ETV Bharat / state

পশ্চিম কাৰ্বি আংলঙত প্ৰথম বাৰৰ বাবে উলহ- মালহেৰে পালন কৰা হ'ল কাৰ্বি স্বায়ত্ত পৰিষদৰ 68 সংখ্যক প্ৰতিষ্ঠা দিবস - প্ৰতিষ্ঠা দিবস

প্ৰথমবাৰৰ বাবে পশ্চিম কাৰ্বি আংলঙত উলহ- মালহেৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷  বিত্তমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰে ডংকামোকামৰ 25 কোটি টকীয়া স্পৰ্টচ কমপ্লেক্স ৷

পশ্চিম কাৰ্বি আংলঙত প্ৰথম বাৰৰ বাবে উলহ- মালহেৰে পালন কৰা হ'ল কাৰ্বি স্বায়ত্ত পৰিষদৰ 68 সংখ্যক প্ৰতিষ্ঠা দিবস
author img

By

Published : Jun 24, 2019, 6:48 AM IST

ডিফু, 24 জুন: প্ৰথমবাৰৰ বাবে গৌৰৱোজ্জল 68 সংখ্যক প্ৰতিষ্ঠা দিৱসটি দেওবাৰে দিনযোৰা বৰ্ণাধ্য কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত উদযাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে৷ প্ৰতিষ্ঠা দিৱসক লৈ ডংকামোকামৰ চাৰিওফালে সজাই- পৰাই তুলা পৰিলক্ষিত হৈছে ৷ প্ৰতিষ্ঠা দিৱসটিৰ কাৰ্যক্ৰমণিকা অনুসৰি ক্ৰমে, ডংকামোকাম টাউন এলেকাত আলংকাৰিক বৃক্ষ ৰোপন, ইয়াৰ পিছত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু গণ্য মান্য সকলে জিলাখনৰ প্ৰতিষ্ঠাপক তথা পিতৃ পুৰুষ প্ৰয়াত ছেমছনছিং ইংতি আৰু খৰছিং তেৰাঙ সোঁৱৰণি পাৰ্কত পিতৃ পুৰুষ দুয়োগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ লগে লগে পৰিষদৰ পতাকা উপযুক্ত মৰ্যদাৰে উত্তোলন কৰে কাৰ্বি স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে ৷ আনহাতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 25 কোটি টকা ব্যয় সাপেক্ষে ডংকামোকামৰ নতুন স্পৰ্টচ কমপ্লেক্সটোৰ শুভ উদ্ধোধন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছতে পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা, বিশেষ সম্মানীয় অতিথি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সন্মানীয় অতিথি ক্ৰমে, সাংসদ হৰেণ ছিং বে', বিধায়ক সকল ক্ৰমে জয়ৰাম ইংলেঙ, ডা: মানচিং ৰংপি, ডা: নোমল মমিন, বীৰভদ্ৰ হেগজেড় ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় ছুম ৰংহাং, আৰু পিযুষ হাজৰিকাকে ধৰি কেইবা গৰাকী ইএম আৰু এমএছি, কাৰ্বি পৰিষদৰ প্ৰধান সচিব মহাদানন্দ হাজৰিকা ৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মন্ত্ৰী ছুম ৰংহাঙে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ উন্নয়নৰ শলাগ লোৱাৰ বিপৰীতে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে প্ৰদান কৰা উন্নয়নৰ উদাৰ ভাষণেৰে স্বায়ত্ব শাসনৰ প্ৰসংগ উল্লেখ কৰি অসমৰ ভিতৰতে কাৰ্বি আংলঙক এখন পৃথক ৰাজ্য দাবীৰ কথা উনুকীয়াই ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ সন্মূখত ৷ অনুষ্ঠানটোত মুখ্য অতিথিৰ আসনত অলংকৃত কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ কথা উল্লেখ কৰাৰ লগতে পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন আৰু বৈৰেণ্য গায়ক ছন্দ্ৰ কান্ত টেৰাঙকি আদি কৰি স্বায়ত্ব শাসনৰ আন্দোলনত প্ৰাণ আহোতি দিয়া ব্যক্তি সকলক প্ৰশস্তি পত্ৰ সহ দহৰ পৰা পঁচিশ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰে ৷

Intro:প্ৰথমবাৰৰ বাবে পশ্চিম কাৰবি আংলঙত উলহ- মালহেৰে কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷
************************* বিত্তমন্ত্ৰী ডা: হিমন্ত বিশ্বশৰ্মাই উদ্ধোধন কৰিলে ডংকামোকামৰ ২৫ কোটি টকীয়া স্পৰ্টচ কমপ্লেক্স ৷

,ডিফু, ২৩ জুন:-পোণ প্ৰথমবাৰৰ বাবে কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদে ইয়াৰ গৌৰৱোজ্জল ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসটি আজি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে পশ্চিম কাৰবি আংলং জিলাৰ ডংকামোকামত উদযাপন কৰে৷ এইলৈ ডংকামোকামৰ চাৰিওফালে সজাই- পৰাই তুলা পৰিলক্ষিত হৈছে ৷প্ৰতিষ্ঠাদিৱসটিৰ কাৰ্যক্ৰমণিকা অনুসৰি ক্ৰমে, ডংকামোকাম টাউন এলেকাত আলংকাৰিক বৃক্ষ ৰোপন, ইয়াৰ পিছত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু গণ্য মান্য সকলে জিলাখনৰ প্ৰতিষ্ঠাপক তথা পিতৃ পুৰুষ প্ৰয়াত ছেমছনছিং ইংতি আৰু খৰছিং তেৰাঙ সোঁৱৰণি পাৰ্কত পিতৃ পুৰুষ দুয়োগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ লগে লগে পৰিষদৰ পতাকা উপযুক্ত মৰ্যদাৰে উত্তোলন কৰে কাৰবি স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে ৷ আনহাতে ৰাজ্য চৰকাৰৰ বিত্ত তথা প্ৰভাৱশালী মন্ত্ৰী ডা: হিমন্ত বিশ্বশৰ্মাই মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত আজি কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ২৫ কোটি টকা ব্যয় সাপেক্ষে ডংকামোকামৰ নতুন স্পৰ্টচ কমপ্লেক্সটোৰ শুভ উদ্ধোধন কৰে ৷ ইয়াৰ পিছতে ডংকামোকামত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ পৌৰুহিত্যত এখনি মুকলি সভা অনুষ্ঠিত হয় ৷ মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিত্ত মন্ত্ৰী ডা: হিমন্ত বিশ্ব শৰ্মা, বিশেষ সম্মানীয় অতিথি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ সন্মানীয় অতিথি ক্ৰমে,সাংসদ হৰেণ ছিং বে', বিধায়ক সকল ক্ৰমে জয়ৰাম ইংলেঙ, ডা: মানচিং ৰংপি, ডা: নোমল মমিন, বীৰভদ্ৰ হেগজেড় ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় ছুম ৰংহাঙঙ, আৰু পিযুষ হাজৰিকা কেইবাগৰাকী ইএম আৰু এমএছি সকল , কাৰবি পৰিষদৰ প্ৰধান সচিব মহাদানন্দ হাজৰিকা ৷ আনহাতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি ডংকামোকামত পোন প্ৰথম বাৰৰ বাবে উদযাপিত প্ৰতিষ্ঠাৰ দিৱসৰ বেনাৰত প্ৰত্যক্ষ নহ’ল কাৰ্বি আংলং জিলা পৰিষদৰ প্ৰতিষ্ঠাপক তথা জাতিৰ পিতা ৺চেমচন ছিং ইংতি আৰু জিলাখনৰ প্ৰথম জন মুখ্য কাৰ্যবাহী সদস্য ৺খৰ ছিং টেৰাং দেৱৰ নাম ৷ নাম নথকাকলৈ সচেতন মহলত সৰৱ চৰ্চাৰ বিষয় হৈ পৰিছে ৷ দিনৰ ১১:৩০ বজাত বিশেষ হেলিকপ্তাৰৰে অহা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পোনে পোনে আহি ২৫ কোটি টকাৰ চৰকাৰী পুঁজিৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা ডি এচ এ’ৰ ইনড’ৰ ষ্টেডিয়াম খন পৰিদৰ্শন কৰাৰ পাছত ষ্টেডিয়ামখনৰ শুভ উদ্ধোধন কৰে অসম চৰকাৰৰ বিত্ত আৰু গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ উদ্ধোধনীৰ পাছতেই মন্ত্ৰী গৰাকীয়ে পোনে পোনে কাৰ্বি স্বায়ত্ব পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ মঞ্চলৈ আগবাঢ়ে ৷ ইপিনে, দিনৰ দুপৰীয়া ১২ বজাত কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ উপাধ্যক্ষ ৰিটেছ ইংহিৰ সভাপতিত্ব অনুষ্ঠিত সভাত মুখ্য অতিথিৰ আসনত অলংকৃত কৰি মন্ত্ৰী শৰ্মাই ৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মন্ত্ৰী ছুম ৰংহাঙে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ উন্নয়নৰ শলাগ লোৱাৰ বিপৰীতে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে এক দলীয় মঞ্চত প্ৰদান কৰা উন্নয়নৰ উদাৰ ভাষণেৰে স্বায়ত্ব শাসনৰ প্ৰসংগ উল্লেখ কৰি অসমৰ ভিতৰতে কাৰ্বি আংলঙক এখন পৃথক ৰাজ্য দাবীৰ কথা উনুকীয়াই অসমৰ প্ৰতাপশালী মন্ত্ৰী সন্মূখত পূথক ৰাজ্যৰ দাবী উত্থাপন কৰে ৷ ইপিনে, মুখ্য অতিথিৰ আসনত অলংকৃত প্ৰতাপশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰায় ঘন্টাজোৰা উদাৰ ভাষণত পূৰ্বৰ ৰাজ্য চৰকাৰে পৰিষদক আৱল্টন দিয়া ২শ ৮০ কোটি পুঁজিৰ বিপৰীতে বিজেপি চৰকাৰ দিনত পৰিষদক চাৰি শ কোটি আবল্ট দিয়াৰ কথা উনুকীয়াই বিজেপি চৰকাৰে নিৰ্বিচনত প্ৰদান কৰা প্ৰতিশ্ৰুতি ৰক্ষাৰ্থে বছৰি অতিৰিক্ত পুঁজি এশ কোটি, জিলাখনৰ ২৬ টা সমষ্টিত একো একোখনকৈ মিনি ষ্টেডিয়ামৰ বাবে দহ কোটি, পিএমজিএচৱাইৰ বাবে বছৰি পাঁচ শ কোটি আবল্টন দিয়াৰ উপৰিও হোজাই, টুম্প্ৰেং, ডংকামোকাম নগৰ হৈ হামৰেণলৈ মিনি হাইৱেৰ কাম পাঁচ-ছয় মাহৰ ভিতৰত আঢ়ৈ শ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব বুলি উল্ল্েখ কৰি লংকা, খেৰণি হৈ জিৰিকিন্দেং পথৰ পকীকৰণ আৰু লংকা-উমৰাংছ বিধৱস্ত পথ মেৰামতিৰ বাবে পুঁজি আআবণ্টন দিয়াৰ কথা ঘোষণা কৰে ৷ তাৰোপৰি হামৰেণত দুশ বিছনাযুক্ত হাস্পাতালৰ কাম নিৰ্মাণৰ কথা উল্লেখ কৰি ডিফু মেডিকেল কলেজখন অহা তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰা কথা উনুকীয়াই অহা বছৰত এশ ছাত্ৰ-ছাত্ৰীয়ে ডিফু মেডিকেল কলেজত পঢ়া সুবিধা প্ৰদান কৰা হ’ব বুলিও মন্ত্ৰী শৰ্মাই দিয়া ভাষণত এইবোৰ নিৰ্বাচনি ভাষণৰ প্ৰতিশ্ৰুতি বুলি উল্লেখ কৰি কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ লগতে বৈৰেণ্য গায়ক ছন্দ্ৰ কান্ত টেৰাঙকি আদি কৰি স্বায়ত্ব শাসনৰ আন্দোলনত প্ৰাণ আহোতি দিয়া ব্যক্তি সকলক প্ৰশস্তি পত্ৰ সহ দহৰ পৰা পচিশ হাজাৰ টকাকৈ পুৰস্কৃত কৰে ৷

ছাইদুল ইছলাম,ডিফুBody:****************Conclusion:********************
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.