাজনা এহেজাৰ শতাংশ বৃদ্ধি কৰাৰো তীব্ৰ বিৰোধিতা কৰে আজিৰ সভাত ৷ তেৰাঙে কয় যে জিলাখনৰ ৯৫ শতাংশ জনতাই দৰিদ্ৰ ৷ অধিকাংশ লোকেই ক্ষুদ্ৰ খেতিয়ক অথবা দিন হাজিৰা কৰা ব্যক্তি ৷ এওঁলোকৰ ওপৰত এতিয়া পৰিষদে মাটিৰ খাজনা এহেজাৰ শতাংশ বৃদ্ধি কৰিছে ৷ একচনীয়া পট্টাৰ পৰা মাটি পট্টা কৰিবলৈ হ'লে লাখৰ ঘৰত চৰকাৰক ৰাজহ দিব লগা হ'ব ৷ যত দুয়োখন জিলাৰ সাধাৰণ জনতাই মাটিৰ খাজনা দিব নোৱাৰে তেনেস্থলত লাখ টকা দি মাটি পট্টা কেনেকৈ কৰিব বুলিও প্ৰশ্ন উত্থাপন কৰি এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ দাবী কৰে ৷ চৰকাৰে এই সিদ্ধান্তসমূহৰ ওপৰত উচিত বিবেচনা নকৰিলে পৰৱৰ্তী পৰ্যায়ত পুনৰ আলোচনা অনুযায়ী সিদ্ধান্ত গ্ৰহণৰ কথা উল্লেখ কৰে তেওঁলোকে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.